মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

মেষ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ তৈয়াৰ কৰিব বুধে, এইবাৰ দ্বিগুণ লাভ বৃষসহ ৩ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-মঙ্গলৰ আধিপত্যযুক্ত ৰাশি মেষত ভ্ৰমণ কৰিছে বুধে। ৯ এপ্ৰিল পৰ্যন্ত এই ৰাশিতেই বুধ থাকিব। জ্যোতিষ গণনা অনুসৰি বুধ মেষ ৰাশিৰ লগ্ন স্থানত বিৰাজ কৰিছে। এই পৰিস্থিতিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ নিৰ্মিত হ’ব। এই ৰাজযোগৰ প্ৰভাৱত দ্বিগুণ ফল লাভ কেইটামান ৰাশিৰ জাতকে। কেৰিয়াৰত অসাধাৰণ সাফল্য লাভ কৰিব। কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ প্রভাৱত কোন কোন ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব জানি থওক সবিশেষ।

বৃষ ৰাশি
বৃষ ৰাশিৰ যিসকল জাতকে বিদেশলৈ যাত্ৰা কৰিবলৈ ইচ্ছুক তেওঁলোকে সাফল্য লাভ কৰিব পাৰে। ইয়াৰোপৰি ৰোগৰ পৰা মুক্তি লাভ কৰা সম্ভৱ। ব্যৱসায় বৃদ্ধিৰ কথা চিন্তা কৰিলে ঋণ পাব পাৰে। সন্তানৰ তৰফৰ পৰা সুসংবাদ লাভ কৰিব পাৰে। সমাজত প্ৰতিষ্ঠা বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। সন্তানক বিদেশত পঢ়াশুনাৰ বাবে পঠোৱাৰ ইচ্ছা থাকিলে সময় অনুকূল। পুৰণি ইচ্ছাপূৰণ হ’ব। ব্যৱসায়ত লাভ অৰ্জনৰ সুযোগ আছে।

কন্যা ৰাশি
এই ৰাশিৰ জাতকৰ বাবে বুধৰ কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ অনুকূল প্ৰমাণিত হ’ব। এই ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিবৰ্তন আহিব। ইয়াৰোপৰি আত্মবিশ্বাস বৃদ্ধি পাব কন্যা ৰাশিৰ জাতকৰ। পৰিয়াল বা বন্ধুবান্ধৱ সৈতে যাত্ৰা কৰিব পাৰে। যোগাযোগ কৌশল উন্নত হ’ব। মানসিক সুস্বাস্থ্য বৰ্তি থাকিব। সমাজত মান-সন্মান বৃদ্ধি পাব। টকা-পইছা সংক্ৰান্তিয় সিদ্ধান্ত লওঁতে খৰধৰ নকৰিব।

মকৰ ৰাশি
বুধৰ কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ অনুকূল প্ৰভাৱ পৰিব মকৰ ৰাশিৰ জাতকৰ জীৱনত। অপ্ৰত্যাশিত ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। সম্পত্তি সংক্ৰান্তিয় সমস্যাৰ সমাধান হ’ব। ইয়াৰোপৰি ঘৰ ক্ৰয়ৰ বাবে ঋণ ল’ব পাৰে। ঘৰ ক্ৰয়ৰ বাবে এয়াই শুভ সময়। পৰিয়ালৰ সৈতে আনন্দ বৰ্তি থাকিব। ইয়াৰোপৰি পিতৃ-মাতৃৰ স্বাস্থ্য ভালে থাকিব। অৱসাদ আহিব পাৰে। আইনী মামলাত সাফল্য লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *