এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মহাভাৰতৰ যুদ্ধৰ পাছত ৩৬ বছৰ দ্বাৰকাত ৰাজত্ব কৰিছিল শ্ৰী কৃষ্ণই৷ তাৰপাছতেই দ্বাৰকাৰ পৰা ৫ কিঃমিঃ দূৰত গৈ বৈকুণ্ঠলৈ গমন কৰে শ্ৰী কৃষ্ণই৷ গান্ধাৰীৰ অভিশাপতেই তেতিয়া যদুবংশৰ ধ্বংস আৰম্ভ হৈছিল৷ যদুবংসৰ আত্মীয়সকলেই এজনে আনজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল৷ মদ্যপানত মত্ত হৈ পৰস্পৰে পৰস্পৰক মাৰধৰ কৰাও আৰম্ভ কৰিছিল৷ নিজৰ আত্মীয়সকলৰ মাজত এনে দুৰ্দশা দেখি ক্ষুদ্ধ হৈ কৃষ্ণই সোমনাথৰ কাষত গৈ ভলকা তীৰ্থলৈ বিশ্ৰামৰ বাবে যায়৷

সেই সময়তে প্ৰভাছ নদৰী তীৰবৰ্তী অঞ্চন জনপ্ৰিয় হৈ পৰে৷ সেই স্থানতেই পদধূলা পৰিছিল শ্ৰীকৃষ্ণৰ৷ জৰা নামৰ এটা অসুৰে সেই স্থানতেই শ্ৰীকৃষ্ণক আক্ৰমণ চলাইছিল৷ সেই স্থানৰ পৰা আঁতৰি গৈ শ্ৰীকৃষ্ণই দেহত্যাগ কৰে৷ শ্ৰীকৃষ্ণৰ মৃত্যুৰ লগে লগেই শেষ হৈ যায় দ্বাৰকানগৰী৷ দ্বাৰকানগৰী তথা যদুবংশ ধ্বংস হোৱাৰ আঁৰত আছে ২টা অভিশাপ৷ সেই অভিশাপতেই দেহত্যাগ কৰে শ্ৰীকৃষ্ণইয়ো৷ কিন্তু ক’ত কেনেকৈ মোক্ষলাভ কৰে শ্ৰী কৃষ্ণই? কাৰ অভিশাপে তচনচ কৰি পেলাইছিল যদু বংশক?

কেনেকৈ মৃত্যু হৈছিল শ্ৰীকৃষ্ণৰ?

বৰ্তমানৰ সোমনাথ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত আছে ভালকা তীৰ্থ৷ সেই স্থানতেই শ্ৰীকৃষ্ণই দেহত্যাগ কৰা বুলি প্ৰাচীন কেইবাখনো গ্ৰন্থত উল্লেখ আছে৷ কথিত আছে যে মদ্যপান, দুৰাচাৰত মত্ত যাদৱসকল ৰক্তপিপাসু হৈ উঠিছিল৷ আৰম্ভ কৰিছিল নৰসংহাৰ৷ যদুসকলৰ এই পৰিণতি দেখি ৰুষ্ট হৈ কৃষ্ণই সোমনাথ এৰি ৫ কিঃমিঃ দূৰৈত থকা ভলকা তীৰ্থৰ অশ্বত্থ গছৰ তলত থাকিবলৈ লয়৷ সোঁভৰিৰ ওপৰত বাওঁ ভৰি ৰাখি যোগাসনত বহে কৃষ্ণ৷ তাতেই জৰা নামৰ এটা অসুৰ সেই স্থানত উপস্থিত হয়৷ কৃষ্ণৰ ভৰিখনৰ হৰিণৰ মুখ ভাৱি তীৰ চলাই জৰাই৷ তীৰ মাৰি লাহে লাহে চিকাৰৰ কাষলৈ যায় জৰা৷ কিন্তু কাষত গৈ শ্ৰীকৃষ্ণক দেখা পায় লগে লগেই আঠুকাঢ়ি শ্ৰীকৃষ্ণক ক্ষমা খোজে জৰাই৷ তেতিয়াই শ্ৰীকৃষ্ণই জৰাক জনাই যে, তেওঁৰ নিজ ইচ্ছাতেই সকলো হৈছে৷

তাৰপাছতেই কৃষ্ণই জৰাক ক্ষমা কৰি দেহত্যাগ কৰে৷ যি স্থানত শ্ৰী কৃষ্ণক জৰাই তীৰ মাৰিছিল সেই স্থানকেই ভাল্লতীৰ্থ বা ভালকা তীৰ্থ নামেৰে নামকৰণ কৰা হয়৷ এই স্থানৰ পৰা কিছু দূৰতেই আছে ত্ৰিবেণী সংগম৷ ত্ৰিবেণী সংগমতেই শ্ৰীকৃষ্ণৰ দেহ দাহ কৰা হৈছিল৷ হিৰণ, কপিলা আৰু সৰস্বতীৰ মহাসংগমত দাহ কৰা হৈছিল শ্ৰীকৃষ্ণৰ শৰীৰ৷

কাৰ অভিশাপত ধ্বংস হৈছিল যদুবংশ?

যদু বংশৰ ধ্বংস আৰু কৃষ্ণৰ মৃত্যুৰ বাবে ২টা অভিশাপক দায়ী বুলি কোৱা হয়৷ মহাভাৰতৰ যুদ্ধত ১০০ পুত্ৰক হেৰুৱাই শ্ৰীকৃষ্ণক অভিশাপ দিছিল গান্ধাৰীয়ে৷ তেওঁ কৈছিল ৩৬ বছৰৰ পাছত যদুবংশত গৃহকন্দল আৰম্ভ হ’ব৷ আৰু এই কন্দলেই যদুবংশ শেষ কৰিব৷ গান্ধাৰীৰ অভিশাপতেই ৩৬ বছৰৰ পাছত এই গৃহকন্দল আৰম্ভ হৈছিল৷ নিজৰ মাজতেই খোৱা কামোৰা হৈ মৃত্যু হৈছিল যদুবংশৰ বহু লোকৰ৷ ভাগৱত পুৰাণ অনুসৰি কৃষ্ণৰ এজন পুত্ৰ ছাম্বাৰৰ মূৰত এটা দুষ্টবুদ্ধিয়ে ক্ৰিয়া কৰিছিল৷ তেওঁ এগৰাকী গৰ্ভৱতী মহিলাৰ বেশ ধৰি ঋষিসকলৰ সন্মুখত উপস্থিত হৈ তেওঁলোকক ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰে৷ এই কামত ক্ষু্দ্ধ হৈ ঋষিমুনিসকলে ছাম্বাক অভিশাপ দিয়ে যে তেওঁ সন্তান নহয় লোহাৰ তীৰ হে প্ৰসৱ কৰিব৷ যিয়ে কুল আৰু সাম্ৰাজ্যকেই ধ্বংস কৰি দিব৷

ঋষিৰ অভিশাপ শুনি ছাম্বাই ভয় খায়৷ তাৰপাছতেই তেওঁ উগ্ৰসেনক সমস্ত ঘটনা বিৱৰি কয়৷ উগ্ৰসেনে তেতিয়া তেওঁক কয় যে লোহাৰ তীৰটোক গুড়ি কৰি সমুদ্ৰত উটোৱাই দিব৷ ইয়াৰ পাছত তেওঁ অভিশাপৰ পৰা মুক্ত হ’ব৷ উগ্ৰসেনৰ কথামতেই ছাম্বাই তীৰটো চূৰ্ণ বিচূৰ্ণ কৰি নদীত উটোৱাই দিয়ে৷ ইয়াৰপাছতেই উগ্ৰসেনে ঘোষণা কৰে যে যাদৱ ৰাজ্যত মাদক উৎপাদন আৰু সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব৷

উগ্ৰসেনৰ এই ঘোষণাৰ পাছতেই অশনি সংকেতে দেখা দিয়ে দ্বাৰকাবাসীৰ মাজত৷ ইয়াৰ মাজতেই কৃষ্ণৰ সুদৰ্শন চক্ৰ, শংখ, ৰথ আৰু বলৰামৰ নাঙল অদৃশ্য হৈ পৰে৷ দ্বাৰকাত অপৰাধ আৰু পাপ বৃদ্ধি পাব ধৰে৷ তাকে দেখি কৃষ্ণ মানসিকভাৱে ভাঙি পৰে৷ সেয়ে আঁতৰি যৈ প্ৰভাছ নদীৰ তীৰত বহি পাপ প্ৰায়শ্চিত কৰাত নিজকে মনোনিৱেশ কৰে৷ শ্ৰীকৃষ্ণই এই স্থানতেই দেহত্যাগো কৰে৷ দেহত্যাগৰ সময়ত শ্ৰীকৃষ্ণৰ বয়স হৈছিল ১২৫ বছৰ৷ প্ৰচলিত কাহিনী অনুসৰি কৃষ্ণৰ ভৰিত যি তীৰে আঘাত কৰিছিল সেই তীৰ আছিল ছাম্বাৰ গৰ্ভৰ পৰা উৎপন্ন লোহাৰ তীৰপাতেই৷ এনেকৈ গান্ধাৰীৰ অভিশাপত শেষ হৈ গৈছিল এসময়ত দপদপাই থকা যদুবংশ৷ শ্ৰীকৃষ্ণৰ মৃত্যুৰ পাছতেই দ্বাৰকানগৰীও সমুদ্ৰতলিত ডুব  যায়৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *