মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম হ’লে ৫৫বছৰ বয়সতো চৰকাৰী চাকৰি পাব পাৰি…

মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম হ’লে ৫৫বছৰ বয়সতো চৰকাৰী চাকৰি পাব পাৰি…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ চাকৰি পাবলৈ হলে এতিয়া মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম হব লাগিব- এনেদৰে কঠোৰ ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকাসৰকা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। নলবাৰীত চি পি আই (এম)ৰ বিশাল গণজাগৰণ সমাবেশত অংশ লৈ এইদৰে কঠোৰ ভাষাৰে সমালোচনা কৰে যুৱ নেতাগৰাকীয়ে।

প্ৰায় এক সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা গনজাগৰণ সমাবেশত উপস্থিত সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জ্যেষ্ঠ চি পি আই এম নেতা হেমেন দাস প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতা। মঙলবাৰে অনুষ্ঠিত উক্ত সভাত জ্যেষ্ঠ চি পি আই এমৰ নেতা হেমেন দাসে প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ভাষণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে আৰু কয় যে – এতিয়া চৰকাৰী চাকৰি পাবলৈ হ’লে মুখ্যমন্ত্ৰীৰ সমষ্টিত জন্ম পাব লাগিব৷ তেতিয়া ৫৫ বছৰ হলেও চৰকাৰী চাকৰি পাব বুলি মন্তব্য কৰে৷

ইপিনে বৰপেটা লোকসভা সমষ্টিক লৈ তৎপৰ হৈছে চি পি আই এম। মিত্ৰজোঁটৰ উমৈহতীয়া মঞ্চই প্ৰাৰ্থীত্ব নিদিলেও বৰপেটা লোকসভাত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি চি পি আই এমৰ নেতৃত্বই সদৰি কৰে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *