নিশাটো পাৰ হ’লেই ভাগ্য সলনি হ’ব ৩ ৰাশিৰ, বুধৰ নক্ষত্ৰ পৰিবৰ্তনত বাঢ়িব বেংক বেলেন্স

নিশাটো পাৰ হ’লেই ভাগ্য সলনি হ’ব ৩ ৰাশিৰ, বুধৰ নক্ষত্ৰ পৰিবৰ্তনত বাঢ়িব বেংক বেলেন্স

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বুদ্ধি আৰু বাণীৰ গ্ৰহ বুধৰ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰ পৰিবৰ্তনেও বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ২০ জানুৱাৰীৰ বিয়লি ৩ বাজি ৮ মিনিটত পূৰ্বাষাঢ় নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে। এই নক্ষত্ৰৰ অধিপতি হৈছে শুক্ৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি বুধ আৰু শুক্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। এই পৰিস্থিতিত পূৰ্বাষাঢ় নক্ষত্ৰত বুধৰ প্ৰৱেশৰ ফলত সমস্ত ৰাশিৰ জীৱন প্ৰভাৱিত হ’ব। কিন্তু এই সময়ত বিশেষ শুভ প্ৰভাৱ পৰিব তিনি ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

মেষ ৰাশি
বুধৰ নক্ষত্ৰ পৰিবৰ্তন মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। এই ৰাশিৰ নৱম স্থানত থাকিব বুধ। জ্যোতিষ গণনা অনুসৰি মেষ ৰাশিৰ জাতকৰ আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। ধৰ্মীয় ৰামত অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰোপৰি উচ্চশিক্ষা লাভৰ ইচ্ছাও পূৰণ হ’ব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পূৰ্ণ হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে।

মিথুন ৰাশি
পূৰ্বাষাঢ় নক্ষত্ৰ আহি বুধ মিথুন ৰাশিৰ সপ্তম স্থানত ভ্ৰমণ কৰিব। বুধৰ গোচৰ মিথুন ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদতকৈ কম নহয়। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। আয়ৰ নতুন পথ উন্মুক্ত হ’ব। ইয়াৰোপৰি বেংক বেলেন্স বাঢ়িব। বিদেশ যাত্ৰাৰ ইচ্ছা পূৰণ হ’ব এই ৰাশিৰ জাতকৰ। বিদেশত ব্যৱসায় কৰাৰ পৰিকল্পনা থাকিলে লাভ হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ইয়াৰোপৰি আপোনাৰ জীৱনত আনন্দৰ আগমন হ’ব। মহিলাসকলে এই সময়ত বিশেষ লাভ অৰ্জন কৰিব।

তুলা ৰাশি
পূৰ্বাষাঢ় নক্ষত্ৰত গোচৰ কৰি তুলা ৰাশিৰ জাতকৰ শক্তি বৃদ্ধি কৰিব বুধে। বুদ্ধিৰ জোৰত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকৰ। ইয়াৰোপৰি ধন লাভৰ প্ৰৱল যোগ আছে। আপোনাৰ মনত সৃজনশীল কাম কৰাৰ ইচ্ছা জাগৃহ হ’ব। বাণীৰ প্ৰভাৱত সমস্ত কাম সম্পন্ন কৰিব পাৰিব এই ৰাশিৰ জাতকে। মুঠৰ ওপৰত পূৰ্বাষাঢ় নক্ষত্ৰই বুধৰ প্ৰৱেশ লাভজনক প্ৰমাণিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *