৫০ যাত্ৰীসহ নদীৰ মাজতে ডুব গ’ল নাও, বৰ্তমানলৈ ৭ জন নিহত

৫০ যাত্ৰীসহ নদীৰ মাজতে ডুব গ’ল নাও, বৰ্তমানলৈ ৭ জন নিহত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

৫০ যাত্ৰীসহ নদীৰ মাজতে ডুব গ’ল নাও, বৰ্তমানলৈ ৭ জন নিহত

পুৱাই আহিছে এক শীহৰণকাৰী ঘটনাৰ খবৰ। নদীৰ মাজভাগত ৫০ যাত্ৰী সহ ডুব যায় এখন নাও। যি ঘটনাৰ ফলত বৰ্তমানলৈ মৃত্যুৰ সংখ্যা ৭ গৰাকী বুলি জানিব পৰা গৈছে।

এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উৰিষ্যাত। উৰিষ্যাৰ ঝাৰশুগুৰাত মহানদী নদীত নাও ডুব যোৱাৰ ফলতে এই ঘটনা সংঘটিত হয়। যাৰ ফলতে ডুব যায় ৫০ যাত্ৰী।

তাৰেই মাজৰ কিছু যাত্ৰীয়ে কোনোমতে নদী সাঁতুৰি পাৰ হৈ নিজৰ নিজৰ প্ৰাণ ৰক্ষা কৰে। কিছুমানক নিকট মাছুৱৈয়ে উদ্ধৰ কৰে। কিন্তু ৭গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাই। তাৰ মাজত আছে ৩ টা শিশু। আনহাতে বৰ্তমানেও সন্ধানহীন আন এজন লোক। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দৰে।

ঘটনাৰ পাছতে ৰাজ্যখনৰ মুখ্যন্ত্ৰী নবীন পাটনায়কে মৃতকৰ পৰিয়াললৈ গাইপতি ৪ লাখকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নাওত অহা ৫০ লোক উৰিষ্যাৰ চুবুৰিয়া ৰাজ্য চত্তীশগড়ৰ আছিল। সেই সকলে উৰিষ্যাৰ বাৰগড় জিলাৰ পথৰচেনী কুণ্ডাৰ মন্দিৰ দৰ্শন কৰি উভতি গৈ আছিল, সেই সময়তে সংঘটিত হয় ঘটনাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *