‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

‘সন্ত্ৰাসবাদী সংগঠনক আমি ঠাই নিদিও!’ হামাছক সমৰ্থন কৰিলেই ডিলিট হ’ব আপোনাৰ এক্স হেণ্ডেলত থকা একাউন্ট

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হামাছপন্থীসকলৰ একাউণ্ট ডিলিট কৰিছে এলন মাস্কে৷ এক্সৰ মালিক এলন মাস্কে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ বিবৃতি৷ বিবৃতিত এলন মাস্কে কয়, ‘সন্ত্ৰাসবাদী সংগঠনক এক্স হেণ্ডেলত আমি ঠাই নিদিও৷’ এই বিবৃতিৰ পাছতেই আৰম্ভ এক্সনো৷ এটা এটাকৈ ডিলিট হৈছে এক্স হেণ্ডেলত হামাছক চাপৰ্ট কৰা কেইবাশ একাউণ্ট৷ এক্স হেণ্ডেলৰ শীৰ্ষ পদাধিকাৰী লিণ্ডা ইয়াকেৰিনোয়ে তেওঁৰ সামাজিক মাধ্যমত লিখিছে, ‘কঠিন পৰিস্থিতিত জনগণৰ মাজত বাৰ্তালাপৰ মাধ্যম হিচাপে এক্স হেণ্ডেলক সকলোৱেই ব্যৱহাৰ কৰিব পাৰিব৷ কিন্তু অবৈধ কাৰ্যকলাপ ইয়াত চলাব নোৱাৰিব৷ সকলো ইউজাৰকাৰীয়েই এই ক্ষেত্ৰত সতৰ্ক হওক৷’

ইয়াৰোপৰি তেওঁ লিখিছে, ‘এক্স সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদীসকলৰ ঠাই নহয়৷ সেয়ে আমি তেনে সন্ত্ৰাসবাদীসকলক চাপৰ্ট কৰি পোষ্ট লিখা সকলো একাউণ্ট ডিলিট কৰিছো৷’ ইজৰাইল-হামাছৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ইউৰোপীয়ান ইউনিয়নৰ মুখ্য সদস্য থিয়েৰি ব্ৰেটনে এক্স কৰ্তা মাস্কক ভুৱা তথ্যৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ বাবে আৱেদন জনাইছিল৷ ২৪ ঘণ্টাৰ ভিতৰতেই এক্সন ল’বৰ বাবে আবেদন জনাইছিল ইউৰোপীয়ান ইউনিয়ন৷ তাৰপাছতেই হামাছপন্থী একাউণ্ট ডিলিট কৰিছে টুইটাৰে৷ বিশ্বৰ বৃহৎ এক অংশই পেলেষ্টানীয় সন্ত্ৰাসবাদী গোট হামাছক সমৰ্থন জনাইছিল৷ আমেৰিকাসহ পশ্চিম ইউৰোপৰ প্ৰায়সমূহ দেশেই কিন্তু ইজৰাইলৰ পক্ষত আছে৷ আমেৰিকাৰ মাইক্ৰ ব্লগিং ছাইট এক্সৰ এই পদক্ষেপত বৈদেশিক নীতিৰ প্ৰতিফলন ঘটা বুলিও বহুতেই মন্তব্য কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *