মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

মিছাইলৰ বৰষুণ, চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ! ৪৫০ বছৰ পূৰ্বেই নষ্ট্ৰাডামুছে কৈ গৈছিল ভাতৃঘাতী যুঁজৰ কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতেই ইজৰাইলেই লেথাৰিকৈ প্ৰত্তুত্ত্যৰ দি আছে হামাছক। ইজৰাইলৰ এই আক্ৰমণৰ পাছতেই সকলোতে এতিয়া নষ্ট্ৰাডামুছৰ এক ভৱিষ্যতবাণীৰ ওপৰত চৰ্চা চলিছে। ২০২৩ চনক লৈ নষ্ট্ৰাডামুছে কৰা ভৱিষ্যতবাণী এইবাৰ সঁচা প্ৰমাণিত হৈছে। ফৰাচী ভৱিষ্যতদ্ৰষ্টা নষ্ট্ৰাডামুছে তেওঁৰ লেছ প্ৰফেটিছ নামৰ গ্ৰন্থত ৩৯৯৭টা ভৱিষ্যতবাণী লিখি থৈ গৈছে। তেওঁ কৰা প্ৰতিটো ভৱিষ্যতবাণীয়েই সত্যও প্ৰমাণিত হৈছে। বিশেষজ্ঞসকলৰ দাবী যে নষ্ট্ৰাডামুছে কৰা ভৱিষ্যতবাণীৰ ৪০০ৰো অধিক এতিয়ালৈকে সঁচা প্ৰমাণিত হৈছে।

নষ্ট্ৰাডামুছে ২০২৩ চনক লৈ ভৱিষ্যতবাণী কৰিছিল যে এই বৰ্ষত তৃতীয় বিশ্বযুদ্ধ চলিব। হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতেই ইজৰাইলেও হামাছক প্ৰত্তুত্ত্যৰ দিছে। ইজৰাইলৰ পক্ষত আছে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ। ইপিনে হামাছো এলাপেছা নহয়। হামাছৰ পক্ষতো আছে ভালেকেইখন দেশ। এই আকস্মিক যুদ্ধক লৈ বহুজন আচৰিতো হৈছে। ইজৰাইলৰ প্রধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৰা যুদ্ধ ঘোষণাক লৈ বিশ্বজুৰি চলিছে চৰ্চা। নেতানিয়াহুৱে এক্স হেণ্ডেলত লিখিছে, ‘এই দেশৰ জনতাৰ শান্তিৰ স্বাৰ্থত মই হামাছৰ মূল ঘাটি গাজা শেষ কৰি দিম। হামাছক আক্ৰমণৰ প্ৰত্তুত্তৰ দিম। কোনো এটাই হাৰি যাব নোৱাৰিব। হামাছক উচিত প্ৰত্তুত্তৰ দিবলৈ আমি যিকোনো কামেই কৰিব পাৰো। আমি যুদ্ধ আৰম্ভ কৰিছো।’ গাজাত এতিয়া মিছাইলৰ বৰষুণ। চৌদিশে ক’লা ধোঁৱা, বতাহত বাৰুদৰ গোন্ধ। জেৰুজালেমৰ পৰা ইজৰাইল সকলোতে বাজি আছে জৰুৰীকালিন চাইৰেণ। ইফালে ইজৰাইলেই নহয়। হামাছক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাইয়ো সন্ত্ৰাসবাদী সংগঠন বুলি স্বীকৃতি দিছে।

নষ্ট্ৰাডামুছে ৪৫০ বছৰ পূৰ্বেই কৰিছিল এই ভৱিষ্যতবাণী

ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগে ফৰাচী দাৰ্শনিক নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীৰ কথা সকলোৱে জনাইছে। ২০২৩ চনৰ বাবে নষ্ট্ৰাডামুছে কৰা ভৱিষ্যতবাণী অনুসৰি, ‘২৩ চনত এক ডাঙৰ যুদ্ধ হ’ব।’ ৪৫০ বছৰ আগতে মুকলি কৰা নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীমূলক কিতাপখনত লিখা হৈছিল যে কেইবামাহ ধৰি এই যুদ্ধ চলিব। অৱশ্যে, সৰহসংখ্যক লোকেই নষ্ট্ৰাডামুছৰ এই ভৱিষ্যতবাণীক ৰুছ-ইউক্ৰেইন যুদ্ধৰ সৈতে সংযুক্ত বুলি ধাৰণা কৰিছিল। কিন্তু তেওঁৰ ভৱিষ্যতবাণী ইজৰাইল-হামাছ যুদ্ধৰ সৈতেহে বেছিকৈ মিল থকা বুলি জনাইছে প্ৰায়সংখ্যক লোকেই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *