মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ গণনা অনুসৰি বৰ্তমান গ্ৰহ সেনাপতি মঙ্গল আৰু গ্ৰহৰ ৰজা সূৰ্যই ধনু ৰাশিত বিচৰণ কৰিছে। এই দুই গ্ৰহৰ মাজত মিত্ৰতাৰ সম্পৰ্ক আছে। যিয়ে সমস্ত ৰাশিৰ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰিব। ১৫ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ পৰা এই শুভ যুঁটি সমাপ্ত হ’ব। কিন্তু ফেব্ৰুৱাৰী মাহত আকৌ মকৰ ৰাশিত মিলিত হ’ব মঙ্গল আৰু সূৰ্য। ১৫ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিৰ প্ৰৱেশ কৰাৰ পিছতেই ৫ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ প্ৰৱেশ কৰিব মঙ্গলে। ইয়াৰ ফলচ পুনৰ যুঁটি বান্ধিব দুই মিত্ৰ গ্ৰহই। জ্যোতিষ অনুসৰি মকৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ যুঁটি কেইটামান ৰাশিৰ বাবে শুভ। এই সময়ত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?

মেষ ৰাশি
এই ৰাশিৰ দশম স্থানৰ মঙ্গল আৰু সূৰ্যই যুঁটি বান্ধিব। এই সময়ত মেষ ৰাশিৰ জাতকৰ বিশেষ লাভ হ’ব। এই যুঁটি মেষ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদ হৈ পৰিব। সমস্ত ক্ষেত্ৰত সাফল্য আহিব। ধন সম্পত্তিও লাভ কৰিব পাৰে। কেৰিয়াৰত সাফল্যৰ শীৰ্ষত উপনীত হ’ব ৰাশিৰ জাতক। চাকৰিয়ালসকলে নিজৰ কামৰ ফলাফল লাভ কৰিব। এই পৰিস্থিতিত পুৰস্কাৰ আৰু পদোন্নতিও হ’ব পাৰে। চৰকাৰী চাকৰিয়ালৰ বাবে সাফল্য লাভৰ যোগ আছে। ইয়াৰোপৰি বিদেশ যাত্ৰাৰো সুযোগ পাব পাৰে। ব্যৱসায়ত লাভ অৰ্জন কৰিব। বিদেশী ব্যৱসায়ীৰ সৈতে লেনদেন কৰিব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সু সময় কটাব। স্বাস্থ্যৰ যত্ন লওক।

বৃষ ৰাশি
এই ৰাশিৰ ভাগ্যৰ স্থানত মঙ্গল আৰু সূৰ্যই যুঁটি বান্ধিব। ইয়াৰ ফলত ভাগ্যৰ সংগ লাভ কৰিব বৃষ ৰাশিৰ জাতকে। ইয়াৰোপৰি নৱমস্থানত মঙ্গল উপস্থিত থকাৰ বাবে আধ্যাত্মিকতাৰ প্ৰতি অধিক ৰুচি থাকিব। ইয়াৰোপৰি পিতৃৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। যাত্ৰাৰ দ্বাৰা লাভাম্বিত হ’ব পাৰিব। ব্যৱসায়ত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। লগ্নিৰ দ্বাৰাও লাভাম্বিত হ’ব। আংশীদাৰীৰ ব্যৱসায়ত সফল হ’ব। আৰ্থিক পৰিস্থিতি ভালে থাকিব। আপোনাৰ বেংক বেলেন্স বাঢ়িব।

সিংহ ৰাশি
আপোনাৰ ৰাশিৰ পঞ্চম স্থানত মঙ্গল আৰু সূৰ্যৰ যুঁটি তৈয়াৰ হৈছে। এই সময়ত সিংহ ৰাশিৰ জাতকে সামান্য কামতো সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলে সাফল্য লাভ কৰিব। চাকৰিয়াসকলে চেষ্টাৰ ফলত পদোন্নতি লাভ কৰিব। বয়সীয়াল সকলৰ মান সন্মান বাঢ়িব। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। জীৱনসংগীৰ সৈতে সম্পৰ্ক ভালে থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *