মোদীৰ আত্মবিশ্বাস বাঢ়িলেও মধ্যপ্ৰদেশত কৰ্মী তেনেই নিৰাশ! টিকট পাই কৰ্মীয়ে ক’লে, ‘নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মোৰ এক শতাংশও ইচ্ছা নাই’

মোদীৰ আত্মবিশ্বাস বাঢ়িলেও মধ্যপ্ৰদেশত কৰ্মী তেনেই নিৰাশ! টিকট পাই কৰ্মীয়ে ক’লে, ‘নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মোৰ এক শতাংশও ইচ্ছা নাই’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ছমাহত ১৭ বাৰ মধ্যপ্ৰদেশ ভ্ৰমণ কৰি প্রধানমন্ত্ৰীয়ে কৈছে এইবাৰ মধ্যপ্ৰদেশত আকৌ বিজেপিয়েই চৰকাৰ গঠন কৰিব৷ শেহতীয়া ভূপাল ভ্ৰমণতো প্ৰধানমন্ত্ৰীৰ ৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম লৈ কটাক্ষ৷ মোদীৰ আত্মবিশ্বাস বাঢ়িলেও কৰ্মী তেনেই নিৰাশ৷ কেন্দ্ৰৰ বিজেপিয়ে জোৰ দিছে, কিন্তু মন সেমেকা গ্ৰাউণ্ড কৰ্মীৰ৷ প্ৰমাণ বেলেগকৈ নালাগে৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়েই দিছে ইয়াৰ প্ৰমাণ৷ এইবাৰ মধ্যপ্ৰদেশৰ ইন্দোৰৰ ১ নং বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে টিকট দিছে কৈলাশক৷ টিকট লাভ কৰি ঘৰত সোমাই থাকিলে নহ’ব৷ জনসভা কৰিবই লাগিব৷

সেয়ে ওলাই আহিয়েই কৈলাশ বিজয়বৰ্গীয়ে কৈছে, ‘নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মোৰ এক শতাংশও ইচ্ছা নাই৷ মনেৰে মই এই প্ৰতিদ্বন্দিতা কৰি একেবাৰেই সুখী নহয়৷ দলে টিকট দিছে বাবেহে বাধ্য হৈ ওলাই আহিছো৷ দিনে আঠখন সভাৰ বাবে প্ৰস্তুতি চলাই আছিলো৷ এনেকুৱা ঠাইলৈ যাবলৈ প্ৰস্তুতি চলাইছিলো যাতে হেলিকপ্টাৰেৰে যাওঁ৷ হেলিকপ্টাৰত উঠি প্ৰচাৰ চলোৱাৰ ইচ্ছা মনতে পুঁহি ৰখা কৈলাশ বিজয়বৰ্গী টিকট পাই একেবাৰেই নিৰাশ৷ https://x.com/SupriyaShrinate/status/1707000586560806941?s=20

বিজয়বৰ্গীৰ মতে, নিৰ্বাচন খেলিবলৈ এটা মন লাগে৷ সেই মন তেওঁৰ একেবাৰেই শেষ হৈ গৈছে৷ কৰোবাত কাৰোবাৰ হৈ ভাষণ দিয়াত কোনো অসুবিধা নাই যদিও এনেকা আৰু নিৰ্বাচন খেলাৰ মন নাই৷’

মন থাকক নাথাকক দলে টিকট দিছে যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবই লাগিব৷ বিজেপিয়ে মধ্যপ্ৰদেশত ঢাক-ঢোল কোবালেও ভিতৰৰ কৰ্মীসকলৰ মনত আৰু পূৰ্বৰ উছাহ নাই৷ কৈলাশ বিজয়বৰ্গীয়েও কেইবাটাও সাক্ষাৎকাৰত জনোৱামতে এইবাৰৰ নিৰ্বাচন তেঁওলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়৷ ২৪হে বিজেপিৰ প্ৰধান লক্ষ্য৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *