মকৰলৈ আহিছে মঙ্গল, বেয়া সময় আৰম্ভ! এটাৰ পাছত আনটো বাধাৰ সন্মুখীন হ’ব ৫ ৰাশিৰ জাতক

মকৰলৈ আহিছে মঙ্গল, বেয়া সময় আৰম্ভ! এটাৰ পাছত আনটো বাধাৰ সন্মুখীন হ’ব ৫ ৰাশিৰ জাতক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ঠিক দুদিন পূৰ্বেই মকৰ ৰাশিত গোচৰ কৰিছে মঙ্গলে। ২০২৪ৰ ৫ফেব্ৰুৱাৰীত প্ৰথমবাৰ নিজৰ অৱস্থান সলনি কৰিছে ৰঙা গ্ৰহে। আগন্তুক ১৫ মাৰ্চ পৰ্যন্ত মঙ্গলে মকৰ ৰাশিতেই অৱস্থান কৰিব। সেই স্থানত পূৰ্বৰে পৰাই সূৰ্য আৰু মঙ্গল আছে। ইয়াৰ ফলত ৰঙা গ্ৰহৰ পৰা অতিৰিক্ত শক্তি বিকিৰণ হ’ব। মকৰ ৰাশিৰ এই গোচৰৰ ফলত ৫ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ পৰিব। আগন্তুক ১৫ মাৰ্চ পৰ্যন্ত নানান চেলেঞ্জ আহিব এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ।

মিথুন ৰাশি
আৰ্থিক বিষয়ত এই সময়ত সাৱধানে থাকক মিথুন ৰাশিৰ জাতকসকল। মঙ্গলৰ স্থান পৰিবৰ্তন মুঠেও আপোনাৰ বাবে শুভ নহয়। নতুন কোনো স্থানত অৰ্থ বিনিয়োগ কৰাৰ সময়ত ভাৱি চিন্তি সিদ্ধান্ত লওক। ডাঙৰ কোনো আৰ্থিক ক্ষতি হ’ব পাৰে। দামী সামগ্ৰীও আপুনি ক্ৰয় কৰিব পাৰে। আপুনি নিজে যিখিনি কাম জানে কৰ্মক্ষেত্ৰত সেইখিনিয়েই কৰক। নতুন কোনো কাম বেছিকৈ কৰিবলৈ গ’লে বিপদতহে পৰিব।

কৰ্কট ৰাশি
মকৰ ৰাশিত আহি মঙ্গলে নানান সমস্যা সৃষ্টি কৰিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত। সংসাৰত ভুল বুজাবুজিৰ কাৰণে অশান্তি বাঢ়িব। নিজৰ জীৱনসংগীৰ স্বাস্থ্যৰ দিশত নজৰ ৰাখক। উদ্বেগ বাঢ়িব। চিকিৎসাৰ বাবদ অৰ্থ ব্যয় হ’ব। পেছাগত জীৱনতো এই সময়ত নানান সমস্যাই দেখা দিব পাৰে।

সিংহ ৰাশি
ৰঙা গ্ৰহ মঙ্গলৰ গোচৰত অশুভ প্রভাৱ পৰিব সিংহ ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত আপুনি দূৰ কোনো স্থানত ভ্ৰমণ কৰাৰ পৰিকল্পনা থাকিলে সাৱধান হওক। আগন্তুক ১৫মাৰ্চ পৰ্যন্ত টকা পইছাৰ টনাটনি হ’ব। পঢ়া শুনাৰ দিশেৰেও এই সময় শুভ নহয়। বিবাহিত ব্যক্তিৰ দাম্পত্য জীৱনত একাধিক সমস্যা আহিব। স্বাস্থ্য সংক্ৰান্তীয় সংকটে দেখা দিব। ক্লান্তি আৰু মানসিক উদ্বেগেও আপোনাক অশান্ত কৰি ৰাখিব।

কন্যা ৰাশি
মঙ্গল গ্ৰহৰ গোচৰৰ ফলত প্ৰেমত অশুভ দিন চলিব কন্যা ৰাশিৰ জাতকৰ। সংগীৰ সৈতে বিভিন্ন মনোমালিন্য আৰু অশান্তি হ’ব পাৰে। কেৰিয়াৰত বৃহৎ চেলেঞ্জৰ সন্মুখীন হ’ব কন্যা ৰাশিৰ জাতক। আৰ্থিক দিশেৰে এই সময় শুভ নহয়।

ধনু ৰাশি
মকৰ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত পৰিয়ালত নানান অশান্তি আহিব ধনু ৰাশিৰ জাতকৰ। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিভিন্ন দিশত ভুল বুজাবুজি হ’ব পাৰে। আৰ্থিক দিশতো সমস্যাই দেখা দিব। এই সময়ত কাৰোবাৰ সৈতে আৰ্থিক লেনদেন কৰিলে সতৰ্ক হওক। প্ৰতাৰণাৰ বলি হ’ব পাৰে। মাতৃৰ স্বাস্থ্য ভালে নাথাকিব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *