পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

পঞ্চ মহাপুৰুষ ৰাজযোগ আৰম্ভ! কেৰিয়াৰ, ব্যৱয়াসত উন্নতি হ’ব এই ৩ ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১ অক্টোবৰত নিজৰ ৰাশি কন্যাত প্ৰৱেশ কৰিছে বুধে৷ স্বৰাশিত প্ৰৱেশ কৰি ভাদ মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে এই গ্ৰহই৷ এই ৰাজযোগৰ ফলত জীৱনত ধন-ঐশ্বৰ্য আৰু আনন্দ আহিব৷ জ্যোতিষ শাস্ত্ৰমতে ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকৰ জীৱনত ধনৰ আগমন হ’ব৷ আনকি তেওঁলোকৰ উন্নতিৰো প্ৰবল যোগ আছে৷ কোন কোন ৰাশিৰ জাতক ভাদ্ৰ মহাপুৰুষ ৰাজযোগত লাভাম্বিত হ’ব?

কন্যা ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাজযোগত কন্যা ৰাশিৰ জাতকৰ দিন ভাললৈ আহিব৷ কাৰণ বুধে আপোনাৰ ৰাশিৰ লগ্ন স্থানত বিৰাজ কৰিছে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব৷ ইয়াৰোপৰি আপোনাৰ কাৰ্যশৈলীও উন্নত হ’ব৷ অংশীদাৰিত্বৰ কামতো ভাল লাভালাভ পাব৷ সকলোক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলৰো লাভৰ যোগ৷ বুধ আপোনাৰ ৰাশিৰ অধিপতি সেয়ে এই ৰাজযোগ আপোনাৰ বাবে সকলোফালেৰেই শুভ৷

ধনু ৰাশি
এই ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে ভাদ ৰাজযোগ অত্যন্ত শুভ৷ বুধে আপোনাৰ ৰাশিৰ লগ্ন স্থানত বিচৰণ কৰিছে৷ এই ৰাশিৰ ব্যৱসায়ীসকলে নতুন কামৰ সুযোগ লাভ কৰিব৷ ইয়াৰ ফলত ধন লাভৰ পথ প্ৰশস্ত হ’ব এই ৰাশিৰ জাতকৰ৷ এই ৰাশিৰ বেকাৰ যুৱকসকলেও এইসময়ত চাকৰি লাভ কৰিব৷ চাকৰিয়ালসকলেও কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব৷ জুনিয়ৰ চিনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ এইসময়ত আপোনাৰ সমস্ত মনোকামনা পূৰ্ণ হ’ব৷ নতুন কামো আৰম্ভ কৰিব পাৰে৷

মকৰ ৰাশি
ভাদ পঞ্চমহাপুৰুষ মকৰ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ কাৰণ বুধে আপোনাৰ গোচৰ কোষ্ঠীৰ নৱম স্থানত ভ্ৰমণ কৰিছে৷ এই সময়ত আপোনাৰ ভাগ্যোদয় হ’ব পাৰে৷ ঘৰ আৰু পৰিয়ালৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ যোগ৷ এই সময়ত আপোনাৰ মাটি বা গাড়ী ক্ৰয়ৰো যোগ আছে৷ মকৰ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদেশ যাত্ৰাৰো যোগ আছে৷ আনহাতে শনি আপোনাৰ ৰাশিৰ অধিপতি৷ শনিৰ সৈতে বুধৰ বন্ধুত্বৰ সম্পৰ্ক আছে৷ সেয়ে ভাদ ৰাজযোগ আপোনাৰ বাবে লাভজনক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *