পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  আজি ১০ মে অক্ষয় তৃতীয়াৰ ওপৰিও পালিত হ’ব পৰশুৰাম জয়ন্তীও৷ শাস্ত্ৰ অনুসৰি ত্ৰেতা যুগত অধৰ্মৰ হাতৰ পৰা সংসাৰক ৰক্ষা কৰিবৰ বাবে ব’হাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত ধৰাধামত আবিৰ্ভাৱ হৈছিল শ্ৰী বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ৷ জন্মৰ পাছতেই তেওঁৰ নাম ৰখা হৈছিল ৰাম৷ কিন্তু পৰবৰ্তীকালত মহাদেৱৰ পৰা পৰশু নামৰ এবিধ অস্ত্ৰ তেওঁ লাভ কৰে৷ সেয়ে পাছলৈ তেওঁৰ নাম হয়গৈ পৰশুৰাম৷ পৰশুৰামৰ পিতৃ আছিল ঋষি জমদগ্নি আৰু মাতৃ আছিল ৰেণুকা৷ ব্ৰাহ্মণৰ ঘৰত জন্ম হ’লেও তেওঁৰ শৰীৰত আছিল ক্ষত্ৰিয় তেজ৷ ১৭ বাৰকৈ  এই বিশ্বক তেওঁ নিঃক্ষত্ৰিয় কৰিছিল৷ কিন্তু বিষ্ণুৰ অন্যতম অৱতাৰ পৰশুৰামৰ সৈতে জড়িত হৈ আছে মাতৃহত্যাৰ পাপো৷ সেই পাপতেই তেওঁৰ হাতত লাগি ধৰিছিল এখন কুঠাৰ৷ সেই কুঠাৰ পাছলৈ কেনেকৈ তেওঁৰ হাতৰ পৰা সৰি পৰিছিল সেই কাহিনী জানি থওক৷

পৰশুৰামৰ মাতৃহত্যা

জমদগ্নি আৰু ৰেনুকাৰ পাঁচগৰাকী পুত্ৰৰ মাজত পৰশুৰাম আছিল সকলোতকৈ সৰু৷ এদিন ৰেনুকাই ৱপানী আনিবলৈ গংগাৰ তীৰলৈ যায়৷ তাতেই গন্ধৰ্বৰাজত তেওঁৰ পত্নীৰ সৈতে জলবিহাৰ কৰি থকা দেখা পায়৷ সেই দৃশ্য চাই চাইয়ে তেওঁ এনেকৈ বিভোৰ হৈ পৰে যে ঋষি জমদগ্নিৰ যজ্ঞৰ সময় পাৰ হৈ যায়৷ কিছু সময় পাছত যেতিয়া তেওঁৰ জ্ঞান উদয় হয় তেতিয়া লৰালৰিকৈ ঘৰলৈ উভতি আহে কিন্তু তেতিয়ালৈকে সময় পাৰ হৈ গৈছিল৷ ঋষি প্ৰচণ্ড খঙত ফাঁটি ঘৰতে বহি আছিল৷

খঙতে নিজৰ ডাঙৰ সন্তানক ঋষিয়ে মাতৃ বধৰ নিৰ্দেশ দিয়ে৷ কিন্তু পিতৃৰ কথা অমান্য কৰে জ্যেষ্ঠ পুত্ৰই৷ ইয়াৰ পাছতেই এজন এজনকৈ গোটেই কেইটা সন্তানক মাতি একেই নিৰ্দেশ দিয়ে জমদগ্নিয়ে৷ ডাঙৰ আটাইকেইটাই মাতৃক হত্যা কৰিবলৈ অস্বীকাৰ কৰে৷ শেষত কনিষ্ঠ পুত্ৰ পৰশুৰামত মাতি মাতৃক বধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ পিতৃৰ কথা মানি পৰশুৰামে তেতিয়া কুঠাৰেৰে মাতৃ ৰেনুকাৰ ডিঙি কাটি পেলাই৷

পিতৃৰ নিৰ্দেশ অমান্য কৰাৰ অপৰাধত জ্যেষ্ঠ চাৰি ভাতৃকো হত্যা কৰে পৰশুৰামে৷ কনিষ্ঠ পুত্ৰৰ এই কামত প্ৰসন্ন হৈ ঋষি জমদগ্নিয়ে তেওঁক বিশেষ বৰ দিয়ে৷ সেই বৰতেই নিজৰ মাতৃ আৰু ভাতৃৰ প্ৰাণ ঘূৰাই আনে পৰশুৰামে৷ মাতৃ আৰু ভাতৃৰ প্ৰাণ ঘূৰাই পালেও মাতৃহত্যাৰ পাপতেই কুঠাৰ পৰশুৰামৰ হাতত ৰৈ যায়৷ কেনেকৈ হাতৰ পৰা কুঠাৰ নমাব পাৰি তাৰ উপায় বিচাৰি হাবাথুৰি খাই পৰশুৰাম৷ জমদগ্নিয়ে তেতিয়া পৰশুৰামক উপদেশ দিয়ে যে কোনো তীৰ্থস্থানৰ পানীয়েহে তেওঁৰ এই পাপ মোছন কৰিব পাৰিব৷ পিতৃৰ কথা মানিয়েই নানান তীৰ্থ ঘূৰি  ফুৰি ব্ৰহ্মকুণ্ডত উপস্থিত হয় পৰশুৰাম৷ সেই ব্ৰহ্মকুণ্ডতেই পানী স্পৰ্শ কৰাৰ লগে লগে তেওঁৰ হাতৰ পৰা কুঠাৰখন সৰি পৰে৷

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *