মান-সন্মান ৰক্ষা কৰাত এইবাৰো বিফল বাবৰ বাহিনী! ১৯৯২ৰ মেলবৰ্ণৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান

মান-সন্মান ৰক্ষা কৰাত এইবাৰো বিফল বাবৰ বাহিনী! ১৯৯২ৰ মেলবৰ্ণৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৯৯২ চনত মেলবৰ্ণত মহম্মদ আজহাৰউদ্দিনৰ দলৰ হাতত ধৰি আৰম্ভ হৈছে ইতিহাসৰ লেখা। ২০২৩চনৰ ১৪ অক্টোবৰত সেই ইতিহাসত অষ্টম অধ্যায় যোগ দিলে ৰোহিত শৰ্মাই। বিশ্বকাপত আকৌ এবাৰ ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান। পাকিস্তানে ইনিংছ সামৰিছিল ১৯১ ৰানত। ভাৰতে পাকিস্তানক প্ৰত্তুত্ত্যৰ দিলে ৩০.৩ অভাৰত ৩ উইকেটত ১৯২ ৰান কৰি।

ৰোহিতে এইবাৰ ৭ উইকেট ল’বলৈ সক্ষম হৈছে। প্রথম বেট ধৰি পাকিস্তানে ভাৰতক টাৰ্গেট দিয়ে ১৯২ ৰানৰ। জয়ৰ বাবে সহজ লক্ষ্য পায় আগ্ৰাসী মেজাজেৰেই বেটিং আৰম্ভ কৰে টিম ব্লুয়ে। শ্বাহিন শ্বাহ আফ্ৰিদিৰ বলত প্ৰথমেই বাউণ্ডেৰী কোবাই ৰোহিত শৰ্মাই। শৰ্মাক দেখি উৎসাহী হৈ উঠে বিশ্বকাপত অভিষেক ঘটা শুভমন গীলে। শুভমনে বেছি ৰান ল’ব নোৱাৰিলেও ১১ বলত ১৬ ৰানৰ ইনিংছত ডেংগুৰ দুৰ্বলতাৰ চাপ কিন্তু মুঠেও দেখা নগ’ল। শ্বাহিনৰ বলতেই আউট হয় শুভমন। উইকেটৰ অন্য প্ৰান্তত ৰোহিতে কিন্তু শক্তিশালী ৰূপত খেল দেখুৱালে। ৰোহিতে ৬টা বাউণ্ডেৰী, ৬টা ছিক্স কোবাই সকলোৰে দৃষ্টি কাঢ়িছে। বিৰাটে অৱশ্যে বৰ বেছি ৰান কৰিবলৈ সক্ষম নহ’ল। বিৰাটৰ পাছতেই বেটিং কৰে শ্ৰেয়ছ আয়াৰে। শ্ৰেয়ছে খেলিলে ৬২বলত ৫৩ ৰানৰ অপৰাজিত ইনিংছ। শ্ৰেয়ছেও ৩টা বাউণ্ডেৰী আৰু ২টা ছিক্স কোবাইছে। শেষত লোকেশ ৰাহুলও অপৰাজিত ১৮ৰান ল’বলৈ সক্ষম হয়।

টছত জিকি পাকিস্তানক প্ৰথম মেট ধৰিবলৈ আহ্বান জনাই ৰোহিতে। বাবৰৰ দলে ইনিংছৰ আৰম্ভণি ভালধৰণেই কৰিছিল। কিন্তু শেষ অত্যন্ত সাধাৰণভাৱে হয় পাক দলৰ। ৩৬ ৰানত শেষত ৮ উইকেট হেৰুৱাই পাক দলে। বাবৰ আৰু মহম্মদ ৰিজোৱানে মিলি কৰিছে ৯৯ ৰান। পাকিস্তানৰ বাকী ৯জন বেটাৰৰ অৱদান ৯২ ৰান। ৪২.৫ অভাৰত পাকিস্তানৰ ইনিংছ শেষ হ’ল ১৯১ ৰানত। ফলত বাবৰৰ ৰেকৰ্ড ভঙাৰ স্বপ্ন আধা হৈ থাকিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। ভাৰতে ৩ উইকেটতেই জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে ভাৰতে। দুইগৰাকী অপেনাৰ আব্দুল্লাহ শ্বফিক আৰু ইমাম উল হকে আগ্ৰাসী মেজাজত খেল আৰম্ভ কৰে। ৰানৰ বাবে তেওঁলোকে বাচি লৈছিল মহম্মদ ছিৰাজক। তাত অৱশ্যে বিশেষ ক্ষতি নহ’ল। কাৰণ কোনোৱে বিশেষ ৰান ল’ব নোৱাৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *