মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

মহালয়াত সূৰ্যগ্ৰহণ, লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ! কি কি প্রভাৱ পৰিব জনমানসত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- গ্ৰহণ হ’ল এটা মহাজাগতিক ঘটনা৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গ্ৰহণ হৈয়েই থাকে৷ এই বছৰো দুটাকৈ সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ আছে৷ ইতিমধ্য এটা চন্দ্ৰগ্ৰহণ আৰু আৰু এটা সূৰ্যগ্ৰহণ সম্পন্ন হৈছে৷ আগন্তুক মাহত পৰিছে আনটো সূৰ্য আৰু চন্দ্ৰগ্ৰহণ৷ মাত্ৰ ১৫ দিনৰ ভিতৰতেই দুটাকৈ গ্ৰহণ হ’ব৷ মাত্ৰ ১৫ দিনৰ ভিতৰত হ’বলগা দুটা গ্ৰহণে নানান ক্ষেত্ৰত উল্লেখযোগ্য প্রভাৱ পেলাব বুলি জ্যোতিষীসকলে মন্তব্য কৰিছে৷ ২০২৩ চনৰ শেষৰটো সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কাৰণ হৈছে এই দুটা গ্ৰহণে বিশেষ দুটা দিনত পৰিছে৷ কাৰণ ১৪ অক্টোবৰৰ সূৰ্যগ্ৰহণৰ দিনটোতেই পৰিছে মহালয়া৷ আৰু তাৰ ঠিক ১৫ দিন পাছত অৰ্থাৎ ২৮ অক্টোবৰত লক্ষ্মীপূজাৰ নিশা আকৌ চন্দ্ৰগ্ৰহণ৷

মহালয়াত সূৰ্যগ্ৰহণ
মহালয়া মানেই দেৱী দূৰ্গা কৈলাশৰ পৰা নামি অহাৰ সময়৷ পিতৃতৰ্পণৰ সময়৷ মহালয়া বা সৰ্বপিতৃ অমাবস্যই লৈ আনে উৎসৱৰ বতৰা৷ কিন্তু এই বছৰ মহালয়াতেই পৰিছে সূৰ্যগ্ৰহণ৷ বিগত ১০০ বছৰত এয়া এক বিৰল ঘটনা৷ সূৰ্যৰ বলয়গ্ৰাস গ্ৰহণ কিন্তু ভাৰতৰ পৰা দেখা নাযাব৷ ভাৰতৰ পৰা দেখা নাযায় বাবেই পিতৃতৰ্পণৰ নিয়মত প্রভাৱ নপৰে বুলিও জনাইছে জ্যোতিষবীদসকলে৷ ভাৰতীয় সময়মতে নিশা ৮বাজি ৩০ মিনিটৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈ নিশা ২বাজি ১৫ মিনিটলৈ এই গ্ৰহণ থাকিব৷

লক্ষ্মীপূজাত চন্দ্ৰগ্ৰহণ
শাস্ত্ৰজ্ঞ পণ্ডিতসকলে জনোৱা অনুসৰি লক্ষ্মীপুজাত খণ্ডগ্ৰাস চন্দ্ৰগ্ৰহণ কেতিয়া হৈছিল শাস্ত্ৰজ্ঞসকলেও সঠিককৈ ক’ব নোৱাৰে৷ এইবাৰ ব্যতিক্ৰম৷ বিগত ৫০ বছৰত লক্ষ্মী পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ হোৱা নাই৷ পঞ্জিকা অনুসৰি লক্ষ্মীপুজাৰ দিনা ৰাতি ১ বাজি ৫৬ মিনিট পৰ্যন্ত থাকিব পুৰ্ণিমা তিথি৷ নিশা ১বাজি ৫ মিনিটত আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ৷ লক্ষ্মী পুজাৰ নিশা গ্ৰহণৰ পাছত গা ধোৱাটো শুভ বুলি জনাইছে জ্যোতিষশাস্ত্ৰই৷ ইয়াৰ ফলত মা লক্ষ্মীৰ আৰ্শীৰ্বাদত আপোনাৰ সংসাৰ ধনেৰে উপচি পৰিব৷ চন্দ্ৰগ্ৰহণ থাকিলেও সেইদিনা লক্ষ্মীপুজাৰ সকলোবোৰ নিয়মেই মানিব পাৰিব বুলি জনাইছে জ্যোতিষবীদসকলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *