‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

‘শেষ হৈ যাম, বিজেপিলৈ নাযাওঁ!’ ৰাজনীতিত ছুয়িং মাষ্টাৰ খ্যাত নীতিশ কুমাৰৰ পুৰণি এইকেইটা ভিডিঅ’ চাওক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নীতিশ বিষাক্ত সাপ৷ সাপে যেনেকৈ মোট সলায় নীতিশো একেই৷ ২ বছৰৰ পাছে পাছে সাপৰ নতুন ছাল আহে৷ নীতিশো একেই৷’ নীতিশ কুমাৰক লৈ ৭ বছৰ পূৰ্বে এটা পোষ্ট কৰিছিল লালু প্ৰসাদ যাদৱে৷ এই পোষ্টৰ পাছতেই এবাৰ NDAৰ পৰা বাহিৰ হৈ RJD-ৰ সৈতে মহাজোঁটবন্ধন কৰিছিল নীতিশে৷ আকৌ এবাৰ সেই বন্ধন ছেদ কৰি NDAৰ কাষলৈ ঢাপলি মেলিছে নীতিশে৷

দেওবাৰে নীতিশে আকৌ NDAলৈ উভতি যোৱাৰ পাছতেই ভাইৰেল হৈ পৰিছে লালুৰ পোষ্টৰ লগতে নীতিশৰো পুৰণি মন্তব্য৷ লালুৰ কন্যা ৰোহিনী আচাৰ্যই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে নানান সময়ত কৰা নীতিশ বিৰোধী মন্তব্যসমূহ পোষ্ট কৰিছে এক্স হেণ্ডেলত৷ তাতেই সংসদৰ ভিতৰত লালুৱে কোৱা এটা মন্তব্য শ্বেয়াৰ কৰিছে৷ সেই মন্তব্যত লালুৱে কৈছিল, ‘নীতিশ কুমাৰ মোৰ ভাতৃ, কিন্তু যাৰ ধৰ্ম-অধৰ্মৰ পাৰ্থক্যৰেই জ্ঞান নাই তেওঁলোকৰ পৰা আৰু অন্য কি আশা কৰিব পাৰি?’

লালুৰ ওপৰিও নীতিশৰো এটা ভিডিঅ’ খুবেই ভাইৰেল৷ সেই পুৰণি ভিডিঅ’ত নীতিশে কৈছিল, ‘জীৱনত আকৌ বিজেপি দলৰ মাজলৈ এই জীৱনত ঘূৰি যোৱাৰ প্ৰশ্ন আহিবই নোৱাৰে৷ মৰি যাম কিন্তু সিহঁতৰ সৈতে জোঁটবন্ধনত নাহো৷ সিঁহতে আমাৰ দলটোক শেষ কৰি দিয়াৰ পৰিকল্পনা ভিতৰি কৰিছে৷ তেজস্বী আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধেও নানান গোচৰ তৰিছে৷’ নীতিশে যেতিয়া এই মন্তব্য কৰিছে তেতিয়া তেওঁৰ নিচেই কাষত তেজস্বী যাদৱকো ঠিয় হৈ থকা দেখা গৈছে৷ সেই নীতিশেই এইবাৰ পাভলুটি মাৰিলে৷ তেজস্বীয়ে নীতিশৰ পাভলুটিক লৈ শেহতীয়াভাৱে দিয়া মন্তব্যত কয়, ‘খেলা এতিয়াও বাকী আছে৷ ২০২৪ চনৰ পাছত JDU দলেই নাথাকিব৷ BJPক মই ধন্যবাদ জনাইছো নীতিশক উভতাই লৈ যোৱাৰ বাবে৷’

উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত NDA এৰিছিল নীতিশ কুমাৰে৷ তাৰপাছতেই RJDৰ সৈতে মহাজোঁটবন্ধনৰ অংশীদাৰো হৈছিল৷ RJDৰ সৈতে জোঁট বান্ধিয়েই তেওঁ মুখ্যমন্ত্ৰীৰ আসনতো বহিছিল৷ তৈয়াৰ হৈছিল মহাজোঁটবন্ধনৰ চৰকাৰ৷ তাৰপৰাই এইবাৰ পাভলুটি মাৰিলে নীতিশ কুমাৰে৷ দেওবাৰে পুৱা মহাগঠবন্ধন জোঁটৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিছিল নীতিশ কুমাৰে৷ বিয়লী নীতিশে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত লয়৷ এইবাৰ মুখ্যমন্ত্ৰী হৈছে BJPৰ সমৰ্থনত৷ বিগত কেইবাদিন ধৰি নীতিশৰ গতিবিধিক লৈ বহুতে সন্দেহো কৰিছিল৷ জল্পনা এতিয়া দিঠক৷ নীতিশ আকৌ বিজেপিৰ মিত্ৰ৷ নীতিশক ৰখোৱাৰো কোনো চেষ্টা নকৰিলে কংগ্ৰেছ দলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *