চ’ত নৱৰাত্ৰি… উপবাসে আছে নেকি? এই নিয়ম মানি উপবাসে থাকিলেহে আশীৰ্বাদ পাব দেৱীৰ

চ’ত নৱৰাত্ৰি… উপবাসে আছে নেকি? এই নিয়ম মানি উপবাসে থাকিলেহে আশীৰ্বাদ পাব দেৱীৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নৱৰাত্ৰি আৰম্ভ। সমগ্ৰ দেশতে নৱৰাত্ৰি অতি ধুমধাম আৰু ভক্তিভাৱেৰে উদযাপন কৰা হয়৷ নৱৰাত্ৰিত মা দুৰ্গাৰ ৯টা ৰূপৰ আৰাধনা কৰা হয়। বিজয় দশমীৰ দিনা দেৱীৰ মূৰ্তি বিসৰ্জনেৰে নৱৰাত্ৰিৰো সামৰণি পৰে।

হিন্দুসকলৰ মাজত নৱৰাত্ৰি অন্যতম শুভ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। বিশেষকৈ উত্তৰ ভাৰতত ভক্তসকলে ৯ দিন ধৰি উপবাস পালন কৰে। উপবাসৰো কিছুমান নিয়ম আছে। কি কি নিয়ম মানি নৱৰাত্ৰিৰ উপবাস পালন কৰিব জানেনে?

নৱৰাত্ৰিৰ উপবাসত কি কি কৰিবঃ

  •  এই সময়ছোৱাত নিৰামিষ আৰু টামসিক খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু লগতে সুৰাৰ পৰা আঁতৰত থাকক৷
  • চাউল-ঘেঁহুৰ সলনি আপোনাৰ পুৰি, পোলাও আদি বহুতে গ্ৰহণ কৰে।
  • খাদ্যত নিমখ ব্যৱহাৰ নকৰিব।
  • নৱৰাত্ৰিৰ সময়ত খাদ্য প্ৰস্তুত কৰিবলৈ শোধিত তেলৰ সলনি ঘিউ বা বাদাম তেল ব্যৱহাৰ কৰিব লাগে৷
  • ৰন্ধা-বঢ়াত হালধি, নিমখ আদি মছলা ব্যৱহাৰ নকৰিব৷
  • নৱৰাত্ৰি উদযাপনৰ ৯ দিনত চুলি কাটিব নালাগে৷
  • নৱৰাত্ৰিৰ সময়ত ঘৰখন পৰিষ্কাৰ কৰি ৰাখক। এই ৯ দিন পুৱা গা ধুই দেৱতাক প্ৰসাদ দিহে দিনটো আৰম্ভ কৰক।
  • নৱৰাত্ৰিৰ একেবাৰে প্ৰথম দিনাই ঘট স্থাপন কৰক।
  • দেৱী দুৰ্গাক শ্লোক আৰু মন্ত্ৰ জপ কৰি প্ৰাৰ্থনা তথা আৰাধনা কৰক৷

নৱৰাত্ৰিৰ ব্ৰতঃ  কোনে উপবাস কৰিব পাৰে?

বয়স বা লিংগ নিৰ্বিশেষে সুস্বাস্থ্যৰ অধিকাৰী যিকোনো ব্যক্তিয়ে ব্ৰত পালন কৰিব পাৰে। কিন্তু যদি আপুনি অসুস্থ বা ঔষধ খাই আছে বা চিকিৎসাধীন হৈ আছে তেন্তে উপবাসৰ পৰা বিৰত থকাটোৱেই উত্তম। কোনো ধৰণৰ স্বাস্থ্যজনিত জটিলতা হ’লে উপবাসৰ সিদ্ধান্তৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *