বিবাহৰ ফটোশ্বুট কৰি বিপদত যুৱক! বিবাহ বিচ্ছেদৰ পাছত ফটোশ্বুটৰ বাবে ফটোগ্ৰাফাৰক দিয়া ধন উভতাই বিচাৰিলে তৰুণীয়ে, তাৰপিছত?

বিবাহৰ ফটোশ্বুট কৰি বিপদত যুৱক! বিবাহ বিচ্ছেদৰ পাছত ফটোশ্বুটৰ বাবে ফটোগ্ৰাফাৰক দিয়া ধন উভতাই বিচাৰিলে তৰুণীয়ে, তাৰপিছত?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, ভাইৰেল খবৰঃ দাম্পত্য জীৱন সুখৰ নহ’ল৷ সংসাৰ নিটিকিল৷ সেয়ে এইবাৰ বিয়াৰ ফটোগ্ৰাফাৰক ধন ওভতাই বিচাৰিছে এগৰাকী মহিলাই৷ সম্প্ৰতি ফটোগ্ৰাফাৰ আৰু তৰুণীগৰাকীৰ কথোপকথনৰ কেইটামান স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰিছে৷ ডাৰবানৰ বাসিন্দা তৰুণীগৰাকীয়ে ২০১৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল৷ বিয়াৰ দিনা এজন বিশেষ ফটোগ্ৰাফাৰে ফটোশ্বুটটো কৰিছিল৷ এই ফটোশ্বুটৰ বাবে মোটা অংকৰ ধনো দিয়া হৈছিল ফটোগ্ৰাফাৰক৷ বিয়াৰ ফটোবোৰ ভালধৰণে সংৰক্ষণ কৰি ৰাখিবলৈকে এই সিদ্ধান্ত লৈছিল যুৱতীগৰাকীয়ে৷ কিন্তু বিয়াখন ভাঙি যোৱাৰ বাবেই এতিয়া আফচোচত পৰিছে তৰুণীগৰাকী৷

তৰুণীগৰাকীয়ে হোৱাটছএপ যোগে লিখিছে, ‘মই নাজানো আপুনি মোক মনত ৰাখিছেনে? ২০১৯ চনত ডাৰবানত আমাৰ বিবাহৰ ছবি তুলিবলৈ আপোনাক মাতিছিলো৷’ তৰুণীগৰাকীৰ পৰা এই মেছেজ লাভ কৰিয়েই ফটোগ্ৰাফাৰজনেও ৰিপ্লাই দিছে৷ ‘হয় বাইদেউ আপোনাক চিনি পাইছো, কিয় পাহৰিম আপোনাক?’ এই মেছেজ লাভ কৰিয়েই তৰুণীগৰাকীয়ে আকৌ ৰিপ্লাই দিছে, ‘হয় আপুনি ছবি তোলা আমাৰ বিয়াখন এতিয়া নাই৷ আমি বিচ্ছেদ ল’লো৷ সেয়ে এতিয়া মোক আৰু সেই ছবিসমূহৰো প্ৰয়োজন নাই৷ মই আপোনাৰ অনুৰোধ কৰিছো ছবিসমূহৰ বাবদ আপুনি মোৰ পৰা লোৱা ধন উভতাই দিয়ক৷’

তৰুণীগৰাকীৰ পৰা এই মেছেজ লাভ কৰি হচকিত হৈ পৰিছে ফটোগ্ৰাফাৰো৷ ফটোগ্ৰাফাৰে জনোৱা মতে তেওঁ পোনতে তৰুণীগৰাকীয়ে তেওঁক ধেমালী কৰা বুলি ভাৱিছিল৷ কিন্তু ভালকৈ কথা পতাৰ পাছত বুজিলে যে তৰুণীগৰাকীয়ে ধেমালী কৰা নাই৷ তৰুণীৰ এই অনুৰোধ কোনো কাৰণতে মানি নল’লে ফটোগ্ৰাফাৰে৷ টকা উভতাই দিবলৈ পোনছাটেই অস্বীকাৰ কৰিলে ফটোগ্ৰাফাৰজনে৷ ফটোগ্ৰাফাৰজনে তৰুণীক উদ্দেশ্যি লিখিলে, ‘মই কাম কৰি আপোনাৰ পৰা মাননি লৈছো৷ ছবিসমূহ আপোনাক দিলো৷ মোক ছবি উভতাই নালাগে৷ আৰু মই আপোনাৰ টকা উভতাই দিব নোৱাৰিম৷’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *