আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- গান্ধী পৰিয়ালৰ বাবে, উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠিৰ দুখন লোকসভা আসন কেৱল আসন নহয় এয়া তেওঁলোকৰ সন্মানৰো প্ৰশ্ন৷ এক সূত্ৰই প্ৰকাশ কৰামতে এইবাৰ আমেঠিৰ পৰা ৰাহুল গান্ধী আৰু ৰায়বৰেলীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ১৯৮১ চনৰ বিশেষ ঘটনা এইবাৰ আমেঠিত পুনৰাবৃত্তি হ’ব বুলি প্ৰায়সংখ্যক কংগ্ৰেছীৰেই দাবী৷

বিজেপিয়ে ইতিমধ্যে আমেঠিৰ পৰা স্মৃতি ইৰাণীক টিকট প্ৰদান কৰিছে৷ কিন্তু কংগ্ৰেছে এই পৰ্যন্ত আমেঠি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰা নাই৷ বিজেপিৰ লগতে সাধাৰণ লোকৰ মাজত চলা সমীক্ষাত এই সমষ্টিত ৰাহুলে প্ৰতিদ্বন্দিতা কৰাটোৱেই খাটাং৷ কংগ্ৰেছ কৰ্মী আৰু স্থানীয় নেতাসকলৰো দাবী যে আমেঠিত ৰাহুলকেই লাগে৷

১৯৮১ত কি ঘটিছিল আমেঠিত?

১৯৮১ ৰ নিৰ্বাচনৰ সময়তো কংগ্ৰেছে আগতীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল৷ ১৯৮১ চনত ৰাজীৱ গান্ধীক মনোনীত কৰাৰ সময়ত দলটোৱে গোপনে ৰাখিছিল প্ৰাৰ্থীৰ নাম৷ মনোনয়ন দাখিলৰ পাছতহে স্পষ্ট হৈছিল প্ৰাৰ্থীৰ নাম৷ ১৯৮১ৰ উপনিৰ্বাচনৰ দৰেই এইবাৰো কংগ্ৰেছে ৰাহুল গান্ধীক প্ৰাৰ্থী কৰিলেও মনোনয়ন দাখিলৰ সময়তহে সেই কথা ৰাজহুৱা কৰিব৷

৩মে, মনোনয়ন দাখিলৰ অন্তিম দিন

আমেঠি লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে৷ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩মে আৰু প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৬মে৷ আমেঠি লোকসভাত ২৪ৰ ২০মে’ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বিজেপিৰ বাহিৰে আন দলবোৰে এই আসনৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *