বহুতেই নাজানে এই তথ্য! এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

বহুতেই নাজানে এই তথ্য! এজন IAS অফিচাৰৰ মাহিলী দৰমহা কিমান?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰতিবছৰেই আমাৰ দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে IAS অফিচাৰ হোৱাৰ লক্ষ্যৰে পঢ়াশুনা কৰে। প্ৰতিবছৰেই প্ৰায় ১০ লাখ পৰীক্ষাৰ্থীয়ে UPSC পৰীক্ষাত বহে। ভাৰতৰ সকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ মাজত UPSC য়েই সকলোতকৈ কঠিন পৰীক্ষা। ১০ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ০.২ শতাংশ প্ৰাৰ্থীয়েহে UPSC পৰীক্ষাৰ তিনিটা ঢাপ পাৰ হ’ব পাৰে। ১০লাখ পৰীক্ষাৰ্থীৰ মাজত মাত্ৰ ২০০০ জনেহে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। এজন IAS অফিচাৰ মানেই দেশৰ সন্মানীয় এজন ব্যক্তি।

মাহিলী কিমান দৰমহা পায় IAS অফিচাৰসকলে?
সপ্তম পে কমিছনৰ হিচাপত এজন IAS অফিচাৰৰ মাহিলী বেতন ৫৬ হাজাৰ ১০০টকা। এজন IAS অফিচাৰে কিমান দিন ধৰি চাকৰি কৰি আছে তাৰ ওপৰতো দৰমহা নিৰ্ভৰশীল। বছৰী তেওঁলোকৰ বেতন বৃদ্ধি পায়। মাহিলী ১লাখ ৫০হাজাৰলৈকে দৰমহা লাভ কৰে এজন IAS অফিচাৰে। IAS অফিচাৰৰ ভাগ বেলেগ বেলেগো আছে। ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিছৰ কেইবাটাও ভাগ আছে। সেইসমূহৰ মাজত আছে জিলা শাসক, কমিছনাৰ, চীফ ছেক্ৰেটাৰী, কেবিনেট ছেক্ৰেটাৰী ইত্যাদি। IASৰ মাজত কেবিনেট ছেক্ৰেটাৰীৰ প’ষ্ট সকলোতকৈ ওপৰৰ। তেওঁলোকৰ বেছিক ছেলাৰী প্ৰায় ২লাখ ৫০ হাজাৰ টকা। এয়া কেৱল বেছিক পে’। অন্যান্য সা-সুবিধা যেনে মেডিকেল এলায়েন্স, যাতায়াত এলায়েন্সকে ধৰি একাধিক সা-সুবিধা লাভ কৰে। এই এলায়েন্সসমূহ যোগ হোৱাৰ ফলত দৰমহা আৰু বৃদ্ধি পায়। এই বেছিক পে’ৰ সৈতে ৮ৰ পৰা ২৪ শতাংশলৈ HRA যোগ হয়। মেডিকেল এলায়েন্সৰ সুবিধাসহ অইন বহু সুবিধা লাভ কৰে এইসকল অফিচাৰে। এজন IAS অফিচাৰে কাহানিও ঘৰৰ ভাড়াৰ বাবদ ধন খৰচ কৰিব নালাগে। ৰেংক অনুযায়ী IAS অফিচাৰৰ বাংলো থাকে। ইয়াৰোপৰি ৰান্ধনী, ছাফাইকৰ্মী, নিৰাপত্তাৰক্ষীও লাভ কৰে এইসকল অফিচাৰে। চৰকাৰীভাৱেই এওঁলোকে ফোন, লেপটপ, ড্ৰাইভাৰ লাভ কৰে IAS অফিচাৰসকলে।

IAS অফিচাৰ হ’বলৈ কি কি পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব?

IAS অফিচাৰৰ বাবে এজন ব্যক্তিৰ নূন্যতম শিক্ষাগত অৰ্হতা হ’ব লাগিব স্নাতক। স্নাতকৰ পাছতেই UPSC চিভিল ছাৰ্ভিছ পৰীক্ষাত বহিব পাৰে। প্ৰতি বছৰে UPSC চিভিল চাৰ্ভিছ পৰীক্ষাৰ আয়োজন কৰা হয় দেশত। প্ৰথমে প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত UPSC প্ৰিলিমছৰ বাবে আৱেদন কৰিব লাগে।

প্ৰিলিমছ কি?
UPSC পৰীক্ষাৰ প্ৰথম পৰ্যায়ক প্ৰিলিমছ বুলি কোৱা হয়। এই পৰীক্ষাত কেইবাটাও অপশ্ব্যনেল প্ৰশ্ন থাকে। ইয়াৰোপৰি প্ৰিলিমছ পৰীক্ষাত দুখন পেপাৰ থাকে। পেপাৰসমূহ হৈছে CSAT আৰু জেনেৰেল ষ্টাডিছ১। ২০০ নম্বৰ থাকে প্ৰতিখন পেপাৰত। কোৱালিফাইং টাইপৰ হয় CSAT পেপাৰখন। আনহাতে জেনেৰেল ষ্টাডিছ ১ পেপাৰখন মেৰিট ৰেংকিঙৰ ওপৰত বনোৱা হয়।

IAS পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ক কোৱা হয় UPSC মেইনছ। প্ৰিলিমিনাৰি পৰীক্ষাত উত্তীৰ্ণসকলেহে UPSC মেইনছ পৰীক্ষা দিব পাৰে। UPSC মেইনছত থাকে মুঠ ৯খন পেপাৰ। ইয়াৰে দুখন অপশ্ব্যনেল পেপাৰ। IASমেইনছৰ বাবে মুঠ নম্বৰ হৈছে ১৭৫০। মুঠ ৪৮টা অপশ্ব্যনেল বিষয়ৰ পৰা যিকোনো এটা বিষয় বাছনি কৰি ল’ব পাৰে। মেইনছৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থীসকলে UPSC পৰীক্ষাৰ পেটাৰ্ণ আৰু UPSC-ৰ মেইনছ চিলেবাছ সম্পৰ্কে আগতেই জানি থব লাগে। যিসকল প্ৰাৰ্থীয়ে IAS পৰীক্ষাৰ তিনিটা ঢাপত উত্তীৰ্ণ হয় তেওঁলোকক IAS ট্ৰেনি হিচাপে নিয়োগ কৰা হয়। এজন IAS অফিচাৰে দুবছৰৰ প্ৰশিক্ষণ শেষ কৰিব লাগে। তাৰমাজৰ প্ৰথম চাৰিমাহ হৈছে ফাউণ্ডেছন কোৰ্চ। এই কোৰ্চ কৰোৱা হয় লাল বাহাদুৰ শাস্ত্ৰী নেশ্ব্যনেল একাডেমী অফ এডমিনিষ্ট্ৰেছনত। IAS প্ৰশিক্ষণ ছেচন শেষ হোৱাৰ পাছতহে প্ৰাৰ্থীসকলক IAS অফিচাৰ হিচাপে নিয়োগ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *