চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ উৎক্ষেপণত নিধি জড়িত হৈ আছে, ইছৰোৰ বিজ্ঞানী অসমৰ বোৱাৰী নিধি শৰ্মাৰ কথা আজিও নাজানে বহুতেই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চন্দ্ৰযান-৩ ক লৈ উৎকণ্ঠাৰ শেষ নাই৷ দেশৰ লগতে অসমৰ প্ৰতিজন জনতাই এতিয়া চন্দ্ৰযান-৩ ৰ সফলতা চাবৰ বাবেই আগ্ৰহেৰে ৰৈ আছে৷ এই আগ্ৰহ বঢ়াৰ কাৰণ কেৱল দেশে পঠিওৱা যানৰ সফলতাৰ বাবেই নহয়৷ এই উৎকণ্ঠা বাঢ়িছে যানখনত অসমৰ বিজ্ঞানী চয়ন দত্তও জড়িত হৈ থকা বাবে৷ কিন্তু বহুতেই এতিয়াও নাজানে যে চন্দ্ৰযান-৩ উৎক্ষেপনত অসমৰ আৰু এগৰাকী বিজ্ঞানী জড়িত হৈ আছে৷ চন্দ্ৰযান-২ উৎক্ষেপণতো অসমৰ এইগৰাকী বিশেষ বিজ্ঞানী জড়িত হৈ আছে৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা৷ চন্দ্ৰযান-২ মিছনতো নিধি ওতপ্ৰোতভাৱে জড়িত হৈ আছিল৷ এইবাৰ চন্দ্ৰযান-৩ ৰ অভিযানতো বিজ্ঞানী নিধি জড়িত হৈ আছে৷

এক দশক ধৰি নিধি শৰ্মা ইছৰোৰ সৈতে জড়িত হৈ আছে৷ তিনিচুকীয়াৰ দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী নিধিয়ে মহাকাশ গৱেষণা সংস্থাত কাম কৰি আছে৷ চন্দ্ৰযান-২ৰ উৎক্ষেপণতো তেওঁ বিশেষ ভুমিকা লৈছিল৷ এইবাৰো তেওঁ উৎক্ষেপণৰ পৰাই চন্দ্ৰযান-৩ৰ সৈতে জড়িত হৈ আছে৷

চন্দ্ৰযান-২ ৰ বিফলতাৰ পাছতেই নিধিয়ে এটা সাক্ষাৎকাৰ দিছিল৷ সেই সাক্ষাৎকাৰত নিধিয়ে চন্দ্ৰযান-২ ৰ বিফলতাৰ কাহিনী সুন্দৰভাৱে বুজাই কৈছিল৷ নিধিয়ে সাক্ষাৎকাৰটোত কৈছিল, ‘আমি শেষ পৰ্যায়ত উপনীত হৈছিলো৷ খুব আগ্ৰহেৰে কম্পিউটাৰৰ সন্মুখত বহি যানখনৰ গতি বিধি চাই আছিলো৷ কিন্তু সফলতালৈ এখোজ থাকোতেই আমি বিফল হ’লো৷ খুব হতাশাই আমাক বেৰি ধৰিলে৷ এটা সন্তানৰ দৰে জন্ম দিয়াৰ পৰা তাৰ মৃত্যুলৈকে আমি লালন পালন কৰিলো৷ কিন্তু ২০১৯ চনৰ ২ ছেপ্টেম্বৰটো আমাৰ বাবে বৰ দুখৰ দিন আছিল৷ সেইদিনা আমাৰ সন্তানটো চন্দ্ৰৰ কক্ষপথত হেৰাই যায়৷ চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিঃমিঃ দূৰত্বত হেৰাই যায় চন্দ্ৰযান-২৷’

ইছৰোৰ বিজ্ঞানী নিধি শৰ্মাৰ পিতৃ গৃহ অসমৰ বৰাক উপত্যকাত৷ তেওঁৰ পিতৃয়ে এটা সাধাৰণ ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত৷ মাতৃয়ে চৰকাৰী খণ্ডত চাকৰি কৰে৷ তেওঁলোক বৰ্তমান দিল্লীৰেই বাসিন্দা৷ নিধিৰ স্বামী দিবাকৰো এজন অভিযন্তা৷ তেওঁ বাংগালুৰুৰ এটা ব্যক্তিগত খণ্ডত অভিযন্তা হিচাপে কৰ্মৰত৷ নিধিয়ে এইবাৰৰ মিছনতো ওতপ্ৰোতভাৱে জড়িত হৈ আছে৷ চন্দ্ৰযান-৩ৰ মিছন সফল হওক বুলি বহুতেই এতিয়া নিধিক সামাজিক মাধ্যমত শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *