খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?

খাদ্যৰ বাবে জনতাৰ হাহাকাৰ, চৰম আৰ্থিক সংকটৰ মাজত যুদ্ধজাহাজ কিনিছে পাকিস্তানে, কৰ পৰা, কোনে দিছে টকা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আৰ্থিক সংকটত ভূগি আছে পাকিস্তান৷ নতুন চৰকাৰ গঠনৰ পাছতো এই ছবিৰ সলনি হোৱা নাই৷ মানুহে খাবলৈ পোৱা নাই৷ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম পাকিস্তানত আকাশলংঘী৷ শ্বাহবাজ ছৰিফৰ মূৰৰ ওপৰত আছে বিপুল পৰিমাণৰ ঋণৰ বোজা৷ কিন্তু চৰকাৰৰ এই বিষয়টোক লৈ কোনো চিন্তাই নাই তাৰ সলনি আৰ্থিক সংকটৰ মাজতেই সামৰিক শক্তি ক্ৰমাগতভাৱে বৃদ্ধি কৰাত লাগিছে পাকিস্তান৷

চীনৰ সৈতে পাকিস্তানৰ সম্পৰ্ক বহু পুৰণি৷ চীনৰ পৰাই সাধাৰণতে অস্ত্ৰ ক্ৰয় কৰে পাকিস্তানে৷ ২০২৩ চনত প্ৰকাশিত এক ৰিপৰ্টত দাবী কৰা হৈছিল যে চীনে প্ৰভাৱ বিস্তাৰ কৰা দেশৰ ৮২ খনৰ ভিতৰত শীৰ্ষত আছে পাকিস্তান৷ পাকিস্তানৰ প্ৰযুক্তি, বিদেশনীতি আৰু সামৰিক ক্ষেত্ৰত চীনৰ প্ৰভাৱ বেছি৷ চীন আৰু পাকিস্তানৰ মাজত সামৰিক অংশীদাৰীত্ব বিগত এক দশক ধৰি উল্লেখনীয় হাৰত বৃদ্ধি পাইছে৷

ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্ছ ইনষ্টিটিউটৰ এক প্ৰতিবেদনে দাবী কৰিছে যে ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত পাকিস্তানে যি অস্ত্ৰ আমদানি কৰিছে তাৰ ৮২ শতাংশই চীনৰ পৰা আমদানিকৃত৷ যুদ্ধবিমান, যুদ্ধজাহাজ, ক্ষেপণাস্ত্ৰ প্ৰযুক্তি, ড্ৰোণ, ছাবমেৰিন সকলোবোৰ চীনৰ পৰাই ক্ৰয় কৰিছে পাকিস্তানে বুলি দাবী কৰিছে সেই বিশেষ প্ৰতিবেদনে৷ পাকিস্তানৰ সামৰিক শক্তিক শক্তিশালী কৰাত চীনৰ অৱদানক লৈ আলোচনা কৰা হৈছে সেই বিশেষ প্ৰতিবেদনত৷

পাকিস্তানক সামৰিক সাহায্য আগবঢ়াই ভাৰত, আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু পশ্চিমি শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ চীনে ৰণকৌশল প্ৰস্তুত কৰি আছে বুলি প্ৰকাশ কৰিছে একাংশই৷ বিগত এক দশকত বেইজিঙে সেই নীতি অৱলম্বন কৰি বিশ্বৰ অন্য দেশসমূহৰ ওচৰত নিজকে জাহিৰো কৰিছে৷ ২০১৫ চনত চীনৰ প্ৰেছিডেণ্ট ছি জিনপিঙে পাকিস্তানলৈ যাত্ৰা কৰিছিল৷ সেই সময়তে পাকিস্তানৰ নৌশক্তি বৃদ্ধিক লৈ আলোচনা হয় দুই দেশৰ মাজত৷ পাকিস্তানে ৮খন ডুবাৰুজাহাজ নিৰ্মাণৰ বাবে এক চুক্তিও স্বাক্ষৰ কৰিছিল চীনৰ সৈতে৷

কেৱল ডুবাৰুজাহাজেই নহয়, সামৰিক শক্তি বৃদ্ধিতো চীনৰ সহায় লৈছে পাকিস্তানে৷ আৰ্থিক সমস্যাত ভূগি থকা পাক চৰকাৰে উল্লেখযোগ্যভাৱে সামৰিক শক্তি বৃদ্ধি কৰিছে৷ ভাৰত-পাক সীমান্তত শক্তি বৃদ্ধি কৰিবলৈকে সামৰিক বাহিনীক উন্নত কৰাত লাগিছে পাক চৰকাৰ৷ ইছলামাবাদৰ গাদীত বহি দেশৰ অৰ্থনৈতিক সমস্যা সমাধান কৰাতকৈ এইবোৰ কামতহে ব্যস্ত হৈ আছে পাক চৰকাৰ৷

২০২২ চনত হঠাৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল পাকিস্তান৷ বিগত দুবছৰ ধৰি মূল্যবৃদ্ধিৰ বাবে নাজল-নাথল অৱস্থা পাক নাগৰিকৰ৷ খাদ্যক লৈ সেই দেশৰ মানুহে ৰাস্তাত মাৰপিট কৰাৰ দৃশ্যও মাজে মাজে দেখা গৈছে সামাজিকমাধ্যমত৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম কমাৰ নামেই লোৱা নাই পাকিস্তানে৷ ক্ৰমাগত দ্ৰব্যমূল্য বৃদ্ধিত পাকিস্তানৰ আমজনতা অতিষ্ঠ হৈ পৰিছে৷ আৰ্থিক সংকটে তেওঁলোকক জুৰুলা কৰিছে৷ ২০২৩ চনত মূল্যবৃদ্ধিৰ হাৰ হৈছেগৈ ৩৮শতাংশ৷ চৰকাৰী তথ্যই জনোৱা অনুসৰি পাকিস্তানত বিলাহীৰ দাম প্ৰতি কিঃগ্ৰাঃত ১৮৮ টকা, পিঁয়াজ প্ৰতি কিঃগ্ৰাঃ ৮৪ টকা,আটা-ময়দাৰ দামো তেনেকৈ আকাশলংঘী পাকিস্তানত৷

কিন্তু কিয় এই অৱস্থা হ’ল পাকিস্তানৰ অৰ্থনীতিৰ? বিশেষজ্ঞসকলৰ মতে পাকিস্তানৰ ওপৰত বিপুল ঋণৰ বোজা থকাটোৱেই এই পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আন্তৰ্জাতিক মুদ্ৰা ভাণ্ডাৰে পাকিস্তানক ঋণ দিয়াৰ ক্ষেত্ৰত এতিয়া কিছু চৰ্ত বান্ধি দিছে৷ আই এমএফৰ চৰ্তৰ কাৰণে পাকিস্তান চৰকাৰ সংকটত পৰিছে৷ যাৰ ফলত খাদ্যসামগ্ৰীৰ পৰা মৌলিক চাহিদালৈকে সকলোবোৰেই ব্যয়বহুল হৈ উঠিছে পাকিস্তানত৷ বিগত বৰ্ষত হোৱা ভয়াৱহ বানো মুল্যবৃদ্ধি ৰোধত হেঙাৰ হৈছে৷

 

 

 

 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *