‘দ্যা কেৰালা ষ্টৰী’ নহয়, কেৰালাৰ আন এক বিষাদ গাঁথা সামৰি অস্কাৰৰ দৌৰত চামিল, ‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’

‘দ্যা কেৰালা ষ্টৰী’ নহয়, কেৰালাৰ আন এক বিষাদ গাঁথা সামৰি অস্কাৰৰ দৌৰত চামিল, ‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চলিত বছৰত অস্কাৰৰ মঞ্চত উজলি উঠিছিল দক্ষিণী ছবি ‘RRR’, একাধিক মনোনয়নৰ পাছত বিগত মাৰ্চ মাহত একাডেমি এৱাৰ্ডছৰ মঞ্চত মৌলিক গীতৰ শিতানত ‘RRR’ৰ বিশেষ গীত নাটু নাটুৱে আজুৰি আনিছিল অস্কাৰ৷ বিশ্বৰ মঞ্চত ভাৰতীয় চিনেমাৰ গীতে এই শ্ৰেষ্ট সন্মান অৰ্জন কৰাক লৈ খুবেই সুখী দেশৰ চিনেমাপ্ৰেমী জনতা৷ তাৰপিছতেই দক্ষিণৰ চিনেমা ক্ষেত্ৰখনৰ কথা সকলোৰে মুখে মুখে৷ ২০২৪ ৰ অস্কাৰৰ দৌৰত আকৌ এবাৰ ভাৰতীয় চিনেমাৰ অফিচিয়েল এণ্ট্ৰী৷ এইবাৰো অস্কাৰৰ দৌৰত নামিছে দক্ষিণী ছবিয়েই৷ ভাৰতৰ পৰা নিৰ্বাচিত ছবিৰ ভিতৰত আছে কান্নাড়া ছবি পৰিচালক গিৰীশ কছৰবল্লীৰ ছবি৷ পৰিচালক গিৰীশৰ ‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’ ছবিখন অস্কাৰৰ দৌৰত চামিল হৈছে৷

‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’ৰ কাহিনী হৈছে ২০১৮ ৰ ভয়ংকৰ বানৰ সেই কাহিনী৷ দক্ষিণী ৰাজ্য কেৰালাত হোৱা ভয়ংকৰ বানৰ ছবি সেই চিনেমাত তুলি ধৰা হৈছে৷ ২০১৮ চনৰ আগষ্ট মাহত কেৰালাত ভয়ংকৰ বাবে তাণ্ডৱৰ সৃষ্টি কৰিছিল৷ চৰকাৰী পৰিসংখ্যা অনুযায়ী সেই বানত মৃত্যু হৈছিল ৪৮৩জনতকৈয়ো অধিক লোকৰ৷ নিখোজ হোৱাৰ তথ্যত আছিল ১৫জন৷ সেই ভয়াৱহ প্ৰাকৃতিক বিপৰ্যয়ৰ প্ৰেক্ষাপটক লৈয়েই নিৰ্মাণ হৈছে ‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’৷

বিপদৰ সেই সময়ত কেনেকৈ মানুহে মানুহৰ কাষত থিয় হৈছিল সেই জ্বলন্ত ছবি দেখুওৱা হৈছে চিনেমাখনত৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মালায়ালম অভিনেতা টোবিনো থমাছে৷ বক্স অফিচতো ছবিখন হীট৷ দেশৰ আগশাৰীৰ কেইবাগৰাকী চিনেমা সমালোচকেও ছবিখনৰ প্ৰশংসা কৰিছে৷ দেশত প্ৰশংসা বুটলি ‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’ এইবাৰ অস্কাৰৰ দৌৰত৷ বিশ্বৰ আগশাৰীৰ সমালোচকে ভাৰতীয় ছবিখন চাব, ছবিখনৰ সকলো দিশ খুটি নাটি চাই মন্তব্য কৰিব সেয়াই এখন ছবিৰ পৰিচালকৰ প্ৰাপ্তিও৷ অস্কাৰলৈ পঠিওৱা ছবিৰ তালিকাত পোনতে আছিল সুদীপ্ত সেনৰ বিতৰ্কিত ছবি ‘দ্যা কেৰালা ষ্টৰী’, এই দৌৰত আছিল ঘুমৰ, কৰণ জোহাৰৰ ৰকি ঔৰ ৰানী কি প্ৰেম কাহানী৷ কিন্তু সকলোবোৰক চেৰ পেলাই বিশেষভাৱে নিৰ্বাচিত হৈছে ‘২০১৮ঃ এভাৰগ্ৰীণ ইজ এ হিৰো’৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *