৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

৫জন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ! লাডাখৰ হাড়ভঙা ঠাণ্ডাত দুৰ্গম পাহাৰ ভাঙি আৰম্ভ হৈছে পুলিং অফিচাৰৰ যাত্ৰা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সমগ্ৰ দেশৰ ভিতৰত লাডাখ এনে এখন কেন্দ্ৰীয়শাসিত অঞ্চল য’ত নিৰ্বাচন পৰিচালনা কৰাটোও নিৰ্বাচন কমিছনৰ বাবে ডাঙৰ চেলেঞ্জ। সাধাৰণতে বৰফে ঢাকি ৰখা লাডাখৰ তাপমাত্ৰা প্ৰায় সময়তে মাইনাছতেই থাকে। এইবাৰ ১ লাখ ৮২ হাজাৰ ৫৭১ জন ভোটাৰৰ বাবে ৫৭৮ টা ভোটকেন্দ্ৰ তৈয়াৰ কৰা হ’ব। ইয়াৰ মাজতেই এনে এক ভোটকেন্দ্ৰ আছে তাত ভোটাৰৰ সংখ্যা কেৱলমাত্ৰ ৫জন। বৰফে ঢকা দুৰ্গম এলেকাত তম্বু তৰি নিৰ্মাণ কৰা হৈছে ভোটকেন্দ্ৰ। ২০ মেত লাডাখত ৫ম দফাত অনুষ্ঠিত হ’ব নিৰ্বাচন।

লাডাখত ভোটাৰৰ সংখ্যা কিমান?

লাদাখৰ মুখ্য নিৰ্বাচনী বিষয়া যতীন্দ্ৰ এম মাৰালকৰে এই সন্দৰ্ভত দিয়া বিবৃত্তিত উল্লেখ কৰা অনুসৰি লেহ আৰু কাৰ্গিল এই দুখন লাডাখৰ দুখন বিশেষ জিলা। এই কেন্দ্ৰীয়শাসিত এলেকাৰ পৰা এখন লোকসভা আসন আছে। এই লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ১,৮২,৫৭১ জন। ইয়াৰ মাজতেই পুৰুষ ভোটাৰৰ সংখ্যা ৯১হাজাৰ ৭০৩জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৯০ হাজাৰ ৮৬৮ জন। এওঁলোকৰ মাজত ১১১৮জন প্ৰতিবন্দী।

৭০৩০ জন  ভোটাৰ ১৮ৰ পৰা ১৯ বছৰীয়া। ১৫৭০ জন ৮৫বছৰৰ উৰ্ধৰ আৰু ৩৬জন ভোটাৰৰ বয়স ১০০তকৈ বেছি। কাৰাকোৰাম ৰেঞ্জৰ ছিয়াচেন হিমবাহৰ পৰা উত্তৰ-পশ্চিম হিমালয় পৰ্যন্ত বিস্তৃত লাডাখৰ অত্যন্ত ঠাণ্ডা পৰিবেশত লোকসভা নিৰ্বাচন পৰিচালনা কৰাও এক ডাঙৰ চেলেঞ্জ।

দুটা পৰিয়ালত ভোটাৰ মাত্ৰ ৫ জন

এই কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭৮ টা ভোটকেন্দ্ৰৰ ভিতৰত লেহ জিলাৰ ৱাৰছি গাওঁত এটা বিশেষ ভোটকেন্দ্ৰ তৈয়াৰ কৰা হৈছে। সম্পূৰ্ণ বৰফে ঢকা এই এলেকাত মাত্ৰ দুটা পৰিয়ালে বসবাস কৰে। দুই পৰিয়ালত ভোটাৰৰ সংখ্যা মাত্ৰ ৫জন। এই ৫ভোটাৰৰ ভোট সংগ্ৰহ কৰিবলৈ নিৰ্বাচন কমিছনে বৰফৰ চূড়া আৰু দুৰ্গম এলেকা পাৰ হৈ তাত ভোটকেন্দ্ৰ স্থাপন কৰিছে। সেই ভোটকেন্দ্ৰত ইমানেই ঠাণ্ডা যে গৰম কৰি ৰাখিবৰ বাবে হিটাৰৰ ব্যৱস্থা কৰা হৈছে। ভোটাৰৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থাও কৰা হৈছে এই ভোটকেন্দ্ৰত।

৫৭৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ৩৩টা চহৰত আৰু ৫৪৫টা গাওঁ এলেকাত। সমস্ত এলেকাই খুব ঠাণ্ডা। ঠাণ্ডাত ভোটাৰসকলক ঘৰৰ পৰা উলিয়াই অনাও ডাঙৰ চেলেঞ্জ। ভোটাৰৰ মাজত সচেতনতা বঢ়াবৰ বাবে বিভিন্ন কৰ্মসূচী আৰম্ভ কৰিছে কমিছনে। লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলত ভোট কেন্দ্ৰ যি স্থানত আছে সেই স্থানসমূহত ভোটগ্ৰহণকাৰী দল আৰু নিৰাপত্তা কৰ্মীসকলৰ বাবে পৰিবহণৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে। এতিয়াও বহু ৰাস্তা বৰফেৰেই ঢাক খাই আছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *