আজি কোনে কোনে দাখিল কৰিব মনোনয়ন, যোৰহাটৰ বিজেপি প্ৰাৰ্থীক সংগ দিব মুখ্যমন্ত্ৰীয়ে

আজি কোনে কোনে দাখিল কৰিব মনোনয়ন, যোৰহাটৰ বিজেপি প্ৰাৰ্থীক সংগ দিব মুখ্যমন্ত্ৰীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আজি কোনে কোনে দাখিল কৰিব মনোনয়ন, যোৰহাটৰ বিজেপি প্ৰাৰ্থীক সংগ দিব মুখ্যমন্ত্ৰীয়ে

কালিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে মনোনয়ন দাখিলৰ পৰ্ব। কালি হাইপ্ৰফাইল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰীণ জ্যোতি গগৈ আদিয়ে মনোনয়ন দাখিলৰ পাছত আজি ২৭ মাৰ্চ বুধবাৰে উজনি অসমৰ সমষ্টিৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন।

১৯ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে এই মনোনয়ন দাখিলৰ পৰ্ব। আজি বিজেপি, কংগ্ৰেছৰ লগতে অন্য দলৰো প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন।

এই ক্ষেত্ৰত আজিৰ হাইপ্ৰফাইল প্ৰাৰ্থী হৈছে বিজেপিৰ তপন কুমাৰ গগৈ। যোৰহাট সমষ্টিৰ তপন কুমাৰ গগৈয়ে আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ। গগৈক আজি সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য মন্ত্ৰী তথা জ্যেষ্ঠ নেতা আৰু দলীয় কৰ্মীয়ে।

যোৰহাট সমষ্টিৰ তপন কুমাৰ গগৈৰ বিৰুদ্ধে থিয় দিছে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কালিতেই নিজৰ মনোনয়ন দাখিল কৰে।

আনহাতে আজি তিনি সমষ্টিৰ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন। যোৰহাটৰ লগতে শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু গোলাঘাটত কামাখ্যা প্ৰসাদ তাছাই দাখিল কৰিব মনোনয়ন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *