আজিৰে পৰা আৰম্ভ মনোনয়ন দাখিলৰ পৰ্ব- সৰ্বানন্দ-লুৰীণ-গৌৰৱ..তালিকাত আৰু আছে কোন কোন !

আজিৰে পৰা আৰম্ভ মনোনয়ন দাখিলৰ পৰ্ব- সৰ্বানন্দ-লুৰীণ-গৌৰৱ..তালিকাত আৰু আছে কোন কোন !

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আজিৰে পৰা আৰম্ভ মনোনয়ন দাখিলৰ পৰ্ব- সৰ্বানন্দ-লুৰীণ-গৌৰৱ..তালিকাত আৰু আছে কোন কোন !

লোকসভাৰ নিৰ্বাচনৰ বাবে আজি কেইবাগৰাকীও প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয় পত্ৰ। আজি মনোনয়ন পত্ৰ দাখিল কৰোতা সকলৰ ভিতৰত সকলোতকৈ হাইপ্ৰ’ফাইল প্ৰাৰ্থী হৈছে বিজেপিৰ সৰ্বানন্দ সোণোৱাল।

তাৰ বিপৰীতে আছে অসম জাতীয় পৰিষদৰ লুৰীণ জ্যোতি গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ। তাৰোপৰি আছে আৰু অন্য কেইবাগৰাকী প্ৰাৰ্থী।

মনোনয়ন দাখিলৰ বাবে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উলিয়াব বিশাল ৰেলী। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত সৰ্বানন্দক সংগ দিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ। সৰ্বানন্দ সোণোৱালক মিত্ৰদলৰ শীৰ্ষ নেতৃত্বও সংগ দিব। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি সৰ্বানন্দৰ বিপৰীতে নিৰ্বাচনত নমা অজাপৰ লুৰীণ জ্যোতি গগৈয়েও দাখিল কৰিব মনোনয়ন।

আনহাতে যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে মনোনয়ন দাখিল কৰিব। গৌৰৱক সংগ দিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ভাস্কৰ বৰুৱা সব অন্যান্য দলীয় কৰ্মী।

বিজেপিৰ কেইবাগৰাকী হাইপ্ৰ’ফাইল প্ৰাৰ্থীয়ে আজি দাখিল কৰিব মনোনয়ন পত্ৰ। তাৰে ভিতৰত লক্ষিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱা। কাজিৰঙাত কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীয়ে দাখিল কৰিব মনোনয়ন।

কাইলৈ তিনি সমষ্টিৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন। তেজপুৰ, কাজিৰঙা, যোৰহাট। কাইলৈ যোৰহাটত তপন কুমাৰ গগৈয়ে মনোনয়ন দাখিল কৰিব। শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তইয়ো। গোলাঘাটত কামাখ্যা প্ৰসাদ তাছাই দাখিল কৰিব মনোনয়ন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *