অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বলীউডত ভৰি দিয়াৰ পাছতেই বিবাহ। বিবাহো এলাপেছা ব্যক্তিৰ সৈতে নহয়। ১৯৯৮ চনত মাত্ৰ ২৫ বছৰ বয়সতে বিবাহৰ বান্ধোনত বান্ধ খাই মালাইকা আৰোৰা। দৰা ছলমান খানৰ ভাতৃ আৰবাজ খান। ছলমানৰ ভাতৃ আৰবাজৰ সৈতে ১৮ বছৰীয়া সংসাৰ মালাইকাৰ। কিন্তু লাহে লাহে সম্পৰ্কত যতি পৰে। দুয়োৰে বিচ্ছেদ হয়। বিচ্ছেদৰ পাছত আৰবাজ-মালাইকা দুয়ো নিজৰ ৰাস্তাত। মালাইকা-আৰবাজৰ সন্তানটোক লৈ কিন্তু দুয়োৱেই সমানে দায়িত্ব গ্ৰহণ কৰিছে। আৰবাজেও এগৰাকী বিদেশী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ পাতনি মেলে আনফালে মালাইকাই অভিনেতা অৰ্জূন কাপুৰৰ প্ৰেমত পৰে।

মালাইকাৰ প্ৰেম বলীউডৰ মুখ্য আলোচনাৰ ভিতৰত এটা। মালাইকাই তেওঁতকৈ কেইবাবছৰে সৰু অৰ্জুনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাকলৈ বহুতেই মালাইকাক সমালোচনাও কৰি আহিছে। কিন্তু সকলোবোৰ আঁতৰাই মালাইকাই প্ৰেমৰ লগতে পেছাগত জীৱনক আগুৱাই আগবাঢ়ি থাকিল। ৫০ বছৰীয়া মালাইকাৰ স্বাস্থ্য সচেতনতাৰ প্ৰশংসা নকৰাকৈ নোৱাৰি। ইফালে প্ৰায় প্ৰতি সময়তে কাষে কাষে থকা প্ৰেমিক অৰ্জুনেও প্ৰেমৰ সমান্তৰালকৈ তেওঁৰ পেছাগত দিশটোকো আগুৱাই নিয়াৰ কথা বহু সময়ত প্ৰকাশ কৰি আহিছে। মালাইকাতকৈ ১২ বছৰে সৰু অৰ্জুন। দুয়োৰে অপেন ছিক্ৰেট প্ৰেমত এইবাৰ দূৰত্ব আহিছে। ২০১৯ চনৰ পৰা ২০২৩ দীঘলীয়া সময়। ৫ বছৰীয়া প্ৰেমত যৱনিকা পৰিল বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা এই কথাৰ উত্তৰ এইবাৰ নিজেই দিছে মালাইকা আৰোৰাই।

মুখেৰে খুলি নকলেও এই সম্পৰ্ক যে শেষ তাৰ ইংগিত দিছে মালাইকাই। মালাইকাই তেওঁৰ ইনষ্টাগ্ৰামত অৰ্জুনৰ পৰিয়ালৰ প্ৰতিজন সদস্যকেই আনফ’ল কৰিছে। শ্ৰীদেৱীৰ মৃত্যুৰ পাছত বনি কাপুৰ আৰু দুই ভগ্নী খুশী আৰু জাহ্নৱীৰ সৈতে সম্পৰ্ক ভাল হৈছে অৰ্জুনৰ। অৰ্জুনৰ সম্পৰ্ক পৰিয়ালৰ সৈতে ভাল হোৱাৰ পাছতে মালাইকাইয়ো অৰ্জুনৰ পিতৃ আৰু দুই ভগ্নীক ফ’ল কৰিছিল। অৰ্জুনৰ ভগ্নী অংশুলা কাপুৰকো ইনষ্টাগ্ৰামত ফ’ল কৰিছিল মালাইকাই। কিন্তু শেহতীয়াভাৱে মালাইকাই সকলোকে আনফ’ল কৰিছে।

সম্প্ৰতি ইনষ্টাগ্ৰাম ষ্টৰী এটাত মালাইকাই লিখিছে, ‘সাহসৰ সৈতে জীৱনত আগবাঢ়িব লাগিব। অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস ৰাখিব লাগিব। যি কাষত থাকিব লাগে তেওঁ সদায়ে কাষত থাকিব।’ মালাইকাৰ পোষ্ট দেখা মাত্ৰকেই অনুৰাগীৰ ধাৰণা, মুখ নোখোলিলেও মালাইকাই পৰোক্ষভাৱে এই কথা অৰ্জুনক উদ্দেশ্যিয়েই দিছে। অৰ্জুনৰ সৈতে বিচ্ছেদৰ কথাকেই এই বাক্যশাৰীৰে মালাইকাই বুজাই দিছে। অৱশ্যে মালাইকাই এনেধৰণে পোষ্ট শ্বেয়াৰ কৰি আনফ’ল কৰিলেও অৰ্জুনে এতিয়ালৈ মালাইকাক আনফ’ল কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *