নাছাই দিলে আশাৰ বতৰা, চন্দ্ৰত উলাইছে আশা কৰাতকৈ ৮ গুণ অধিক…এতিয়াৰ পৰা কৰিব পাৰিব এই কাম

নাছাই দিলে আশাৰ বতৰা, চন্দ্ৰত উলাইছে আশা কৰাতকৈ ৮ গুণ অধিক…এতিয়াৰ পৰা কৰিব পাৰিব এই কাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

নাছাই দিলে আশাৰ বতৰা, চন্দ্ৰত উলাইছে আশা কৰাতকৈ ৮ গুণ অধিক…এতিয়াৰ পৰা কৰিব পাৰিব এই কাম

নাছাৰ ফালৰ পৰা সদ্যহতে সদৰি কৰা হয় এক সুখবৰ। নাছাৰ তথ্যত সদৰি হৈছে চন্দ্ৰৰ এক তথ্য। চন্দ্ৰ পৃষ্টত উলাইছে বহু দিনৰে পৰা সন্ধান চলাই থকা পানীৰ উৎস।

সদৰি কৰা অনুসৰি, আশা কৰাতকৈ চন্দ্ৰ পৃষ্টত ৮ গুণ অধিক পানীৰ সন্ধান পোৱা গৈছে। বৰফৰ আকাৰক পোৱা গৈছে এই পানীৰ সন্ধান। চন্দ্ৰৰ দুয়োটা মেৰুতে প্ৰথম কেইমিটাৰমান গভীৰতাত ভূগৰ্ভস্থ বৰফৰ সন্ধান পোৱা গৈছে।

নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (জেপিএল), আইআইটি কানপুৰ, আইআইটি ধনবাদ, আৰু দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ সহযোগত ইছৰোৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এছএচি)ৰ বিজ্ঞানীৰ এটা দলে কৰা এক অধ্যয়নৰ অন্যতম মূল তথ্য হিচাপে পোহৰলৈ আহে এই খবৰ।

দলটোৱে নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰ (এল আৰ অ’)ৰ পৰা সংগ্ৰহ কৰা যন্ত্ৰ আৰু তথ্যৰ সৈতে কাম কৰিছিল, চন্দ্ৰত বৰফৰ বিতৰণৰ বিষয়ে অধ্যয়ন কৰিছিল। সমনীয়াৰ দ্বাৰা পৰ্যালোচনা কৰা এই তথ্য এই সপ্তাহত জাৰ্নেল অৱ ফটোগ্ৰামেট্ৰি এণ্ড ৰিম’ট চেন্সিঙত প্ৰকাশ কৰা হৈছে।

এই সন্ধানৰ পাছতে এতিয়া আন এক আশাৰ বতৰা কঢ়িয়াই আনিছে। বহু পৰিমানে পানীৰ সন্ধান পোৱাৰ পিছত এতিয়া চন্দ্ৰ পৃষ্টত বসতি কৰাৰো আশা কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *