ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

ইমৰাণৰ সৈতে এইবাৰ পত্নীও… জীৱনৰ বাকীছোৱা কাল জে’লতেই পাৰ হ’ব নেকি ইমৰাণ আৰু পত্নীৰ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বাকী জীৱন জে’লতেই কটাব লাগিব ইমৰাণ খানে! এটাৰ পাছত আনটো গোচৰত শাস্তি পাইছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে। মঙলবাৰে দেশৰ গোপনীয় কূটনৈতিক তথ্য ফাঁচ কৰাৰ গোচৰত ১০ বছৰ জে’ল হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। বুধবাৰে পুনৰ তোশখানা গোচৰতো দোষী সাব্যস্ত হৈছে ইমৰাণ খান। ইমৰাণ খান আৰু তেওঁৰ পত্নীক ১৪ বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। মঙলবাৰে পাকিস্তানৰ এখন বিশেষ আদালতে ছাইফাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু পাকিস্তানৰ প্ৰাক্তন বিদেশমন্ত্ৰী শ্বাহ মাহমুদ কুৱেছিক ১০ বছৰৰ কাৰাদণ্ড বিহিছে। তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল, গোপন কূটনৈতিক তথ্য ফাঁচ কৰি পেলাইছে। গোপন কূটনৈতিক তথ্যকেই ছাইফাৰ বুলি কোৱা হয়।

২০২২ চনৰ মাৰ্চ মাহত পাকিস্তানৰ দূতবাসৰ পৰা ৱাছিংটনলৈ পঠিওৱা হৈছিল ছাইফাৰ। অভিযোগমতে, ইমৰাণ খানে সেই কূটনৈতিক তথ্য হেৰুৱাই পেলাইছিল। সেই শাস্তিৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আকৌ এবাৰ ইমৰাণ খানক বিহা হৈছে শাস্তি। এইবাৰ তোশখানা গোচৰত ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশ্ৰা বিবিক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ইমৰাণ খানে পত্নী বুশ্ৰা বিবিক যিসমূহ দামী উপহাৰ দিছিল সকলোবোৰ পৰবৰ্তীসময়ত বিক্ৰিও কৰি দিয়ে বুশ্ৰা বিবিয়ে। এয়া আইন বিৰুদ্ধ কাম। সেই গোচৰতেই আকৌ শাস্তি বিহা হৈছে ইমৰাণ খানক। আগন্তুক সপ্তাহতেই পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। ইয়াৰ পূৰ্বে ইমৰাণ খানৰ ১৪ বছৰৰ শাস্তি তেওঁ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ বাবে ডাঙৰ এক ধাক্কা। এই ৰায় ঘোষণাৰ পাছতেই পিটিআইৰ মুখপাত্ৰই কয়, ‘বিচাৰ ব্যৱস্থাৰ ইতিহাসত আৰু এটি দুখঃজনক দিন।’

বিগত আগষ্ট মাহত গ্ৰেপ্তাৰ হৈছিল ইমৰাণ খান। তাৰপিছতেই জামিনত এবাৰ মুক্তি পাইছিল যদিও তেওঁ কাৰাগাৰতেই আছিল। এইবাৰ দিয়া শাস্তি নতুনকৈ লাঘূ হ’ব নে পূৰ্বে তেওঁ লাভ কৰা শাস্তিৰ সৈতে সংযুক্ত হ’ব সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। ইমৰাণ খানৰ অধিবক্তাই জনোৱা অনুসৰি, বৰ্তমান পৰ্যন্ত বুশ্ৰা বিবিক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *