৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সুযোগ পালেই পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনে প্রধানমন্ত্ৰী মোদীয়ে৷ দেশৰ যি সমস্যাই নহওক কিয় সকলোতে মোদীয়ে আঙুলি টোৱাই পূৰ্বে শাসনত থকা দল কংগ্ৰেছক৷ তেওঁৰ অধিকাংশ বক্তব্যতেই তেওঁ কংগ্ৰেছৰ নাম লয়৷ এইবাৰো মধ্যপ্ৰদেশত শেহতীয়াভাৱে দিয়া ভাষণত মোদীয়ে কংগ্ৰেছ দলক লৈ কেইবাটাও মন্তব্য কৰিছে৷ মধ্যপ্ৰদেশত মোদীয়ে ৫১ মিনিটৰ ভাষণ প্ৰদান কৰিছে৷ এই হিচাপ আমাৰ নহয়৷ এই হিঁচাপ দিছে কংগ্ৰেছ নেতা পৱন খেৰাই৷

পৱন খেৰাই প্রধানমন্ত্ৰী মোদীৰ ভাষণক লৈয়েই সমালোচনা কৰিছে মোদীক৷ সমালোচনাৰ মাজতো ধন্যবাদ জ্ঞাপন কৰিছে প্রধানমন্ত্ৰীক৷ ২৪ত দেশত লোকসভা নিৰ্বাচন৷ এইবাৰ যদি বিজেপি দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পাৰে তেন্তে তৃতীয়বাৰৰ বাবে মোদী শাসন চলিব দেশত৷ কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে ছত্তীছগড়, ৰাজস্থান, তেলেংগানা, মিজোৰাম আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ মোদীয়ে লোকসভাৰ লগতে বিধানসভাৰ আসনলৈ চকু ৰাখিয়েই কেইবা লক্ষ নেতা-কৰ্মীক লৈ আৰম্ভ কৰিছে ‘কাৰ্যকৰ্তা মহাকুম্ভ’ৰ৷

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত বিশেষ অনুষ্ঠানত ভাগ লৈ মোদীয়ে কংগ্ৰেছ দলক কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰিছে৷ মোদীয়ে ভাষণত কয়, ‘স্বাধীনতাৰ পাছত দীৰ্ঘদিন মধ্যপ্ৰদেশত কংগ্ৰেছে শাসনৰ গাদী দখল কৰি আহিছিল৷ কিন্তু তেওঁলোকৰ আমোলত মধ্যপ্ৰদেশ উন্নয়ন আৰু অৰ্থনীতিৰ নিৰিখত, ‘ৰুগীয়া ৰাজ্য’লৈ পৰিণত হৈছে৷ কেৱল সেয়াই নহয় কংগ্ৰেছ মানেই দুৰ্নীতি, দাৰিদ্ৰতা বুলিও দলক কটাক্ষ কৰিছে মোদীয়ে৷

প্রধানমন্ত্ৰীৰ এই ভাষণ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই কংগ্ৰেছ নেতাই মোদীক দিছে প্ৰত্যুত্তৰ৷ পৱন খেৰাই কয়, ‘মুঠ ৫১ মিনিট ভাষণ দিছে মোদীয়ে৷ এই ভাষণত অৰ্থাৎ ৫১ মিনিটত ৪৪বাৰ তেওঁ কংগ্ৰেছৰ নাম লৈছে৷ এই বক্তব্যক আমি ধন্যবাদ জনাবই লাগিব৷ নিজৰ দলৰ নামেই মোদীয়ে সিমান লোৱা নাই যিমান আমাৰ দলৰ নাম লৈছে৷ আমাৰ কথাকেই গাই ভাষণ সামৰিলে৷ ইয়াৰ পৰা স্পষ্টকৈ প্ৰকাশ পাইছে যে তেওঁলোকৰ শাসনকালত মধ্যপ্ৰদেশত একোৱেই উন্নতি কৰিব নোৱাৰিলে৷ উন্নতি কৰিলে আমাৰ নাম লৈ থকাৰ সলনি উন্নয়নৰ কথা ক’লেহেতেন৷’

উল্লেখ্য যে শিৱৰাজ সিং চৌহান চৰকাৰৰ পূৰ্বে মধ্যপ্ৰদেশত ১৮ বছৰ ধৰি ক্ষমতাত আছিল কংগ্ৰেছ দল৷ আনকি ২০১৮ চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছেই সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ কিন্তু একাংশ কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰাৰ পাছত বিজেপিয়ে মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰে৷ এইবাৰ কিন্তু পৰিস্থিতি সলনি হৈছে৷ বিজেপি এৰি কংগ্ৰেছলৈ উভতি আহিছে কংগ্ৰেছী প্ৰায়সকল নেতাই৷ বিভিন্ন সমীক্ষাতো এইবাৰ বিজেপিয়ে মধ্যপ্ৰদেশত বিজয় সাব্যস্ত কৰিব নোৱাৰিব বুলিয়েই চৰ্চা চলা পৰিলক্ষিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *