অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

অৰ্জুনৰ পূৰ্বে কৰ্ণই আছিল দ্ৰৌপদীৰ প্ৰথম প্ৰেম! জানক কৰ্ণ-দ্ৰৌপদীৰ সম্পৰ্ক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কৰ্ণ আছিল কুন্তীৰ কুমাৰী বয়সৰ সন্তান৷ লোকলজ্জাৰ পৰা বাচিবলৈ সূৰ্যপুত্ৰ কৰ্ণক জন্মৰ পাছতেই পানীত উটোৱাই দিয়ে কুন্তীয়ে৷ তাৰপিছতেই কুন্তীয়ে উটোৱাই দিয়া সেই সন্তানক ডাঙৰ কৰে অধিৰথ আৰু তেওঁৰ পত্নী ৰাধাই৷ ৰাজ পৰিয়ালৰ তেজ থাকিলেও তেওঁ ডাঙৰ হৈছিল সুতৰ ঘৰত সেয়ে কৰ্ণৰ পৰিচয় সূতপুত্ৰ৷ বিভিন্ন সময়ত সূতপুত্ৰ হৈয়েই লাঞ্চনা-গঞ্জনাও সহ্য কৰিবলগীয়া হৈছিল৷ বীৰ কৰ্ণক দাতা কৰ্ণ বুলিও কোৱা হয়৷ কাৰণ তেওঁ আছিল দানবীৰো৷

দ্ৰৌপদীৰ স্বয়ম্বৰ সভা

পাঞ্চাল ৰাজ্যৰ ৰজা পাঞ্চালৰ ৰাজকন্যা দ্ৰৌপদীৰ আৰু এটা নাম হৈছে পাঞ্চালী৷ যজ্ঞৰ জুইৰ পৰা জন্ম হৈছিল বাবে তেওঁৰ আন এক নাম যাজ্ঞসেনী৷ ভাৰত বংশৰ ভাগ্য পৰিবৰ্তন কৰাৰ উদ্দেশ্যেই জন্ম হৈছিল দ্ৰৌপদীৰ৷ দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত বহু ৰজা মহাৰজা আহিছিল৷ কিন্তু পাঞ্চাল ৰজাই চৰ্ত দিছিল যে পানীৰ মাজত প্ৰতিচ্ছবি চাই ওপৰত থকা মাছটোৰ চকু বিদ্ধ কৰাজনেই দ্ৰৌপদীৰ স্বামী হোৱাৰ যোগ্য বুলি ধৰা হ’ব৷ সেই স্বয়ম্বৰ সভাত উপস্থিত হৈছিল কৰ্ণও৷ কেইজনমান মহাভাৰত বিশেষজ্ঞৰ মতে বীৰ কৰ্ণক প্ৰথম দেখিয়েই ভাল লাগিছিল দ্ৰৌপদীৰো৷ কৰ্ণৰ ফালে স্মিত হৈ চাই হাঁহিও মাৰিছিল দ্ৰৌপদীয়ে৷

কৰ্ণক ভাল লাগিও কিয় অপমান কৰিছিল দ্ৰৌপদীয়ে?

দ্ৰৌপদীৰ মনৰ কথা বুজিবলৈ গৈ শ্ৰীকৃষ্ণ আগুৱাই আহে৷ কৰ্ণ যে সূতপুত্ৰ সেই কথা শ্ৰী কৃষ্ণই দ্ৰৌপদীক জনাই৷ ইয়াৰোপৰি দ্ৰৌপদীয়ে কৰ্ণৰ পত্নী হ’লে তেওঁ কেতিয়াও প্ৰাপ্যসন্মান লাভ নকৰিব সেই কথা মূৰত সোমাই দিয়ে দ্ৰৌপদীৰ৷ কৃষ্ণৰ পৰা এই কথা জানিয়েই মন সলনি হৈ পৰে দ্ৰৌপদীৰ৷ কৰ্ণই যেতিয়া মাছৰ চকু বিদ্ধ কৰিবলৈ উদ্যত হৈছিল তেতিয়াই দ্ৰৌপদীয়ে কয় যে সূতপুত্ৰৰ ডিঙিত তেওঁ বৰমালা নিপিন্ধাই৷

কৰ্ণক স্বয়ম্বৰ সভাত অপমান কৰিলেও কৰ্ণৰ প্ৰতি মনৰ নিভৃত কোণত থকা দুৰ্বলতা কিন্তু দূৰ নহ’ল৷ মহাভাৰতৰ কেইবাজনো বিশেষজ্ঞই এই কথা কৈ গৈছে৷ জাম্বুল আখ্যানত মহাভাৰতৰ এই অংশৰ সুন্দৰ বিশ্লেষণ কৰা হৈছে৷ দ্ৰৌপদীয়ে কৰ্ণক স্বামীবৰণ নকৰি অনুশোচনা কৰাৰ কথাও বহু গ্ৰন্থত উল্লেখ আছে৷ একাংশ গৱেষকে লিখিছে যে দ্ৰৌপদীয়ে অনুশোচনা কৰাৰ প্ৰধান কাৰণ হৈছে তেওঁক যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল তেতিয়া দ্ৰৌপদীয়ে কৰ্ণৰ কথাও সোঁৱৰিছিল৷ দ্ৰৌপদীয়ে ভাৱিছিল যে যদি তেওঁ কৰ্ণৰ পত্নী হ’লে দুঃশাসনে এই সাহস কাহানিও নকৰিলে হেতেন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *