হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! ভাগ্য নিৰ্ণয়ৰ যুঁজত নামিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! ভাগ্য নিৰ্ণয়ৰ যুঁজত নামিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আৰম্ভ হ’ল ৰাজ্যৰ লগতে উওৰ পূবৰ মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টি, মণিুপুৰৰ দুই সমষ্টি ক্ৰমে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ, মেঘালয়ৰ শ্বিলং আৰু তুৰা, মিজোৰামৰ এটা লোকসভা সমষ্টি, নাগালেণ্ড, অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ বাবে আৰম্ভ হৈছে নিৰ্বাচনী যুঁজ। আবেলি ৬বজালৈকে চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬২৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে ১৪৯১ জন পুৰুষ আৰু ১৩৪গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ৮গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰো। ২জন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী প্ৰাক্তন ৰাজ্যপালৰো ভাগ্য নিৰ্ণয় হ’ব এই নিৰ্বাচনত। ইতিমধ্যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে প্ৰাক্তন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *