মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নিজৰ উচ্চৰাশি মকৰত ভ্ৰমণ কৰিছে মঙ্গলে। ইয়াৰ ফলত কেইটামান ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব। ফেব্ৰুৱাৰী মাহত মকৰত বিচৰণ কৰিছে মঙ্গলে। ৰঙা গ্ৰহৰ চতুৰ্থ দৃষ্টি কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ, কোনে কোনে ধন সম্পত্তি লাভ কৰিব জানি থওক সবিশেষ।

মেষ ৰাশি
মঙ্গলৰ চতুৰ্থ দৃষ্টি মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। মঙ্গল এই ৰাশিৰ অধিপতি। উচ্চৰাশিত আহি ৰুচক ৰাজযোগ তৈয়াৰ কৰিছে এই গ্ৰহই। এই সময়ত যশ আৰু প্ৰতিষ্ঠা লাভ কৰিব মেষ ৰাশিৰ জাতকে। স্বাস্থ্যোন্নতি হ’ব। ইয়াৰোপৰি সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই সময়ত মেষ ৰাশিৰ জাতকৰ দৈনিক আয় বাঢ়িব। সম্পত্তি ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে।

কৰ্কট ৰাশি
মঙ্গলৰ চতুৰ্থ দৃষ্টি কৰ্কট ৰাশিৰ জাতকৰ বাবে অনুকূল। আপোনাৰ ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ স্থানত মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিছে। এই সময়ত কাম আৰু ব্যৱসায়ত লাভ হ’ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ আকস্মক ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত সম্প্ৰসাৰণ হ’ব পাৰে। বেকাৰ যুৱকে চাকৰিৰ নতুন সুযোগ পাব। নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। দেশ-বিদেশৰ যাত্ৰা কৰাৰ সুযোগ পাব। পাইলট, আৰক্ষী, সেনা বা খেলুৱৈৰ উন্নতিৰ যোগ আছে।

সিংহ ৰাশি
জ্যোতিষ অনুসৰি সিংহ ৰাশিৰ ভাগ্য স্থানত মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব। তাতেই বৃহস্পতি বিৰাজমান। এই সময়ত ভাগ্যৰ সংগ পাব সিংহ ৰাশিৰ জাতকে। ৰৈ থকা কাম সম্পন্ন হ’ব। সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব এই ৰাশিৰ জাতকে। ব্যৱসায়ত নিশাৰ ভিতৰত উন্নতি কৰিব। বেংক বেলেন্স বাঢ়িব এই ৰাশিৰ জাতকৰ। ধৰ্মীয় আৰু মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *