ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৫বছৰৰ প্ৰেমৰ অন্তত বিগত বৰ্ষৰ এপ্ৰিল মাহত বিবাহপাশত আৱদ্ধ হৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট৷ বিগত নৱেম্বৰত আলিয়া ৰণবীৰৰ কোলালৈ আহিছে এগৰাকী কন্যা সন্তান৷ ৰাহা কাপুৰৰ জন্মৰ পাছতেই সলনি হৈছে আলিয়াৰ লাইফষ্টাইল৷ স্বামী ৰণবীৰ আৰু ৰাহাক লৈ সুখী সংসাৰ আলিয়াৰ৷ এইসমূহৰ মাজতেই হলীউডতো ভৰি দিছে অভিনেত্ৰী আলিয়াই৷

‘ৱাণ্ডাৰ ওইমেন’ খ্যাত হলিউড তাৰকা গেল গাডোটৰ সৈতে আলিয়াই অভিনয় কৰিছে হাৰ্ট অফ ষ্টোন ছবিত৷ এই ছবিৰ প্ৰচাৰৰ সময়ত এক সাক্ষাৎকাৰত আলিয়াই কৈছিল, ‘স্বামী ৰণবীৰে তেওঁ লিপষ্টিক লগোৱাটো একেবাৰেই পছন্দ নকৰে৷ সেয়ে স্বামীৰ সৈতে বাহিৰলৈ ওলাওতে প্ৰায়েই লিপষ্টিক নলও৷’ সম্প্ৰতি আলিয়াক তেওঁৰ বন্ধু আকাংক্ষা ৰঞ্জনৰ জন্মদিনৰ পাৰ্টীত নীলা পোছাকত দেখা গৈছে৷ অভিনেত্ৰীৰ পোছাকক লৈ প্ৰায়সংখ্যক অনুৰাগীয়েই মন্তব্য কৰিছে৷

আলিয়াই নিজকে সলনি কৰিছে৷ ওঁঠৰ আকৃতিও সলনি কৰিছে আলিয়াই৷ হয়তো তেওঁ ছাৰ্জাৰী কৰিছে৷ বহুতৰে মন্তব্য যে, ৰণবীৰ আব্দাৰতেই আলিয়াই নিজকে সলনি কৰিব ধৰিছে৷ কাৰণ তেওঁৰ স্বামী ৰণবীৰে লিপষ্টিক একেবাৰেই পছন্দ নহয়৷ আলিয়াই বিষয়টোক লৈ এক মন্তব্যত কৈছে, ‘ৰণবীৰৰ ওঁঠৰ স্বাভাৱিক ৰং ভীষণ পছন্দৰ৷ মই লিপষ্টিক ললেই তেওঁ মছিবলৈ কৈ থাকে৷’ আলিয়াৰ এই মন্তব্যক লৈ আচৰিতো হৈছে নেটিজেন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *