কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দু পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় গুপ্ত নৱৰাত্ৰি। ৯ফেব্ৰুৱাৰী শুকুৰবাৰে মৌনি অমাবস্যা পালনৰ পাছতেই ১০ফেব্ৰুৱাৰী শনিবাৰৰ পৰা আৰম্ভ হ’ব মাঘ গুপ্ত নৱৰাত্ৰি ২০২৪। এই সময়ত ৯ৰাতি ধৰি দেৱী দুৰ্গাৰ ৯ৰূপৰ আৰাধনা কৰা হয়। ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ১৮ফেব্ৰুৱাৰী পৰ্যন্ত চলিব গুপ্ত নৱৰাত্ৰি। বছৰত ৪বাৰ নৱৰাত্ৰি পালন কৰা হয়। তাৰ মাজতেই দুটা হৈছে প্ৰকাশ্য আৰু দুটা গুপ্ত।

চ’ত মাহত পালিত নৱৰাত্ৰি আৰু শাৰদীয় নৱৰাত্ৰি হৈছে প্ৰকাশ্য নৱৰাত্ৰি। চ’তৰ নৱৰাত্ৰিত বাঙালী সকলে বাসন্তী পুজা কৰে আৰু শাৰদীয় নৱৰাত্ৰিত পালন কৰা হয় শাৰদীয় দুৰ্গা পূজা। ইয়াৰোপৰি মাঘ আৰু আহাৰ মাহত পালিত হয় গুপ্ত নৱৰাত্ৰি। এই সময়ত মূলত তন্ত্ৰসাধকসকলে দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ আৰাধনা কৰে। এই বছৰ জ্যোতিষ অনুসৰি বিশেষ শুভ যোগত পালিত হ’ব গুপ্ত নৱৰাত্ৰি। জ্যোতিষ গণনাই কৈছে যে মাঘ গুপ্ত নৱৰাত্ৰিত দেৱী দুৰ্গাৰ আশীৰ্বাদ বৰ্ষিত হ’ব পাঁচ ৰাশিৰ জাতকৰ ওপৰত। সকলো কামতেই সুখ, সাফল্য আৰু সম্পদ লাভ কৰিব। ২০২৪ত মা দুৰ্গাৰ দয়াত এইকেইটা ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব।

মেষ ৰাশি
১০ ফেব্ৰুৱাৰীৰ পৰা ১৮ফেব্ৰুৱাৰীলৈকে গুপ্ত নৱৰাত্ৰিৰ এই ৯ দিন অত্যন্ত শুভ মেষ ৰাশিৰ জাতকৰ বাবে। আপুনি যদি মেষ ৰাশিৰ জাতক হয় তেতিয়া এই সময় কেৰিয়াৰত উন্নতিৰ যোগ আছে। মেষ ৰাশিৰ জাতকৰ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকেও নতুন চাকৰি লাভ কৰিব পাৰে। যিসকল এতিয়াও কৰ্মৰত তেওঁলোকৰ পদোন্নতি হ’ব পাৰে।

কন্যা ৰাশি
দেৱী দুৰ্গাৰ আশীৰ্বাদত গুপ্ত নৱৰাত্ৰিত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত চাকৰি আৰু ব্যৱসায়ত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব আপুনি। নতুন পোছাক আৰু গহনা কিনিব পাৰে কন্যা ৰাশিৰ জাতকে। ব্যৱসায়ত ডাঙৰ কোনো কামৰ সুযোগ পাব। পৰিয়াল আৰু বন্ধুৰ সৈতে খুব ভাল সময় কটাব। প্ৰিয় মানুহৰ পৰা কোনো বিশেষ উপহাৰ পাব পাৰে।

বৃশ্চিক ৰাশি
আপুনি বৃশ্চিক ৰাশিৰ জাতক হ’লে ভাগ্য খুলিব আপোনাৰ। দেৱী দুৰ্গাৰ কৃপাত কোনো সুখবৰ লাভ কৰিব পাৰে। কোনো সু-সংবাদ আপুনি পাব পাৰে। পাবলগীয়া ধন লাভ কৰিব। কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি এই সময়ত উন্নত হ’ব। হঠাৎ হাতলৈ ধন আহিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

মকৰ ৰাশি
কোনো আইনী জটিলতাত সোমাই থাকিলে গুপ্ত নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ আশীৰ্বাদত সকলো সমস্যা দূৰ হ’ব। ইয়াৰ ফলত মানসিকভাৱেও বহু শান্তি পাব মকৰ ৰাশিৰ জাতকে।
পৰিয়ালৰ সৈতে ফুৰিবলৈকো যাব পাৰে। তীৰ্থযাত্ৰালৈকো যোৱাৰ সম্ভাৱনা আছে। আনন্দমনেৰে সময় কটাব। আৰ্থিক লাভ হোৱাৰো যোগ আছে।

মীন ৰাশি
আপুনি মীন ৰাশিৰ জাতক হ’লে মা দুৰ্গাৰ আশীৰ্বাদত কোনো বৃহৎ সমস্যাৰ সমাধান এই সময়ত হ’ব পাৰে। নিজৰ বুদ্ধিৰ বলত সকলো সমস্যাৰ পৰাই মুক্তি লাভ কৰিব পাৰে। বিশেষ কোনো ব্যক্তিৰ সহায়ত আপুনি ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত শুভ।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *