ৰাম-সীতাক অপমানৰ অভিযোগত কাৰাবাস খাটিছিল! সেই মুনাওৱাৰ ফাৰুকিয়ে এতিয়া বিগ বছ-১৭ৰ বিজেতা

ৰাম-সীতাক অপমানৰ অভিযোগত কাৰাবাস খাটিছিল! সেই মুনাওৱাৰ ফাৰুকিয়ে এতিয়া বিগ বছ-১৭ৰ বিজেতা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- গেৰুৱা শিবিৰৰ ৰোষত পৰি কেৰিয়াৰ প্ৰায় শেষেই হৈছিল। তেওঁক একাধিক ৰাজ্যত নিষিদ্ধও কৰা হৈছিল। কাম নাপায় কমেডি কেৰিয়াৰক বিদায় জনাবলৈ ওলোৱা মুনাওয়াৰ ফাৰুকিৰ ভাগ্যৰ চকৰি ঘূৰিল। বিগ বছ-১৭য়েই মুনাবৰৰ ভাগ্যৰ চকৰি ঘূৰাইছে। ফিনিক্স পক্ষীৰ দৰে হঠাৎ উৰিল কমেডিয়ান মুনাওয়াৰ ফাৰুকি। কিন্তু এই যাত্ৰা একেবাৰেই সহজ নাছিল মুনাওয়াৰৰ।

২০২১ চনৰ জানুৱাৰী মাহৰ কথা। হিন্দুৰ ধৰ্মীয় ভাৱাবেগত আঘাত হনাৰ অভিযোগত বিজেপি সাংসদৰ ৰোষত পৰিছিল ষ্টেণ্ড’আপ কমেডিয়ান মুনাওয়াৰ ফাৰুকি। অভিযোগ উত্থাপিত হৈছিল, তেওঁ ৰাম-সীতাক লৈ তেওঁ বেয়া মন্তব্য কৰিছিল। অৱশ্যে এই কথাৰ কোনো প্ৰমাণ এতিয়ালৈকে লাভ কৰিব পৰা হোৱা নাই। কেৱল ধৰ্মীয় ভাৱাবেগত আঘাত কৰাৰ অভিযোগতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। বিভিন্ন ৰাজ্যত তেওঁক নিষিদ্ধ ঘোষণাও কৰা হৈছিল।

পূৰ্বে স্বাক্ষৰ কৰি থোৱা বহু শ্ব’ তেওঁৰ বাতিলো হৈছিল। শেষত এই পৰ্যায়লৈকে গৈছিল যে তেওঁ কমেডি কেৰিয়াৰকেই বিদায় দিব লগাত পৰিছিল। কিন্তু কংগনা ৰানাওটৰ ‘লক আপ’ শ্ব’ৰ পৰা মুনাওয়াৰৰ কিছু ভাল দিন আহিল। সেই শ্ব’ৰ বিজেতা হোৱাৰ পাছতেই তেওঁ ছলমান খানৰ বিগ বছলৈ আহে। শ্ব’ত নানান কাজিয়া, বিতৰ্কৰ অন্ততঃ ট্ৰফী এইবাৰ মুনাওয়াৰৰ হাতলৈ। মুনাওয়াৰ ফাৰুকি বিগ বছ১৭ ৰ বিজেতা হোৱাৰ পাছতেই তেওঁ লাভ কৰিছে ৫০লাখ টকা। কেৱল সেয়াই নহয়, ধনৰ লগতে তেওঁ লাভ কৰিছে হুণ্ডাই ক্ৰেটাৰ এখন বিলাসী বাহনো। অভিষেক কুমাৰ, অংকিতা লোখাণ্ডে, মান্নাৰা চোপ্ৰাৰ দৰে প্ৰতিদ্বন্দিক পিছপেলাই মুনাওয়াৰ ফাৰুকি বিজয়ী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *