নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২০২৪ৰ অন্তবৰ্তীকালীন বাজেট পেছ কৰা হ’ল। এই বাজেটত বিশেষ কোনো ডাঙৰ ঘোষণা নাথাকিব বুলি পূৰ্বৰে পৰাই জনতা সাঁজু হৈয়েই আছিল। আশা কৰাধৰণেই আয়কৰ আৰু সুদৰ হাৰৰ বিশেষ কোনো সালসলনি নহ’ল। এই বাজেটত নাৰীশক্তিকহে কেৱল ফকাচ কৰিছে মোদীয়ে। অঙ্গনৱাড়ি কেন্দ্ৰ আপগ্ৰেড কৰাৰ পৰা, আশাকৰ্মীৰ আয়ুষ্মাণ প্ৰকল্পৰ কথা এই বাজেটত উত্থাপন কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত আশাকৰ্মীসকলক আয়ুষ্মাৰ প্ৰকল্পত সামৰি তেওঁলোকক বীমা সুৰক্ষা দিয়াৰ কথাও বাজেট ভাষণত উল্লেখ কৰে নিৰ্মলা সীতাৰমনে। মহিলাৰ বাবে বাজেটত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ শিতানটোৱেই হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউক লৈ বাজেট ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে নিৰ্মলা সীতাৰমণে।

লাখপতি বাইদেৱে কেনেকৈ লাখপতি কৰিব দেশৰ মহিলাক?

লাখপতি বাইদেউ স্কিমত আৰু এক কোটি মহিলাক যুক্ত কৰাৰ লক্ষ্য বান্ধি লোৱাৰ কথা বাজেট ভাষণত উল্লেখ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলাই। এই যোজনাৰ আওতাত ইতিমধ্যেই ২ কোটি মহিলাক যুক্ত কৰা হৈছে। সেই সংখ্যা এইবাৰ ৩কোটিলৈ বৃদ্ধি কৰা হ’ব। এই যোজনাৰ মাধ্যমেৰে ইতিমধ্যেই ৯কোটি মহিলাৰ জীৱনলৈ পৰিবৰ্তন অহা বুলিও ভাষণত কয় বিত্তমন্ত্ৰী নিৰ্মলাই।

লাখপতি বাইদেউৰ অধীনত কি কি সুবিধা আছে?
মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰে এই লাখপতি বাইদেউ যোজনা আৰম্ভ কৰিছিল। বিগত বছৰৰ ১৫ আগষ্টৰ ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ বিষয়টো তুলি ধৰে। এই প্ৰকল্পৰ আওতাত মহিলাসকলক স্কিলৰ ভিত্তিত ট্ৰেইনিং দিয়া হয়। ইয়াৰ মাজতে গাঁৱৰ মহিলাসকলক এল ই ডি বাল্ব, প্লাম্বিং, ড্ৰোন মেৰামতিৰ দৰে প্ৰযুক্তিগত কামৰ প্ৰশিক্ষণ দিয়া হয়। ফলত আৰ্থিকভাৱে স্বনিৰ্ভৰ হৈ উঠিব মহিলাসকল।

এই যোজনাৰ অধীনত ট্ৰেইনিং ল’লেই লাখপতি হ’ব নেকি?
স্বনিৰ্ভৰ প্ৰকল্পৰ আওতাত কেন্দ্ৰৰ প্ৰশিক্ষণত যিসকল মহিলাই বছৰি ১লাখ টকা বা তাতকৈ বেছি উপাৰ্জন কৰে তেওঁলোকক লাখপতি বাইদেউ বুলি ক’ব পাৰিব। এই কৰ্মসূচীৰ মাধ্যমেৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতি কৰাৰ বাবে প্ৰচেষ্টা চলাইছে চৰকাৰে। এই প্ৰকল্পৰ মাধ্যমৰে বহু ৰাজ্যৰ মহিলাৰ বাৰ্ষিক আয় ১লাখ টকা বা তাতকৈ বেছিও হৈছে।

এইসমূহৰ ওপৰিও মহিলাৰ স্বাস্থ্যক লৈয়ো বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। মহিলাসকলৰ জৰায়ুৰ কৰ্কট প্ৰতিৰোধৰ টিকাকৰণৰ ব্যৱস্থা অচিৰেই কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলাই। ৯ৰ পৰা ১৪ বছৰীয়া কিশোৰীসকলক এই টিকা প্ৰদানৰ উদ্যোগ গ্ৰহণ কৰিব চৰকাৰে। চৰকাৰী তথ্য অনুসৰি আমাৰ দেশত জৰায়ুৰ কৰ্কটত মৃত্যুৰ হাৰ বহু বেছি। সেয়ে বাজেটত এই দিশটোক নজৰ দিয়া হৈছে। টিকাকৰণৰ মাধ্যমেৰে এই ৰোগৰ পৰা মৃত্যুৰ হাৰ কমোৱাৰো চেষ্টা কৰিব কেন্দ্ৰীয় চৰকাৰে বুলি বাজেট ভাষণত উল্লেখ কৰিছে নিৰ্মলা সীতাৰমণে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *