ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জুইৰ আৱিষ্কাৰে উল্লেখযোগ্যভাৱে সলনি কৰিছিল মানৱ সভ্যতাৰ ইতিহাশ। উত্তাপৰ ওপৰিও জুইৰ পোহৰেই মানুহক নিশাৰ ভাগত পোহৰৰ সন্ধান দিছিল। সেই আলোকেৰেই পোহৰাই তুলিছিল অন্ধকাৰ সময়ক। আলোক অৰ্থাৎ পোহৰ সম্বন্ধীয় গৱেষণাৰ বাবে মঙলবাৰে পদাৰ্থবিজ্ঞানত নোবেল বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে। ২০২৩ বৰ্ষত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছে যৌথভাৱে তিনিগৰাকী বিজ্ঞানীয়ে। দুই ফৰাছী বিজ্ঞানী পিয়েৰ আগোস্তিনি, এন লহুইলিয়াৰ আৰু হাঙ্গেৰিয়ান অষ্ট্ৰিয়ান বিজ্ঞানী ফেৰেঙ্ক ক্ৰাউছে লাভ কৰিছে নোবেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ তৰফৰ পৰা জনোৱা অনুসৰি আলোক অৰ্থাৎ পোহৰক লৈয়েই এই তিনি বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা চলাই আছে। এই গৱেষণাই মানৱজাতিক পৰমাণু আৰু অনুৰ ভিতৰৰ ইলেক্ট্ৰ্ন জগতক অন্বেষণ কৰাৰ বাবে সহায় কৰিব।

নোবেল কমিটিয়ে জনোৱা অনুসৰি, ‘বিজ্ঞানীকেইজনে পৰীক্ষা-নিৰীক্ষা চলাই পদাৰ্থৰ ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ অটছেকেণ্ড স্পন্দন তৈয়াৰ কৰিছে। পিয়েৰ আগোস্তিনি,ফেৰেঙ্ক ক্ৰাওছ আৰু এন লহুইলিয়াৰে পোহৰৰ অত্যন্ত সংক্ষিপ্ত স্পন্দন তৈয়াৰ কৰাৰ এক উপায় উলিওৱাৰ পৰিকল্পনা কৰিছে। য’ত ইলেক্ট্ৰনসমূহে চলাচল কৰিব পাৰে। শক্তিৰ পৰিবৰ্তন কৰিব পাৰে। যি প্ৰক্ৰিয়াই দ্ৰুতগতিৰ প্ৰক্ৰিয়াসমূহৰ পৰিমাপত সহায় কৰিব।

১৯৮৭ত এন লহুইলিয়াৰে দেখুওৱাইছিল যে কোনো নবেল গেছৰ মাজেৰে ইনফ্ৰাৰেড লেজাৰ পাৰ হৈ যোৱাৰ সময়ত বিভিন্ন অভাৰটন তৈয়াৰ হয়। হুইলিয়াৰে এই পৰীক্ষাত গেছৰ পৰমাণুৰ সৈতে লেজাৰ ৰশ্মিৰ মিথস্ক্ৰিয়াৰ ফলত এটা ৰশ্মি তৰংগ তৈয়াৰ হয়। লেজাৰ তৰংগই ইলেক্ট্ৰনক অতিৰিক্ত শক্তি প্ৰদান কৰে। সেই শক্তিয়েই পোহৰ হিচাপে প্ৰকাশ পায়। ২০০১ চনত পিয়েৰ আগোস্তিনিয়ে মাত্ৰ ২৫০ অট’ছেকেণ্ডৰ ভিতৰত কেনেকৈ লাইট পালচ তৈয়াৰ কৰিব পাৰিব সেই বিষয়ৰ ওপৰতেই গৱেষণা চলাইছে। পদাৰ্থবিজ্ঞানৰ নবেল কমিটিৰ চেয়াৰমেন ইভা ওলছেনে কয়, ‘আমাৰ সন্মুখত এখন ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি গৈছে। অট’ছেকেণ্ডে পদাৰ্থবিদ্যাত ইলেক্ট্ৰন নিয়ন্ত্ৰিত প্ৰক্ৰিয়াসমূহ বুজাৰ সুযোগ দিব।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *