পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দুৰ্গা পুজা বুলিলেই পশ্চিমবংগৰ পুজালৈকে সকলোৱে মনত পেলাই। কলকাতাৰ সোনাগাছিতো এইবাৰ বিশেষভাৱে আয়োজন কৰা হৈছে দূৰ্গাপুজা। যৌনকৰ্মীসকলে পালন কৰা পুজাখনৰ এইবাৰ ১১ বছৰ সম্পূৰ্ণ হৈছে। বিগত বৰ্ষৰ পৰা সোনাগাছিৰ পুজা বিশেষভাৱে থিম পুজালৈকে ৰূপান্তৰ হৈছে। প্ৰত্যেকবাৰেই এই পুজাৰ থিমেৰে এটা সামাজিক বাৰ্তা দিবলৈ যত্ন কৰে সোনাগাছিৰ যৌনকৰ্মীসকলে। এইবাৰো তেঁওলোকে বিশেষভাৱে থিম পুজাৰ আয়োজন কৰিছে। উত্তৰ কলকাতাৰ দুৰ্গাচৰণ মিত্ৰ ষ্ট্ৰীট, অবিনাশ কবিৰাজ ষ্ট্ৰীট আৰু শেঠবাগান, ৰামবাগান গলিত পুজাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। তেওঁলোকৰ পুজাৰ থামৰ কথাও ইতিমধ্যে জনাইছে। সোনাগাছিৰ যৌনকৰ্মীয়ে সগৰ্বে ঘোষণা কৰিছে, ‘আমাৰ পুজাৰ থিম আমাৰ নিজৰ মুখেই’।

কলকাতাৰ প্ৰায়সমূহ ডাঙৰ পুজাত থিমৰ ওপৰিও ব্ৰেণ্ড এম্বেচাডৰ নিয়োগ কৰা হয়। অভিনেতা অভিনেত্ৰীৰ পৰা মডেললৈকে বহুতেই কোনো এখন পুজাৰ ব্ৰেণ্ড এম্বেচাডৰো হয়। কিন্তু সোনাগাছিৰ পুজাত তেওঁলোকে কোনো ব্ৰেণ্ড এম্বেচাডৰ লোৱা নাই। তাৰ পৰিবৰ্তে তেওঁলোকে নিজেই একোগৰাকী ব্ৰেণ্ড এম্বেচাডৰ ৰূপে পুজাৰ প্ৰচাৰ চলাইছে। নিজেই মডেল হৈ ফটোশ্বুটতো অংশ লৈছে যৌনকৰ্মী একোগৰাকীয়েই। এইবাৰ কলকাতাৰ বিভিন্ন স্থানত দেখা গৈছে সোনাগাছিৰ পুজাৰ বৃহৎ বৃহৎ হৰ্ডিঙো। সেই হৰ্ডিঙসমূহত দুৰ্গাৰ মূৰ্তিৰ সৈতে আছে যৌনকৰ্মীৰ ফটোও।

প্ৰচাৰত বিশেষভাৱে মডেল হিচাপে আছে যৌনকৰ্মী তথা সোনাগাছী পুজাৰ সম্পাদক বিশাখা লস্কৰ। তেওঁ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত কয়, ‘যিমানেই আমাক শ্ৰমৰ মৰ্যাদা নিদিয়ক কিয় আমাক পৃথক দৃষ্টিৰেই চোৱা হয়। সেয়ে আমি ঠিক কৰিছো আমি বেলেগৰ মুখ লৈ আমাৰ পুজাৰ প্ৰচাৰ নচলাও। আমি নিজেই নিজৰ মুখ লৈয়েই আমাৰ পুজাৰ প্ৰচাৰ কৰিম। ইতিমধ্যে আমি হৰ্ডিঙছৰ বাবে ফটোশ্বুটো কৰিছো। হৰ্ডিং বনোৱাৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে। কিছুদিন পাছতেই কলকাতাৰ অলিয়ে গলিয়ে আমাৰ পোষ্টাৰ দেখিব। আমাৰ পুজাভাগলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো।’

উল্লেখ্য যে বিশাখা নিজেও দুৰ্গাপুজাৰ হৰ্ডিঙৰ মডেল। পুজাৰ থিমৰ যুদ্ধত প্ৰথমবাৰ ভৰি দিছে সোনাগাছিৰ পুজাই। ২০১৩ চনত সোনাগাছীত প্ৰথমবাৰ পুজা উদযাপিত হৈছিল। কিন্তু তেওঁলোকে অনুমতিৰ বাবে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হ’বলগা হৈছিল। শেষলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ অনুমতিত তেওঁলোকে পুজাভাগ পাতিবলৈ সক্ষম হয়। ২০১৩ চনৰ পুজাভাগ পাতিলেও ১৪ চনত পুনৰ সমস্যাৰ উদ্ভৱ হয়। সেই বৰ্ষত তেওঁলোকক ৰাজহুৱা ভাৱে পুজা পাতিবলৈ দিয়া নহ’ল। ঘৰৰ ভিতৰতেই সেইবাৰ তেঁওলোকে পুজা পাতে। ২০১৫ চনত প্ৰতিবাদ কৰি দুৰ্গাপুজাত ভাগ নল’লে সোনাগাছিৰ পতিতা সমাজে। তাৰপিছত তেওঁলোকে আকৌ পুজা পাতিমেই বুলি আৰম্ভ কৰে কামকাজ। ২০১৭ চনত সোনাগাছিৰ পতিতা সমাজে দুৰ্বাৰৰ অফিচৰ কাষৰ মছজিদ ষ্ট্ৰীটৰ ওপৰত দুৰ্গাপুজাৰ মণ্ডপ পাতিবলৈ অনুমতি লাভ কৰে। প্ৰতি বছৰে তেওঁলোকে সেই স্থানত পুজা পাতি আহিছে। ২০২০ চনত কৰ’না পৰিস্থিতিৰ বাবে সেইবাৰ পুজাৰ অনুষ্ঠান অনুষ্টুপীয়াকৈ কৰা হয়।

২০২১ চনত কলকাতাৰ চোৰ বাগান সাৰ্বজনিন পুজাৰ পক্ষৰ পৰা ১০১ টকাত মূৰ্তি দিয়া হয়। ২০২১ চনৰ পৰা কলকাতাতেই নহয়, দুৰ্বাৰৰ উদ্যোগত বিষ্ণুপুৰ, দুৰ্গাপুৰ বচিৰহাটৰ যৌনপল্লীত পুজাৰ আয়োজন কৰা হয়। সোনাগাছিৰ পুজা এইসমূহতকৈ পৃথক। তাত ধুমধামেৰে এই পুজা আয়োজন কৰা হয়। সোনাগাছিৰ পুজাত অংশ ল’ব ৰামবাগান, শেঠবাগান, ৰবীন্দ্ৰছৰণি, অবিনাশ কবিৰাজ ষ্ট্ৰিটৰ সকলো যৌনকৰ্মীয়েই। পতিতালয়ৰ পুজাক কৈ বিতৰ্ক থাকিলেও শাস্ত্ৰমতে দুৰ্গাপুজাৰ বাবে বেশ্যালয়ৰ মাটি লাগে। যদি পতিতাক পুজা পাতিবলৈ অনুমতি নিদিয়ে তেন্তে পতিতালয়ৰ মাটিও অন্য লোকক নিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে। এই সন্দৰ্ভত এগৰাকী পতিতাই কয়, ‘উৎসৱতো সকলোৰে বাবেই। সেই উৎসৱত সকলোৱে আনন্দ কৰিব বিচাৰে। আমি আমাৰ মুখ দেখুৱাই পুজা পাতিম। কাৰণ মা দুৰ্গাই আমাক আশীৰ্বাদ প্ৰদান কৰি আহিছে বাবেই আমি অবিহনে এই পুজা আধৰুৱা।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *