ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, চূড়ান্ত হ’ব নিৰ্বাচনী ৰণনীতি

ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, চূড়ান্ত হ’ব নিৰ্বাচনী ৰণনীতি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, চূড়ান্ত হ’ব নিৰ্বাচনী ৰণনীতি

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত। সকলো দল ব্যস্ত হৈ পৰিছে নিজ নিজ দলৰ ৰণনীতি প্ৰস্তুতিত। সেই উদ্দ্যেশ্যই আজি ১৬ মাৰ্চ তাৰিখে ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। যথা সম্ভৱ এই বৈঠকতে চূড়ান্ত হ’ব দলটোৰ নিৰ্বাচনী ৰণনীতি।

দিনৰ ১১ বজাৰ পৰা বিজেপিৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব এই বৈঠক। বৈঠকত দলটোৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো বিষয়ববীয়াসহ সদ্য টিকট লাভ কৰা প্ৰাৰ্থী সকলো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান কৰা এই বৈঠকতে কিদৰে বিৰোধী ৰোধ কৰিব পাৰি তাৰেই কৌশল ৰচনা হ’ব । উল্লেখ্য যে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সমগ্ৰ দেশজুৰি ৫৪৫ খন আসনৰ ভিতৰত ৩৭০ খন আসন দখল কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *