এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?

এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিবাহৰ তাৰিখ লোৱা হৈছে জুলাই মাহত৷ বিয়াৰ তাৰিখ এলাপেছা মানুহৰ নহয়৷ এই বিয়া মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ৷ কিছু দিন পূৰ্বে প্ৰাক-বিবাহ অনুষ্ঠান দেখিয়েই বহুজনৰ চকু কঁপালত উঠিছিল৷ এই আড়ম্বৰ আয়োজনৰ চৰ্চা শেষ নৌহওতেই এইবাৰ অনন্তৰ বিবাহৰ কথা চলিছে৷ অৱশ্যে বিবাহৰ পূৰ্বে আকৌ এবাৰ পালন কৰা হ’ব প্ৰাক বিবাহৰ অনুষ্ঠান৷ ৰাধিকা মাৰ্চেণ্টৰ সৈতে প্ৰাক বিবাহৰ কাৰ্যসূচী এইবাৰ দেশত নহয়৷ বিদেশৰ মাটিত চলিব এই অনুষ্ঠান৷ এইবাৰ দক্ষিণ ফ্ৰান্সত প্ৰাক-বিবাহ অনুষ্ঠান আয়োজিত হ’ব৷ অৱশ্যে কোনো বিলাসবহুল হোটেলত নহয় এইবাৰ অনুষ্ঠান আয়োজিত হ’ব এখন বিশেষ জাহাজ৷

দক্ষিণ ফ্ৰান্সৰ যি ক্ৰুজত অনন্ত আম্বানী আৰু ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান আয়োজন হ’ব তাত থাকিব এটি ভাসমান প্ৰাসাদ৷ যি কোনো বিলাসবহুল হোটেলক টক্কৰ দিব পৰাকৈ অত্যাধুনিক এই ক্ৰুজ৷ বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি মে মাহৰ ২৮ তাৰিখৰ পৰা ৩০তাৰিখলৈকে চলিব এই অনুষ্ঠান৷ এই ক্ৰুজ প্ৰাক বিবাহ অনুষ্ঠানত পূৰ্বৰ দৰে অত্যাধিক অতিথি নাথাকে৷ আম্বানী আৰু ৰাধিকা মাৰ্টেণ্টৰ পৰিয়ালৰ অতি ঘনিষ্ঠ আত্মীয়হে থাকিব এই অনুষ্ঠানত৷ অনন্ত আৰু ৰাধিকাৰ এৰাব নোৱাৰা কেইগৰাকীমান বন্ধু থাকিব এই অনুষ্ঠানত৷

১ মাৰ্চত গুজৰাটৰ জামেনগৰত অনন্ত আৰু ৰাধিকাৰ প্ৰাক-বিবাহ অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা হৈছিল ৰাজনীতিৰ পথাৰৰ পৰা আৰম্ভ কৰি বলীউডলৈকে৷ দেশ-বিদেশৰ বহুকেইগৰাকী খ্যাতনামা ব্যক্তিকো আমন্ত্ৰণ জনোৱা হৈছিল৷ উপস্থিত হৈছিল হলিউডৰ গায়িকাও৷ কিন্তু এইবাৰ তেনে কোনো অতিথি নাথাকে৷ এই অনুষ্ঠানত বলীউডৰ পৰা কেৱল তিনি খানেই থাকিব৷ জামেনগৰৰ অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানকো একেলগে নাচি থকা দেখা গৈছে৷ ফ্ৰান্সত গৈ তিনি খানে একেলগে অনুষ্ঠান কৰিবনে সেয়া অৱশ্যে স্পষ্ট নহয়৷ একাংশই জনোৱা মতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টেও এই অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰাৰ সম্ভাৱনা আছে৷

ফ্ৰান্সৰ যিকোনো সাধাৰণ ক্ৰুজৰ বাবে জনে প্ৰতি খৰচ হয় ৪১ হাজাৰ টকাৰ পৰা ৮৩ হাজাৰ টকালৈ৷ কিন্তু আম্বানীৰ কনিষ্ঠ পুত্ৰৰ প্ৰাক বিবাহ অনুষ্ঠানৰ বাবে এই সাধাৰণ ক্ৰুজ বুক কৰা হোৱা নাই৷ তেওঁলোকৰ বাবে বুক কৰা ক্ৰুজৰ দাম বহু বেছি৷ চলিত বছৰৰ ১ মাৰ্চৰ পৰা তিনি দিন ধৰি সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িব পৰা অনুষ্ঠান চলিছিল জামেনগৰত৷ বলীউডৰ উপৰিও আছিল ৰিহানাৰ দৰে আন্তৰ্জাতিক তাৰকা৷ মাৰ্ক জুকাৰবাৰ্গ, ইভাংকা ট্ৰাম্পো আহিছিল অনুষ্ঠানলৈ৷ গীত পৰিবেশন কৰিছিল অৰিজিৎ সিং আৰু শ্ৰেয়া ঘোষালেও৷ শাহৰুখ, ছলমান, আমিৰেও একেলগে নৃত্য কৰিছিল এই অনুষ্ঠানত৷

জামেনগৰৰ অনুষ্ঠান উপলক্ষে অবশ্যে কোনো বিলাসবহুল হোটেল লোৱা হোৱা নাছিল৷ তাৰ সলনি শ্বাহৰুখ, ছলমান, দীপিকা, ৰণবীৰহঁতক ৰখা হৈছিল তম্বুতহে৷ অৱশ্যে সেই তম্বুও আছিল ৰাজকীয়৷ সেই তম্বুত আছিল শোৱনি কোঠা, পোছাক সলনিৰ কোঠা আৰু এটাষ্ট বাথৰুমৰ সুবিধা৷ তিনিদিনীয়া অনুষ্ঠানত প্ৰত্যেক দিনাই আছিল পৃথক পৃথক থিম৷ থিম অনুসৰিয়েই সকলোৱে পোছাকো পৰিধান কৰিছিল৷ দেশ বিদেশৰ অতিথিৰ বাবে জামেনগৰত সেনাৰ বিমানবন্দৰটোকেই ১০ দিনৰ বাবে আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতীয় বায়ুসেনাৰ টেকনিকেল এৰিয়াও ব্যৱহাৰৰ অনুমতি দিছিল মোদী চৰকাৰে৷ বিমানবন্দৰৰ যাত্ৰী বিভাগৰ আয়তন বৃদ্ধি কৰা, শৌচাগাৰ উন্নীত কৰা আদি একাধিক উন্নয়নো চলিছিল জামেনগৰৰ সেই বিমানঘাটিত৷

উল্লেখ্য যে ১২ জুলাইত সাত পাকত বান্ধ খাব অনন্ত আৰু ৰাধিকা৷ ইয়াৰ পূৰ্বে তেওঁলোকে এটি পাজামা পাৰ্টি কৰাও দেখা গৈছে আম্বানী পৰিয়ালত৷ পাৰ্টীত অনন্ত ৰাধিকা দুয়োজনেই উপস্থিত আছিল৷ ৰাধিকাই পৰিধান কৰিছিল বগা ৰঙৰ পোছাক আৰু ৰাণীৰ মুকুট৷ এই পাৰ্টীত উপস্থিত আছিল বলীউডৰ অভিনেত্ৰী জাহ্নৱী ঠাকুৰ, শিখৰ পাহাৰিয়া, ইশা আম্বানী, শ্লোক আম্বানী আৰু ৰাধিকাৰ ভগ্নী অঞ্জলি মাৰ্চেণ্ট৷

সৰুৰে পৰাই বন্ধুত্বৰ সম্পৰ্কত আছে ৰাধিকা অনন্ত৷ ৰাধিকাৰ সৈতে অনন্তক প্ৰায় অনুষ্ঠানতেই দেখা যায়৷ অনন্তৰ সৈতে ৰাধিকাৰ বিবাহৰ জল্পনাও আৰম্ভ হৈছিল প্ৰিয়ংকা আৰু নিক জোনাছৰ বিয়াৰ পৰা৷ জোধপুৰত প্ৰিয়ংকা-নিকৰ বিয়াত আম্বানী পৰিয়ালৰ সৈতে উপস্থিত আছিল ৰাধিকাও৷ পৰিয়ালৰ সৈতে মন্দিৰলৈ যোৱা অথৱা বিভিন্ন অনুষ্ঠানত একেলগে দেখা গৈছিল দুয়োকে৷

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *