‘আছো…’, সৌৰজগতৰ বহু দূৰত জাগি উঠিল ভয়েজাৰ-১

‘আছো…’, সৌৰজগতৰ বহু দূৰত জাগি উঠিল ভয়েজাৰ-১

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৪৭বছৰ পূৰ্বে পৃথিৱী এৰিছিল। এক দশক পূৰ্বে যাত্ৰা কৰিছিল সূৰ্যৰ কক্ষপথৰ বাহিৰলৈ। এইবাৰ ডেৰ হাজাৰ কোটি মাইল দূৰত্বৰ পৰা সংকেত পঠিয়াইছে নাছাৰ মহাকাশযান ভয়েজাৰ-১য়ে। বৰ্তমান Voyager-1 আছে ইণ্টাৰষ্টেলাৰ স্পেছত। ২০২৩ চনৰ ১৪ নৱেম্বৰৰ পৰা তথ্য পঠিওৱা বন্ধ কৰিছিল ভয়েজাৰে। অৱশেষত আকৌ বাৰ্তা পঠিওৱা আৰম্ভ কৰিছে ভয়েজাৰে।১৯৭৭ চনত পৃথিৱী এৰিছিল এই কৰ্মক্ষম ভয়েজাৰ-১য়ে। এই মহাকাশযানেই পৃথিৱী এৰি মহাকাশলৈ যোৱা সৰ্বাধিক দূৰত্বত থকা মহাকাশযান।

বিগত বছৰৰ নৱেম্বৰৰ পৰা কোন তথ্য পঠিওৱা নাছিল ভয়েজাৰ১য়ে। পৃথিৱীৰ পৰা সংকেত অৱশ্যে গ্ৰহণ কৰিছিল এই যানখনে। স্বাভাৱিকভাৱেই চিন্তাত পৰিছিল নাছাৰ বিজ্ঞানী। সংকেত গ্ৰহণ কৰি কিয় উত্তৰ অহা নাই? তাৰপিছতেই নাছাৰ বিজ্ঞানীয়ে জনাইছিল যে ভয়েজাৰ-১ৰ অসুখ। অৱশেষত অসুখৰ পৰা মুক্তি লাভ কৰিলে ভয়েজাৰ-১য়ে। নাছাৰ জেট প্ৰপালছন লেবৰটৰীয়ে আৱিষ্কাৰ কৰিলে ৰোগৰ কাৰণ। ভয়েজাৰৰ গাত থকা এটা চিপৰ কিছু খেলিমেলি হৈছে। অৱশেষত সেই চিপ ভয়েজাৰ-১ৰ শৰীৰৰ পৰা এৰুৱাই পেলোৱা হয়।

৪৬ বছৰ পুৰণি কম্পিউটাৰ চিষ্টেমটো এতিয়াও সুৰক্ষিত অৱস্থাতেই আছে। নাছাৰ তৰফৰ পৰা জনোৱা অনুসৰি ভয়েজাৰ-১ মহাকাশযানে অৰ্থপূৰ্ণ তথ্য পঠিওৱা আৰম্ভ কৰিছে। এইবাৰ আশা কৰা হৈছে যে এই ভয়েজাৰ-১ য়ে দি যোৱা তথ্যৰ পৰা আৰু আগুৱাই যাব আমাৰ মহাকাশ গৱেষণাৰ গভীৰতা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *