১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! নিয়ম আৰু দামৰ কি কি সালসলনি হ’ব? সবিশেষ…

১ ডিচেম্বৰৰ পৰা ৰে’ল, বেংক, LPG-ত আহিব এইকেইটা পৰিবৰ্তন! নিয়ম আৰু দামৰ কি কি সালসলনি হ’ব? সবিশেষ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ডিচেম্বৰ মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ ৩ টা দিন। চাওঁতে চাওঁতে ২০২২ বৰ্ষটো শেষ হ’ব। ২০২২ বৰ্ষত কি কি পৰিবৰ্তন আহিল? এই সমূহ কথা আকৌ এবাৰ উনুকিয়াই চাইছে প্ৰায়সংখ্যকেই। চলিত বছৰটোত বহু উত্থান-পতনৰ লগতে সাধাৰণ মানুহৰ বিনিয়োগ, টকা পইছাৰ ক্ষেত্ৰটো একাধিক পৰিবৰ্তন আহিল। বেংকৰ পৰা আৰম্ভ কৰি এলপিজি, ভাৰতীয় ৰে’লৰ বহুকেইটা নিয়মৰ সালসলনি ঘটিব বছৰৰ শেষৰটো মাহত। ডিচেম্বৰ মাহৰ আৰম্ভনিৰে পৰাই হ’বলগীয়া পৰিবৰ্তন সমূহৰ বিষয়ে আৰম্ভ হৈছে চৰ্চা।

Life Certificate জমা দিব লাগিব
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত যিসকল ব্যক্তিয়ে পেঞ্চন পায় তেওঁলোকে আগন্তুক ৩০ নৱেম্বৰৰ ভিতৰতেই Life Certificate জমা দিব লাগিব। এই ছাৰ্টিফিকেট জমা দিবলৈ মাজত মাত্ৰ ২ টা দিন আছে। সময়মতে লাইফ চাৰ্টিফিকেট জমা নিদিলে পেঞ্চনভোগী সকলক পেঞ্চন বন্ধ কৰিও ৰখা হ’ব পাৰে বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

ৰে’লৰ সময়সূচী
ডিচেম্বৰ মাহৰ পৰা দূৰ যাত্ৰাৰ ৰে’ল যাত্ৰীসকলে এই বিষয়টোক গুৰুত্বসহকাৰে ল’ব লাগে। কিয়নো ডিচেম্বৰ মাহত ভাৰতীয় ৰে’ল বিভাগে বহুকেইখন ৰে’লৰ সময়সূচী সলনি কৰাৰ সম্ভাৱনা আছে। ডিচেম্বৰত অত্যাধিক ঠাণ্ডা পৰাৰ বাবে এই পৰিবৰ্তনৰ দিহা কৰিছে ৰে’ল বিভাগে। বিশেষকৈ উত্তৰ ভাৰতৰ পৰা অহা ৰে’লৰ সময়সুচী সলনিৰ সম্ভাৱনা বেছি।

LPG-ৰ দামৰ পৰিবৰ্তন হ’ব

প্ৰতি মাহতেই LPG-ৰ দামৰ পৰিবৰ্তন হৈ থকা বুলিয়েই ক’ব পাৰি। ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰ দুয়োটাতেই দামৰ পৰিবৰ্তন প্ৰায় প্ৰতিমাহতেই ঘটিছে। কেন্দ্ৰই চলিত মাহতেই বাণিজ্যিক চিলিণ্ডাৰ (১৯ কিঃগ্ৰাঃ) দাম কমাইছে। ১৪ কিঃগ্ৰাঃ ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কিন্তু পৰিবৰ্তন হোৱা নাই। কিন্তু আগন্তুক ডিচেম্বৰত LPG-ৰ দামৰ পৰিবৰ্তন হ’ব পাৰে বুলি একাংশই উল্লেখ কৰিছে।

ডিচেম্বৰতেই বেংক কৰ্মচাৰীয়ে পাব ১৩ দিন ছুটী
RBI তথা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা জাননী অনুসৰি ডিচেম্বৰ মাহত বেংক কৰ্মচাৰীসকলে মুঠ ১৩ দিনৰ ছুটী লাভ কৰিব। কিন্তু এখন ৰাজ্যতেই এই ১৩ টা ছুটী কৰ্মচাৰীসকলে লাভ কৰিব এনে নহয়। সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ কৰ্মচাৰীৰহে এয়া মুঠ ছুটী। এই ছুটী সমগ্ৰ দেশৰ চৰকাৰী বেচৰকাৰী সকলো বেংকৰ বাবেই প্ৰযোজ্য। বৰদিনকে ধৰি বহুকেইটা উৎসৱ এই মাহত অনুষ্ঠিত হ’ব যাৰ বাবে এইসমূহ ছুটি লাভ কৰিব বেংক কৰ্মচাৰীয়ে। কিন্তু ৰিজাৰ্ভ বেংকৰ জাননীত উল্লেখ থকা মতে বেংক বন্ধ থাকিলেও অনলাইন বেংকিঙৰ কাম চলি থাকিব।

CNG আৰু PNG-ৰ দামৰ পৰিবৰ্তন হ’ব
LPG-ৰ দামৰ দৰেই CNG আৰু PNG-ৰ দামৰো পৰিবৰ্তন হ’ব। এইক্ষেত্ৰত ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা দিল্লী, মুম্বাইত CNG আৰু PNG-ৰ দামৰ পৰিবৰ্তন ঘটিব। উল্লেখ্য যে এই সপ্তাহতেই দিল্লী, মুম্বাইত CNG আৰু PNG-ৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *