ফুৰিবলৈ গৈ শ্বিলঙৰ পৰা উভতি নাহিল, উদ্ধাৰ অৱশিষ্ট

ফুৰিবলৈ গৈ শ্বিলঙৰ পৰা উভতি নাহিল, উদ্ধাৰ অৱশিষ্ট

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চুবুৰীয়া ৰাজ্য মেঘালয়ত আকৌ এবাৰ ভয়ংকৰ কাণ্ড। গোৱালপাৰাৰ পৰা ফুৰিবলৈ যোৱা তিনি যুৱকক জীৱন্তে জ্বলাই দিলে মেঘালয়ত। কিন্তু কিয় নিৰ্মমভাৱে হত্যা কৰা হ’ল যুৱককেইজনক? বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে গোৱালপাৰাৰ দুই যুৱকক। জমৰ আলী, নুৰ আহমেদ বুলি চিনাক্ত কৰিছে পৰিয়ালে।

এতিয়াও আন এজন যুৱকক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে। গাড়ীসহ ৩ যুৱকক জীৱন্তে জ্বলাই দিয়াৰ তথ্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে। মেঘালয়ৰ পূৱ গাৰো পাহাৰৰ ৱাগাচিত এই ঘটনা। হত্যাৰ এদিন  পূৰ্বে মেঘালয়লৈ ফুৰিবলৈ গৈছিল যুৱককেইজন বুলি পৰিয়ালৰ লোকে তথ্য দাঙি ধৰিছে।

জমিৰ উদ্দিন, নুৰ, জাহিদুলৰ ন্যায়ৰ দাবী তুলিছে এতিয়া সংখ্যালঘূ সংগঠন আমছুৱে। দোষীক অচিৰেই গ্ৰেপ্তাৰ কৰিবলৈ সময়সীমা বান্ধি দিলে আমছুৱে। আমছুৰ তৰফৰ পৰা দিয়া বিবৃত্তি অনুসৰি, ‘২৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিব লাগিব আৰক্ষীয়ে। ৩ সংখ্যালঘু যুৱকৰ সৈতে হোৱা ঘটনাক গৰিহণা দিছো মেঘালত মৃত্যু হোৱা ৩ যুৱকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা অচিৰেই কৰক। দোষীক শাস্তি নিদিয়া পৰ্যন্ত কোনো কাৰণতে ক্ষান্ত নহয় আমছু।’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *