নিজেই নিজৰ শ্ৰাদ্ধ পাতিলে! কাৰ্ড চপাই ৭০০ লোকক ভোজ খুৱালে, তাৰ দুদিনৰ পাছতেই…

নিজেই নিজৰ শ্ৰাদ্ধ পাতিলে! কাৰ্ড চপাই ৭০০ লোকক ভোজ খুৱালে, তাৰ দুদিনৰ পাছতেই…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জীৱিত কালতেই নিজৰ শ্ৰাদ্ধ পাতিলে। শতাধিক লোকক মাতি খাদ্যও খোৱালে। এই শ্ৰাদ্ধ অনুষ্ঠানৰ দুটা দিন পাছত মৃত্যুক আঁকোৱালি ল’লে বৃ্দ্ধগৰাকীয়ে। ৭০ বছৰীয়া এইগৰাকী বৃদ্ধ উত্তৰপ্ৰদেশৰ বাসিন্দা আছিল। বৃদ্ধগৰাকীৰ নাম আছিল হাকিম সিং যাদৱ। উত্তৰপ্ৰদেশৰ মুনছি নগৰৰ বাসিন্দা আছিল হাকিম সিং যাদৱ। যাদৱ অকলশৰীয়া। তেওঁৰ শেষ বয়সত দায়িত্ব ল’বলৈ সন্তানো নাছিল।

আত্মীয়সকলৰ ওপৰতো ভৰষা নাছিল যাদৱৰ। যাদৱে সেয়ে নিজৰ শ্ৰাদ্ধ নিজেই কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। জীয়াই থাকোতেই তেওঁ আধা বিঘা মাটি বিক্ৰি কৰি দিয়ে। সেই ধনেৰে তেওঁ নিজৰ পিণ্ডদান কৰি ৭০০ লোকক ভোজো খুৱাই। কাৰ্ড চপাই গাওঁৰ মানুহৰ লগতে ব্ৰাহ্মণ সমাজকো নিমন্ত্ৰণ জনাইছিল। ১৩ দিনীয়া বিশেষ যজ্ঞও কৰিছিল। যাদৱৰ এই কাণ্ড দেখি গাঁৱৰ মানুহ আচৰিত হৈ পৰিছিল। বিভিন্ন সংবাদমাধ্যমে দাবী কৰিছিল যে, দীৰ্ঘ দিন ধৰি ভাতৃ আৰু তেওঁলোকৰ সন্তানসকলৰ সৈতে কিছু মনোমালিন্যও আছিল যাদৱৰ। তেওঁ জীৱিত কালত অভিযোগ দিছিল যে, ভাতৃৰ সন্তানে তেওঁক মাৰপিটো কৰিছিল। তেওঁৰ মাটি কাঢ়ি লোৱাৰো চেষ্টা চলাইছিল ভাতৃৰ পৰিয়ালে। যাদৱৰ ঘনিষ্ঠ মহলে জনোৱামতে তেওঁ জীয়াই থাকোতে তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ বাবেই শেষকৃত্যত উপস্থিত নাথাকিব বুলি এই সিদ্ধান্ত লয়। শ্ৰাদ্ধৰ দুদিন পাছতেই মৃত্যু হৈছে যাদৱৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *