চৰাই মৰে ৰৈ, হাফীজ মৰে কৈ! ICCক পৰামৰ্শ দিবলৈ গৈ নিজ দেশৰ দুৰৱস্থা উদঙাই দিলে পাকিস্তান দলৰ প্ৰশিক্ষকে

চৰাই মৰে ৰৈ, হাফীজ মৰে কৈ! ICCক পৰামৰ্শ দিবলৈ গৈ নিজ দেশৰ দুৰৱস্থা উদঙাই দিলে পাকিস্তান দলৰ প্ৰশিক্ষকে

ICC
ICC
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

টেষ্ট ক্ৰিকেটৰ শেহতীয়া অৱস্থাই চিন্তিত কৰি তুলিছে সকলোকে। টি-২০ ক্ৰিকেটৰ বৰ্ধিত জনপ্ৰিয়তাই টেষ্ট ক্ৰিকেটৰ মাদকতা কমাই তোলা যেন পৰিলক্ষিত হৈছে। দুই/তিনিদিনতে শেষ হ’বলৈ লৈছে পাঁচদিনীয়া টেষ্ট মেচ। এনে সময়তে পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক মহম্মদ হাফীজে টেষ্ট ক্ৰিকেট সন্দৰ্ভত ICCক এক পৰামৰ্শ আগবঢ়াইছে। পৰামৰ্শ দিবলৈ গৈ কিন্তু হাফীজে নিজ দেশৰ ক্ৰিকেট বোৰ্ডৰ শোচনীয় অৱস্থাহে যেন উদঙাই দিছে।

বহু সময়ত বিভিন্ন মন্তব্য কৰি চৰ্চালৈ আহে পাকিস্তানৰ ক্ৰিকেটাৰসকল। এইবাৰ ICCক এক পৰামৰ্শ আগবঢ়াই চৰ্চালৈ আহিছে পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক মহম্মদ হাফীজ। হাফীজে টেষ্ট ক্ৰিকেটৰ বিপৰ্যয় সন্দৰ্ভত ICCক এক পৰামৰ্শ আগবঢ়ায়। টেষ্ট ক্ৰিকেটৰ বাবে ICCয়ে বিশ্বৰ ক্ৰিকেট বোৰ্ডসমূহক ভিন ভিন মেচ ফী প্ৰদান কৰে বুলি কয় হাফীজে। আৰু ইয়াৰ বাবেই এতিয়া দুখীয়া দেশৰ খেলুৱৈসকলে টি-২০ লীগৰ বাবে আগ্ৰহী হোৱা বুলি খেদ প্ৰকাশ কৰে। ইয়াৰ বাবেই টেষ্ট ক্ৰিকেটে জনপ্ৰিয়তা হেৰুওৱা বুলি অভিযোগ উত্থাপন কৰে মহম্মদ হাফীজে। টেষ্ট ক্ৰিকেটক উদ্ধাৰৰ কথা ক’বলৈ গৈ হাফীজে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ কথাও উদঙাই দিয়ে। কথা প্ৰসংগত হাফীজে পাকিস্তান ক্ৰিকেট বোৰ্ড দুখীয়া হোৱা বাবে খেলুৱৈসকলে টি-২০ লীগ খেলিবলৈহে আগ্ৰহী বুলি কয়।

হাফীজে কয় যে, ICCয়ে যেনেদৰে বিশ্বত টি-২০ ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে NOC প্ৰদান কৰে থিক তেনেদৰে টেষ্ট ক্ৰিকেট উদ্ধাৰৰ বাবে ক্ৰিকেট বোৰ্ডসমূহক এক উপযুক্ত মেচ ফী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে বিশ্বৰ সকলো টেষ্ট খেলুৱৈয়ে একে সমান মেচ ফী লাভ কৰিব। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় যে, বিশ্বৰ বহু দেশৰ ওচৰত পৰ্যাপ্ত সা-সুবিধা আছে যাৰ ফলত খেলুৱৈসকলে ভাল সুবিধা লাভ কৰে। কিন্তু এনে কিছুমান দেশ আছে যাৰ ওচৰত পৰ্যাপ্ত ধন নাথাকে। আৰু ইয়াৰ বাবেই সেই দেশৰ খেলুৱৈসকলে টি-২০ লীগ খেলিবলৈ অধিক আগ্ৰহী হয় যাৰ বাবে টেষ্ট ক্ৰিকেটে জনপ্ৰিয়তা হেৰুৱাইছে।

দক্ষিণ আফ্ৰিকাই নিউজীলেণ্ডৰ বিৰুদ্ধে অহা মাহত খেলিবলগীয়া টেষ্ট শৃংখলাৰ বাবে দ্বিতীয় শ্ৰেণীৰ এক টেষ্ট দল ঘোষণা কৰিছে। দলটোত এগৰাকী নতুন অধিনায়ক থকাৰ লগতে সাতগৰাকী খেলুৱৈৰ অভিষেক ঘটিব। এই কথাত ক্ৰোধিত হয় অষ্ট্ৰেলিয়াৰ প্ৰক্তন তাৰকা ক্ৰিকেটাৰ ষ্টিভ ৱ’ আৰু তেওঁ টেষ্ট ক্ৰিকেট ধ্বংস হ’বলৈ গৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *