আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিত্তমন্ত্ৰীৰ নিজৰেই ভঁড়াল একেবাৰে শূন্য। লোকসভা নিৰ্বাচনত খৰচ কৰিবৰ বাবেও তেওঁৰ হাতত ধন নাই। সেয়ে দলে প্ৰাৰ্থীত্ব দিলেও প্ৰাৰ্থীত্বৰ প্ৰস্তাৱ তেওঁ উভতাই দিছে। এই মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ এজন সদস্যই। ৰাজ্যসভাৰ সাংসদ নিৰ্মলা সীতাৰমণ মুঠ কিমান সম্পত্তিৰ মালিক সেই বিষয়টো লৈয়ো এতিয়া আৰম্ভ হৈছে চৰ্চা। কিমান সম্পত্তিৰ মালিক নিৰ্মলা সীতাৰমণ?

নৱভাৰত টাইমছে প্ৰকাশ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুঠ সম্পত্তিৰ পৰিমাণ ২ কোটি ৫০লাখ ৯৯ হাজাৰ ৩৯৬ টকা। ইয়াৰ মাজতে আছে স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও। ইয়াৰোপৰি নিৰ্মলাৰ হাতত আছে ৩১৫ গ্ৰাম সোন। ইয়াৰোপৰি আছে ২ কোটি ৰূপ। তেওঁৰ কোনোধৰণৰ চাৰিচকীয়া বাহন আজিকোপতি নাই। বাহনৰ ভিতৰত আচে কেৱল এখন বাজাজ স্কুটাৰ। যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ২৮হাজাৰ ২০০ টকা। হায়দৰাবাদত নিৰ্মলা সীতাৰমণৰ আছে ১৬ লাখ টকাৰ মাটি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ১ কোটি ৮৭লাখ ৬০ হাজাৰ ২০০ টকা।

নিৰ্মলা সীতাৰমণৰ নামত আছে ৩ লাখ ৫০ হাজাৰ টকাৰ এটা ব্যক্তিগত ঋণ। ইয়াৰোপৰি ৩০ লাখ ৪৪ হাজাৰ ৮৩৮ টকাৰ এটা বেংক ঋণো আছে তেওঁৰ নামত। ৰাজ্যসভাৰ মনোনয়ন জমা দিয়াৰ সময়ত নিৰ্বাচন কমিছনৰ ওচৰত দাঙি ধৰা তথ্যমতে তেওঁ হাতত আছে ১৭ হাজাৰ ২০০ টকা নগদ ধন। বেংকত FDৰ পৰিমাণ ৪৫লাখ ৪হাজাৰ ৪৭৯ টকা।

নিৰ্মলা সীতাৰমণৰ কেৰিয়াৰ
১৯৫৯ চনৰ ১৮ আগষ্টত নিৰ্মলা সীতাৰমণে মাদুৰাই চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ নাৰায়ণন সীতাৰমণ ৰে’ল বিভাগৰ এজন কৰ্মচাৰী আছিল। মাতৃ সাবিত্ৰী আছিল গৃহিনী। নিৰ্মলাৰ স্কুলীয়া জীৱন পাৰ হৈছিল মাদুৰাইতেই। ইয়াৰ পাছতেই তেওঁ তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামস্বামী কলেজৰ পৰা অৰ্থনীতিত স্নাতক হয়। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই অৰ্থনীতিত স্নাতকোত্তৰ আৰু এম ফিল কৰে। সীতাৰমণৰ স্বামী পৰাকল প্ৰভাকৰো জে এন ইউৰ ছাত্ৰ আছিল। তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা পঢ়াশুনা কৰে। বিজেপিৰ প্ৰথমশাৰীৰ নেতা আৰু নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ অন্যতম বিশ্বস্ত মন্ত্ৰী হৈছে নিৰ্মলা। তেওঁ দেশৰ প্রথম পুৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী। ইয়াৰ পূৰ্বে ইন্দিৰা গান্ধীয়ে ১৯৭০-১৯৭১ চনত প্রধানমন্ত্ৰী হৈ থকাৰ সময়ত নিজেই বিত্ত বিভাগটো পৰিচালনা কৰিছিল। নিৰ্মলা সীতাৰমণ বাণিজ্য আৰু কৰ্পোৰেট এফেয়াৰ্ছৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰি আছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিৰ্মলাই ২০০৩ ৰ পৰা ২০০৫ চনলৈকে দায়িত্ব পালন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *