‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

‘मंदिर वहीं बना है, जहां बनाने का संकल्प लिया था’, প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই যোগী আদিত্যনাথৰ উদাত্ত ভাষণত কেইবাটাও সংকল্প

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অপেক্ষাৰ অৱসান। সোমবাৰ ২২ জানুৱাৰী ভাৰতীয়ৰ বাবে ঐতিহাসিক দিন। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণপ্ৰতিষ্ঠা হ’ল ৰামৰ। ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰাণ পাই উঠিছে ৰামলালাৰ মূৰ্তি। উদ্বোধনৰ পাছতেই আৱেগবিহ্বল ভাষণ দিছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ ভাষণত কয়,’অযোধ্যাত ৰাম ৰাজত্ব প্ৰতিষ্ঠিত হ’ল।’ ইয়াৰোপৰি তেওঁ কয়, ‘পাঁচ দশকজোৰা অপেক্ষাৰ অন্ত পৰিল। পাৰ হৈ গৈছে পাঁচ শতক। শেষ হৈ গৈছে এটাৰ পাছত আনটো প্ৰজন্ম। কিন্তু আমি আমাৰ লক্ষ্যত অটল। আমি সংকল্প লৈছিলো, অযোধ্যালৈ ৰামক উভতাই আনিমেই। বিশ্বত সম্ভৱত এয়াই প্রথম যে কোনো দেশৰ এটা সংখ্যাগুৰু সম্প্ৰদায়ে নিজৰ দেশত নিজৰ আৰাধ্য দেৱতাৰ মন্দিৰ স্থাপন কৰিবৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিবলগা হৈছে।

ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত বিভেদ পাহৰি কান্ধত কান্ধ মিলাই ৰাম জন্মভূমি অন্দোলনৰ বাবে যুঁজ কৰিছিল বহু মানুহে। কৰসেৱকসকলৰ আত্মবলিদানৰ কথা আমি পাহৰি যাব নোৱাৰো। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশৰ সকলো শ্ৰেণী, সকলো বৰ্ণ, সকলো জাতিৰ মানুহে বিভেদ পাহৰি আগবাঢ়ি আহিছে। আমাৰ সংকল্পই আজি পূৰ্ণতা লাভ কৰিছে। মন্দিৰ ওহি বনা হে, যাহা বানানে কি সংকল্প কিয়া থা অৰ্থাৎ মন্দিৰ তাতেই নিৰ্মাণ হৈছে য’ত আমি বনোৱাৰ বাবে সংকল্প লৈছিলো।’

যোগীয়ে লগতে কয়, ‘আজি সকলো ৰাম ভক্তৰ মন প্ৰসন্ন। মনলৈ আহিছে ত্ৰেতা যুগ উভতি আহিছে। সমগ্ৰ দেশে এই দিনটোৰ বাবেই অপেক্ষা কৰি আছিল।’ ১৯৯০ চনত ৰাম মন্দিৰ আন্দোলনৰ সেই ভয়াৱহ দিনবোৰ সোঁৱৰি যোগীয়ে কয়, ‘এতিয়া আৰু সেই কলা দিনবোৰৰ দৰে ৰাস্তাত কোনোৱে গোলা-বাৰুদ নেদেখে। কোনোৱে বন্দুকৰ গুলীৰ শব্দ নুশুনে। কাৰফিউ নাথাকে। এতিয়া ইয়াত কেৱল শান্তি আৰু শান্তি। উজলি থাকিব দীপাৱলীৰ পোহৰ। এতিয়া ইয়াত দীপোৎসৱ নহয় হ’ব ৰামোৎসৱ। শ্ৰীৰামৰ নামেৰে সংকীৰ্তনেৰে ৰাজপথ মুখৰিত হ’ব। ৰামৰাজ্যত বিদ্বেষ নহয়, ৰামৰাজ্যত কেৱল ভালপোৱা থাকিব।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *