১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সূৰ্য আৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে নৱপঞ্চম ৰাজযোগ। বৰ্তমান সূৰ্য আৰু বৃহস্পতিৰ ৰাশিয়ে ধনুত বিচৰণ কৰিছে। অন্যহাতে বৃহস্পতি মেষ ৰাশিত বিৰাজমান। এই সময়ত বৃহস্পতি আৰু সূৰ্যই পৰস্পৰৰ নৱম আৰু পঞ্চম স্থানত বিৰাজমান। সূৰ্য আৰু বৃহস্পতিয়ে ত্ৰিকোণ অৱস্থাত আছে। যাৰ ফলত ১২ বছৰ পাছত তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ। জ্যোতিষ অনুযায়ী নৱপঞ্চম ৰাজযোগ কেইটামান ৰাশিৰ বাবে শুভ। গ্ৰহণ ৰজা আৰু দেৱতাসকলৰ গুৰুৰ গোচৰৰ ফলত সৃষ্ট এই ৰাজযোগে কোন কোম ৰাশিৰ জীৱনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিব জানি থওক সবিশেষ।

মেষ ৰাশি
এই ৰাশিৰ প্ৰথম কক্ষত বৃহস্পতি আৰু নৱমকক্ষত সূৰ্য বিৰাজমান। নৱপঞ্চম ৰাজযোগে এই ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। সন্তানৰ তৰফৰ পৰা সুসংবাদ লাভ কৰিব। ইয়াৰোপৰি ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। চাকৰিয়াল জাতকসকলে লাভ অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। এই সময়ত কোনো ডাঙৰ দায়িত্বও লাভ কৰিব পাৰে মেষ ৰাশিৰ জাতকে। নতুন চাকৰিৰ সন্ধান কৰি থকাসকলৰ বাবে ভাল খবৰ। ভায়েক ভনীয়েকৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। পঢ়াশুনাত ভাল ফলাফল লাভ কৰিব।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই ৰাজযোগ অত্যন্ত লাভজনক। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। ধন ধ্যান বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকাসকলে সাফল্য লাভ কৰিব। উচ্চশিক্ষা লাভৰ সপোন পূৰণ হ’ব। চাকৰিয়াল জাতকসকলে সহকৰ্মীসকলৰ সৈতে সু সম্পৰ্ক বজায় ৰাখিব। মিলামিছাৰে কাম কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলে ভাল মুনাফা লাভ কৰিব। নতুন চুক্তি স্বাক্ষৰিত হ’ব। ইয়াৰোপৰি বেটিং বা শ্বেয়াৰত লগ্নি কৰাৰ সুযোগ পাব। এয়া আপোনাৰ বাবে লাভজনক।

বৃশ্চিক ৰাশি
সূৰ্য আৰু বৃহস্পতিৰ নৱপঞ্চম যোগত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত অনুকূল প্ৰভাৱ পৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পিতৃ মাতৃৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কামৰ কাৰণে নতুন যাত্ৰা কৰিব পাৰিব এই ৰাশিৰ জাতকে। দাম্পত্য জীৱনত আনন্দ বৰ্তী থাকিব। এই ৰাশিৰ জাতকে চাকৰিৰ প্ৰস্তুতি চলাই থাকিলে সুফল লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *