৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এইবাৰ দুৰ্গা পূজাত একাধিক শুভ আৰু বিশেষ যোগ তৈয়াৰ হৈছে। দুৰ্গোৎসৱৰ প্ৰতিপদ তিথিত একাধিক শুভ যোগ আছিল। একেদৰেই বাকী ৯ দিনো একাধিক শুভ যোগ তৈয়াৰ হয়। জ্যোতিষ গণনা অনুসৰি ৪০০ বছৰ পাছত দুৰ্গোৎসৱৰ ৯ দিনত ৯টা শুভ যোগ আছে। যিয়ে দুৰ্গাপুজাক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিছে। দুৰ্গা পূজাৰ প্ৰতিটো দিনেই কঢ়িয়াব আশাৰ বতৰা। এই শুভ যোগৰ ফলত একাধিক ৰাশিৰ জাতকৰ উন্নতি হ’ব। এই সময়ত কোন কোন দিনা কি কি যোগ আছে?

৯ দিনৰ ৯টা শুভ যোগ
১৫ অক্টোবৰ প্ৰতিপদ তিথিত তৈয়াৰ হৈছে পদ্ম যোগ, বুধাদিত্য যোগ আৰু চিত্ৰা নক্ষত্ৰৰ সংযোগ।
১৬ অক্টোবৰ দ্বিতীয়াত তৈয়াৰ হৈছে ছত্ৰ যোগ আৰু স্বাতী নক্ষত্ৰৰ শুভ সংযোগ।
১৭ অক্টোবৰ তৃতীয়াত তৈয়াৰ হৈছে প্ৰীতি, আয়ুষ্মান আৰু শ্ৰী বাস্তৱ যোগ।
১৮ অক্টোবৰ চতুৰ্থীত তৈয়াৰ হৈছে সৰ্বাৰ্থসিদ্ধি আৰু অমৃতসিদ্ধি যোগ।
১৯ অক্টোবৰ পঞ্চমীত তৈয়াৰ হ’ব জ্যৈষ্ঠা নক্ষত্ৰ আৰু পূৰ্ণা তিথিৰ শুভ সংযোগ।
২০ অক্টোবৰ ষষ্ঠীৰ দিনা মূল নক্ষত্ৰ আৰু ৰবি যোগৰ সংযোগ থাকিব।
২১ অক্টোবৰ মহাসপ্তমীত ত্ৰিপুষ্কৰ যোগ তৈয়াৰ হ’ব।
২২ অক্টোবৰ মহাষ্টমীত সৰ্বাৰ্থসিদ্ধি যোগ আৰু ৰবি যোগ তৈয়াৰ হ’ব।
২৩ অক্টোবৰ মহানৱমীতো সৰ্বাৰ্থসিদ্ধি আৰু ৰবি যোগৰ প্ৰভাৱ থাকিব।
উল্লেখ্য যে বিজয়া দশমী অৰ্থাৎ ২৪ অক্টোবৰত অমৃতকাল আৰু বৃদ্ধি যোগ থাকিব।

দুৰ্গা পূজাত কোন কোন ৰাশিৰ ভাগ্য চমকি উঠিব?

মেষ ৰাশি
দুৰ্গা পুজাৰ ৪০০ বছৰ পাছত তৈয়াৰ হ’ব এই সংযোগ। মেষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব। ইয়াৰোপৰি জীৱনসংগীৰ সহযোগিতাত ভাল ফল লাভ কৰিব এই ৰাশিৰ জাতকে। চাকৰীয়ালসকলে কৰ্মক্ষেত্ৰত উচ্চপদ লাভ কৰিব পাৰিব। ইয়াৰোপৰি সামাজিক জীৱনতো প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব পাৰিব। পাৰিবাৰিক বিষয়ত অসাধাৰণ সময় কটাব। প্ৰচুৰ পাৰিবাৰিক সুখ পাব এই ৰাশিৰ জাতকে। অংশীদাৰীৰ কামত লাভাম্বিত হ’ব।

মকৰ ৰাশি
৯ দিনত ৯ যোগ তৈয়াৰত লাভাম্বিত হ’ব মকৰ ৰাশিৰ জাতকসকল। এই সময়ত আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি আপুনি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে। কাম আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। প্ৰচুৰ ধন লাভ কৰিব পাৰিব আপুনি। আৰ্থিক পৰিস্থিতি ভাল হ’ব। এই ৰাশিৰ জাতকৰ ছাত্ৰসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে।

ধনু ৰাশি
জ্যোতিষ গণনা অনুযায়ী ৯ দিনৰ এই দুৰ্লভ সংযোগ ধনু ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদ স্বৰূপ। এই সময়ৰ মাজত ভাগ্যৰ সংগ লাভ কৰিব। আপোনাৰ ৰৈ যোৱা সকলো কাম সম্পন্ন হ’ব। ব্যৱসায়ৰ কাৰণে যাত্ৰা কৰিব ধনু ৰাশিৰ জাতকে। এই যাত্ৰাৰ শুভ ফল লাভ কৰিব। নতুন গাড়ী আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে। ধনু ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ। ধন লাভৰ প্ৰৱল সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *