ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেৱভূমিত হোৱা ঘটনাৰ পুনৰাবৃত্তি এইবাৰ ভূস্বৰ্গতো৷ ভয়ংকৰ বিপদ এইবাৰ জম্মু-কাশ্মীৰতো৷ জম্মু-কাশ্মীৰৰ ৰামবান জিলাত খহি পৰিছে বিশাল বিশাল অট্টালিকা৷ দেৱালসমূহো ফাটিবলৈ আৰম্ভ কৰিছে৷ ৰাস্তাঘাটসমূহো ভূমিকম্পত ফঁটাৰ দৰে ফাটিব ধৰিছে৷ ইতিমধ্যে জম্মু-কাশ্মীৰ সংযোগী পথো বন্ধ হৈ পৰিছে৷

ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা ৩৫০তকৈয়ো বেছি মানুহক নিৰাপদ আশ্ৰয় শিৱিৰলৈ লৈ যোৱা হৈছে৷ কিন্তু এই ভূমিস্খলনৰ কাৰণ কি? এই ভূমিস্খলন ৰোধ কৰিব পৰা যাবনে? বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ পেৰনত গাওঁত সৰ্বাধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ঘৰসমূহো ফাটিবলৈ আৰম্ভ কৰাৰ লগতে মাটিৰ ভিতৰলৈ ধীৰে ধীৰে সোমাই গৈছে অট্টালিকাসমূহ৷ এই অঞ্চলৰ ৬০তকৈয়ো অধিক ঘৰ ক্ষতিগ্ৰস্থ হোৱা বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে৷

এই ৬০টা ঘৰৰ ভিতৰত ৩০টাতকৈয়ো অধিক ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হৈছে৷ ১০টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছে৷ ৰামবানৰ এগৰাকী প্ৰাক্তন গাওঁ প্ৰধান কলস দেৱীয়ে এই সন্দৰ্ভত কয়, ‘বৃহস্পতিবাৰে সন্ধিয়া ৭বজাত প্ৰথমে এটা ৰাস্তা হঠাৎ ফাঁটি যোৱা দেখা পাইছিলো৷ ইয়াৰপাছতেই গোটেই ৰাস্তাটোৱেই বহি যায়৷ নিশা ১০-১১ বজাৰ ভিতৰত আমাৰ চকুৰ সন্মুখতে ৰাস্তাটো প্ৰায় এক ফুট তললৈ সোমাই যায়৷’

কেৱল ঘৰ আৰু পাহাৰেই ফাটিছে তেনে নহয়৷ শস্য খেতিৰো ব্যাপক ক্ষতি হৈছে৷ গ্ৰীড ষ্টেচন ক্ষতিগ্ৰস্থ হোৱাৰ বাবে বহু এলেকাত কৰ্তন কৰা হৈছে বিদ্যুৎ৷ পানীৰ পাইপলাইনো ক্ষতিগ্ৰস্থ হৈছে৷ প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি কমবেছি পৰিমানে ৩৫০গৰাকী ব্যক্তিক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে৷ তেওঁলোকৰ বাবে অন্য কোনো স্থানত স্থায়ী ব্যৱস্থা গঢ়ি তোলাৰ কথাও জনাইছে প্ৰশাসনে৷ ইতিমধ্যে সেই স্থানত ভূতত্ত্ববিদ আৰু জিঅলজিৰ এক্সপাৰ্টসকল উপস্থিত হৈ মাটি ফটাৰ কাৰণ বিচাৰি আৰম্ভ কৰিছে তদন্ত৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *